যোহনে লিখা শুভবাৰ্তা ১৭:১-২৬

  • পাঁচনিসকলৰ লগত যীচুৰ শেষ প্ৰাৰ্থনা (১-২৬)

    • অনন্ত জীৱন পাবলৈ হʼলে ঈশ্বৰক জানিব লাগিব ()

    • খ্ৰীষ্টানসকল এই জগতৰ নহয় (১৪-১৬)

    • “তোমাৰ বাক্য সত্য” (১৭)

    • ‘মই তোমাৰ নাম জনালোঁ’ (২৬)

১৭  যীচুৱে এইবোৰ কথা কোৱাৰ পাছত স্বৰ্গৰ ফালে চাই কʼলে, “পিতৃ, সেই সময় আহি পৰিছে। নিজৰ পুত্ৰৰ মহিমা কৰা যাতে তোমাৰ পুত্ৰই তোমাৰ মহিমা কৰে। ২  তুমি তেওঁক সকলো মানুহৰ ওপৰত অধিকাৰ দিছা যাতে তুমি যিসকলক তেওঁক দিছা, সেই সকলোকে তেওঁ অনন্ত জীৱন দিব পাৰে। ৩  অনন্ত জীৱন পাবলৈ হʼলে তেওঁলোকে তোমাক অৰ্থাৎ একমাত্ৰ সত্য ঈশ্বৰক জানিব লাগিব আৰু তুমি যিজনক পঠাইছা, সেই যীচু খ্ৰীষ্টকো জানিব লাগিব।* ৪  তুমি দিয়া কাম পূৰ কৰি মই পৃথিৱীত তোমাৰ মহিমা কৰিলোঁ। ৫  এতিয়া হে পিতৃ মোক তোমাৰ ওচৰত সেই মহিমা দিয়া, যি জগতৰ সৃষ্টি হোৱাৰ আগতেই তোমাৰ লগত থকাৰ সময়ত মই পাইছিলোঁ। ৬  তুমি এই জগতৰ মাজৰ পৰা যিসকলক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ।* তেওঁলোক তোমাৰ আছিল আৰু তুমি তেওঁলোকক মোক দিলা আৰু তেওঁলোকে তোমাৰ বাক্য পালন কৰিলে। ৭  এতিয়া তেওঁলোকে গʼম পালে যে তুমি মোক যি যি দিছা, সেই সকলো তোমাৰ ফালৰ পৰা হয়। ৮  কিয়নো তুমি যি যি কথা মোক কৈছিলা, সেই সকলো মই তেওঁলোকক জনালোঁ। তেওঁলোকে এই কথাবোৰ গ্ৰহণ কৰিলে আৰু স্পষ্টকৈ জানিব পাৰিলে যে মই তোমাৰ ফালৰ পৰা আহিছোঁ আৰু তুমি মোক পঠাইছা বুলি তেওঁলোকে বিশ্বাস কৰিলে। ৯  মই তেওঁলোকৰ কাৰণে মিনতি কৰিছোঁ, মই জগতৰ কাৰণে মিনতি কৰা নাই। কিন্তু যিসকলক তুমি মোক দিলা, তেওঁলোকৰ কাৰণে কৰিছোঁ, কিয়নো তেওঁলোক তোমাৰ হয়। ১০  আৰু মোৰ সকলো তোমাৰ হয় আৰু যি তোমাৰ হয়, সেয়া মোৰ হয় আৰু তেওঁলোকৰ মাজত মোৰ মহিমা হৈছে। ১১  ইয়াৰ উপৰিও, এতিয়াৰ পৰা মই এই জগতত নাথাকিম, কিন্তু তেওঁলোকে এই জগততে থাকিব আৰু মই তোমাৰ ওচৰলৈ আহি আছোঁ। হে পবিত্ৰ পিতৃ, নিজৰ নামৰ কাৰণে যিসকলক তুমি মোক দিছা, তেওঁলোকৰ চোৱা-চিতা কৰা যাতে আমি যেনেকৈ এক হওঁ,* তেনেকৈ তেওঁলোকেও এক হয়।