Skip to content

বাইবেলত উল্লেখ কৰা সংখ্যাবোৰৰ কিবা অৰ্থ আছে নেকি? সংখ্যা জ্যোতিষবিদ্যাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

বাইবেলত উল্লেখ কৰা সংখ্যাবোৰৰ কিবা অৰ্থ আছে নেকি? সংখ্যা জ্যোতিষবিদ্যাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলত উল্লেখ কৰা সংখ্যাবোৰ প্ৰায়ে আক্ষৰিক হিচাপে লʼব পাৰি, কিন্তু কেতিয়াবা কেতিয়াবা এইবোৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰা হয়। সাধাৰণতে, প্ৰসংগ অনুসৰি কʼব পাৰি যে কোনটো সংখ্যা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। বাইবেলত উল্লেখ কৰা কিছুমান সংখ্যাৰ প্ৰতীক কি হয়, তাৰ কেইটামান উদাহৰণ বিবেচনা কৰক:

  •   একতা। উদাহণস্বৰূপে, যীচুৱে তেওঁৰ শিষ্যসকলৰ বিষয়ে প্ৰাৰ্থনা কৰি কৈছিল যে তেওঁলোক “সকলো এক হয়; হে পিতৃ, তুমি যে মোক পঠালা, ইয়াক জগতে বিশ্বাস কৰিবলৈ, তুমি যেনেকৈ মোত, আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়।”​—যোহন ১৭:২১; মথি ১৯:৬.

  •   আইন ব্যৱস্থা অনুসৰি কোনো এটা বিষয়ৰ সত্যতা প্ৰমাণ কৰিবলৈ দুজন সাক্ষীৰ প্ৰয়োজন। (দ্বিতীয় বিবৰণ ১৭:৬) ঠিক সেইদৰে, কোনো এটা দৰ্শন অথবা উক্তি পুনৰাবৃত্তি হʼলে, বিষয়টো সত্য আৰু নিশ্চিত বুলি কʼব পাৰি। উদাহৰণস্বৰূপে, মিচৰৰ ৰজা ফৰৌণে দেখা সপোনটোৰ বিষয়ে যোচেফে এইদৰে কৈছিল: “ফৰৌণৰ আগত দুবাৰ সপোন দেখুৱাৰ ভাব এই, ঈশ্বৰৰ পৰা এই কথা নিশ্চয় কৰা হৈছে, আৰু ঈশ্বৰে তাক শীঘ্ৰে ঘটাবও।” (আদিপুস্তক ৪১:৩২) দানিয়েলে ‘দুটা শিঙৰ’ বিষয়ে ভৱিষ্যতবাণী কৰিছিল আৰু এই দুটা শিঙে মাদীয়া আৰু পাৰস্য সাম্ৰাজ্যৰ যুগ্ম শাসনক চিত্ৰিত কৰে।​—দানিয়েল ৮:২০, ২১; প্ৰকাশিত বাক্য ১৩:১১.

  •   যেনেকৈ তিনিজন ব্যক্তিয়ে দিয়া সাক্ষী সত্যতাৰ দৃঢ়তা প্ৰমাণ কৰে, ঠিক সেইদৰে কোনো এটা বিষয়ক তিনিবাৰকৈ উল্লেখ কৰিলে, তাৰ দৃঢ়তা বা গুৰুত্ব আৰোপ কৰা হয়।​—যিহিষ্কেল ২১:২৭; পাঁচনিৰ কৰ্ম্ম ১০:​৯-​১৬; প্ৰকাশিত বাক্য ৪:৮; ৮:​১৩.

  •   চাৰি সংখ্যাই এটা বস্তুৰ বা কোনো এটা কাৰ্য্যৰ সম্পূৰ্ণতা চিত্ৰিত কৰে। যেনে প্ৰকাশিত বাক্য কিতাপত ‘পৃথিবীৰ চাৰি চুকৰ’ বিষয়ে বৰ্ণনা কৰা হৈছে।​—প্ৰকাশিত বাক্য ৭:১; ২১:১৬; যিচয়া ১১:১২.

  •   সাতৰপৰা এক কম হʼলে ছয় হয় আৰু সাত সংখ্যাটোয়ে সম্পূৰ্ণতাক চিত্ৰিত কৰে। সংখ্যা ছয়ক, অসিদ্ধতা অথবা অসম্পূৰ্ণ অথবা ঈশ্বৰৰ শত্ৰুবিলাকৰ লগত জড়িত কৰা হয়।​—১ বংশাৱলি ২০:৬; দানিয়েল ৩:১; প্ৰকাশিত বাক্য ১৩:১৮.

