Skip to content

বাইবেলত ঈশ্বৰৰ চিন্তাধাৰা উল্লেখ আছে নেকি?

বাইবেলত ঈশ্বৰৰ চিন্তাধাৰা উল্লেখ আছে নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলৰ বহুতো লেখকে স্বীকাৰ কৰিছে যে তেওঁলোকে লিখা বিষয়বোৰ ঈশ্বৰে লিখিবলৈ তেওঁলোকক পৰিচালিত কৰিছিল। তলৰ উদাহৰণকেইটালৈ লক্ষ্য কৰক:

  •  ৰজা দায়ূদ: “মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা কলে, তেওঁৰ বাক্য মোৰ জিবাত আছিল।”—২ চমূৱেল ২৩:​১, ২.

  •  ভৱিষ্যতবক্তা যিচয়া: “বাহিনীবিলাকৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে।”—যিচয়া ২২:১৫.

  •  পাঁচনি যোহন: “যীচু খ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য।”—প্ৰকাশিত বাক্য ১:১.