* ১২  যেতিয়া মই তেওঁলোকৰ লগত আছিলোঁ, তেতিয়া মই তোমাৰ নামৰ কাৰণে তুমি যিসকলক মোক দিছা, তেওঁলোকৰ চোৱা-চিতা কৰিছিলোঁ। মই তেওঁলোকৰ ৰক্ষা কৰিলোঁ আৰু তেওঁলোকৰ মাজৰ এজনো বিনষ্ট নহʼল, কেৱল বিনাশৰ লʼৰা বিনষ্ট হʼল যাতে শাস্ত্ৰত লিখা কথা পূৰ হয়। ১৩  কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহি আছোঁ আৰু এইবোৰ কথা মই জগতত থাকোঁতেই কৈছোঁ, কাৰণ যি আনন্দ মই পাইছোঁ, সেই আনন্দ তেওঁলোকেও যেন সম্পূৰ্ণৰূপে পায়। ১৪  মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ, কিন্তু জগতে তেওঁলোকক ঘৃণা কৰিলে। কিয়নো মই যেনেকৈ জগতৰ নহওঁ, তেনেকৈ তেওঁলোকো জগতৰ নহয়। ১৫  মই তোমাক এই মিনতি কৰা নাই যে তুমি তেওঁলোকক জগতৰ পৰা উলিয়াই নিয়া, ইয়াৰ পৰিৱৰ্তে এই মিনতি কৰিছোঁ যে তুমি তেওঁলোকক চয়তানৰ* পৰা ৰক্ষা কৰা। ১৬  মই যেনেকৈ জগতৰ নহওঁ, তেনেকৈ তেওঁলোক জগতৰ নহয়। ১৭  সত্যৰে তেওঁলোকক পবিত্ৰ কৰা। তোমাৰ বাক্য সত্য। ১৮  তুমি যেনেকৈ মোক জগতলৈ পঠালা, তেনেকৈ ময়ো তেওঁলোকক জগতলৈ পঠালোঁ। ১৯  আৰু মই তেওঁলোকৰ কাৰণে নিজকে পবিত্ৰ কৰিছোঁ যাতে তেওঁলোকেও সত্যৰ যোগেদি পবিত্ৰ হয়। ২০  মই কেৱল এওঁলোকৰ কাৰণে মিনতি নকৰোঁ, কিন্তু এওঁলোকৰ কথা শুনি মোক বিশ্বাস কৰা সকলোৰে কাৰণে মিনতি কৰোঁ ২১  যাতে সেই সকলোৱে এক হʼব পাৰে। হে পিতৃ, যিদৰে তুমি মোৰ লগত একতাত আছা আৰু মই তোমাৰ লগত একতাত আছোঁ, ঠিক সেইদৰে তেওঁলোকেও যেন আমাৰ লগত একতাত থাকে যাতে তুমি মোক পঠাইছা বুলি জগতে বিশ্বাস কৰে। ২২  মই তেওঁলোকক সেই মহিমা দিলোঁ, যি তুমি মোক দিছিলা যাতে তেওঁলোকেও এক হয়, যিদৰে আমি এক হওঁ। ২৩  মই তেওঁলোকৰ লগত একতাত আছোঁ আৰু তুমি মোৰ লগত একতাত আছা যাতে তেওঁলোকে সম্পূৰ্ণৰূপে এক হয়, যাৰ যোগেদি জগতে জানিব পাৰে যে তুমি মোক পঠাইছা আৰু তুমি মোক যেনেকৈ প্ৰেম কৰা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা। ২৪  হে পিতৃ, তুমি যিসকলক মোক দিছা, তেওঁলোকেও মোৰ লগত মই যʼত থাকিম, তাত থকাটো বিচাৰোঁ আৰু তুমি মোক যি মহিমা দিছা, সেই মহিমা যেন তেওঁলোকে চাবলৈ পায়, কাৰণ জগত সৃষ্টি হোৱাৰ আগৰে পৰা তুমি মোক প্ৰেম কৰিলা। ২৫  হে ন্যায়ৱান পিতৃ, জগতে সঁচাকৈ তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ আৰু তুমি মোক পঠাইছা বুলি এওঁলোকেও জানিলে। ২৬  মই তোমাৰ নাম তেওঁলোকক জনালোঁ আৰু আগলৈও জনাম যাতে যি প্ৰেম তুমি মোক কৰিলা, সেই প্ৰেম যেন তেওঁলোকৰ মাজতো থাকে আৰু মই তেওঁলোকৰ লগত একতাত থাকিম।”

Footnotes

বা “তোমাৰ আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান লৈ থাকিব লাগিব।”
বা “জনালোঁ।”
বা “একতাত থাকোঁ।”
বা “একতাত থাকে।”
আক্ষ., “সেই দুষ্ট।”