Skip to content

বাইবেলখন মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ নেকি?

বাইবেলখন মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলখন পবিত্ৰ গ্ৰন্থ হিচাপেও জনাজাত আৰু ইয়াত বহুতো উপদেশ পোৱা যায়। বাইবেলে নিজৰ বিষয়ে কি দাবী কৰিছে তালৈ ধ্যান দিয়ক: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) এই দাবীৰ সত্যতাৰ বাবে বহুতো প্ৰমাণ আছে। পৰৱৰ্তী প্ৰমাণবোৰলৈ বিবেচনা কৰক:

  •   বাইবেলত বৰ্ণনা কৰা ঐতিহাসিকভাৱে মিল থকা ঘটনাবোৰৰ বিষয়ে কোনেও বৰ্তমানলৈকে প্ৰশ্ন কৰা নাই।

  •   বাইবেলৰ লেখকসকল সদাচাৰ আছিল আৰু তেওঁলোকে বিতংভাৱে সকলো কথা বৰ্ণনা কৰিছিল। তেওঁলোকৰ সত্যতা, তেওঁলোকৰ লিখনিত প্ৰকাশ পাইছে।

  •   গোটেই বাইবেলখনৰ এটা মূল বিষয় আছে: মানৱজাতিৰ ওপৰত ঈশ্বৰে শাসন কৰাৰ অধিকাৰক সমৰ্থন কৰা আৰু স্বৰ্গীয় ৰাজ্যৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰা।

  •   যদিও বাইবেলখন কেইবাহাজাৰ বছৰৰ আগত লিখা হৈছিল কিন্তু সেই সময়ত বহুলভাৱে প্ৰচলিত, ভুল বৈজ্ঞানিক ভাৱধাৰাৰ প্ৰভাৱত পৰা নাছিল।

  •   ইতিহাসে প্ৰমাণ কৰে যে বাইবেলত উল্লেখ কৰা ভৱিষ্যতবাণীবোৰ সম্পূৰ্ণৰূপে পূৰ হৈছে।