  •   এই সংখ্যাক সম্পূৰ্ণতাক চিত্ৰিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, যিৰীহো নগৰৰ চাৰিফালে একেৰাহে সাতদিন ঘূৰিবলৈ আৰু সপ্তম দিনাখন নগৰৰ চাৰিওফালে সাতবাৰ ঘূৰিবলৈ ঈশ্বৰে ইস্ৰায়েলীসকলক আজ্ঞা দিছিল। (যিহোচূৱা ৬:​১৫) বাইবেলত সংখ্যা সাতৰ বিষয়ে বিভিন্ন উদাহৰণ দিয়া হৈছে। (লেবীয়া পুস্তক ৪:৬; ২৫:৮; ২৬:১৮; গীতমালা ১১৯:১৬৪; প্ৰকাশিত বাক্য ১:​২০; ১৩:১; ১৭:১০) নিজৰ ভাইবিলাকক ক্ষমা কৰাৰ বিষয়ে কোৱাৰ সময়ত যীচুৱে পিতৰক এইদৰে কৈছিল: “সাতবাৰলৈকে বুলি মই তোমাক নকওঁ কিন্তু সত্তৰ গুণ সাতবাৰলৈকে।” ‘সাতবাৰ’ কৰা পুনৰোক্তিয়ে কোনো কাৰ্য্যৰ “সীমা নথকাক” চিত্ৰিত কৰে।​—মথি ১৮:২১, ২২.

  •   ১০ এই সংখ্যাই কিবা এটা বিষয়ৰ পূৰ্ণ অৱস্থাক বা মুঠ পৰিমাণক চিত্ৰিত কৰে।​—যাত্ৰাপুস্তক ৩৪:২৮; লূক ১৯:১৩; প্ৰকাশিত বাক্য ২:​১০.

  •   ১২ এই সংখ্যাই ঐশ্বৰিক ব্যৱস্থাৰ পূৰ্ণতাক চিত্ৰিত কৰে। উদাহৰণস্বৰূপে, পাঁচনি যোহনে স্বৰ্গত থকা এখন নগৰৰ দৰ্শনত দেখিছিল যে সেই নগৰৰ “গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।” (প্ৰকাশিত বাক্য ২১:১৪; আদিপুস্তক ৪৯:২৮) বাৰৰ লগত পূৰণ কৰাকো একেই অৰ্থ চিত্ৰিত কৰে।​—প্ৰকাশিত বাক্য ৪:৪; ৭:​৪-৮.

  •   ৪০ ন্যায় বা শাস্তি দিয়াৰ সময়ছোৱাক সংখ্যা চল্লিছক জড়িত কৰে।​—আদিপুস্তক ৭:৪; যিহিষ্কেল ২৯:১১, ১২.

সংখ্যা জ্যোতিষবিদ্যা আৰু জেমেট্ৰিয়া

 বাইবেলত উল্লেখ থকা এই সংখ্যাবোৰৰ অৰ্থ, সংখ্যা জ্যোতিষবিদ্যাৰপৰা সম্পূৰ্ণ বেলেগ হয়। সাধাৰণতে সংখ্যা জ্যোতিষবিদ্যাত সংখ্যাবোৰৰ গুপ্ত অৰ্থ, সংখ্যাৰ সংযোজন, সংখ্যাবোৰৰ মুঠ পৰিমাণ আদি জড়িত আছে। উদাহৰণস্বৰূপে, যিহুদী কাবিলীস্টে (শাস্ত্ৰৰ গোপন অৰ্থ ব্যাখ্যা কৰাত নিপুণ লোকসকল) জেমেট্ৰিয়াৰ যোগেদি হীব্ৰু শাস্ত্ৰপদবোৰত সংখ্যাবোৰৰ গুপ্ত সাংকেতিক চিন বিচাৰিবলৈ চালি-জাৰি চাইছিল। সংখ্যা জ্যোতিষবিদ্যা হৈছে এক প্ৰকাৰৰ মংগল চোৱা আৰু এই কাৰ্য্যক যিহোৱা ঈশ্বৰে ঘৃণা কৰে।​—দ্বিতীয় বিবৰণ ১৮:১০-​১২.