Skip to content

যুৱক-যুৱতীসকলে সোধে

আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?

আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?

 যিহোৱাৰ সাক্ষীসকলে সপ্তাহত দুবাৰকৈ উপাসনাৰ স্থানত সভাৰ বাবে একগোট হয় আৰু এই উপাসনাৰ স্থানক ৰাজ্যগৃহ বুলি কোৱা হয়। এই সভাবোৰত কি হয়? আপুনি তাত উপস্থিত হʼলে কেনেকৈ লাভৱান হʼব পাৰে?

 ৰাজ্যগৃহত কি হয়?

 ৰাজ্যগৃহ এনে এখন ঠাই, যʼত বাইবেল আধাৰিত ব্যৱহাৰিক শিক্ষাবোৰ নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে শিকোৱা হয়। সভাবোৰত উপস্থিত হʼলে:

  •   ইশ্বৰৰ বিষয়ে সত্যতা জানিব পাৰিব।

  •   বিশ্বজুৰিত ঘটি থকা ঘটনাবোৰৰ কাৰণ জানিব পাৰিব।

  •   আপুনি এজন ভাল ব্যক্তি হʼব পাৰিব।

  •   আপুনি ভাল বন্ধু বিচাৰি পাব।

 আপুনি জানেনে? যিহোৱাৰ সাক্ষীসকলৰ সভা হোৱা ঠাইডোখৰক ৰাজ্যগৃহ বুলি কোৱা হয়। কিয়নো সেই ঠাইত বিশেষকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আলোচনা কৰা হয়।—মথি ৬:৯, ১০; ২৪:১৪; লূক ৪:৪৩.

 আপুনি তাত কিয় উপস্থিত হোৱা উচিত?

 ৰাজ্যগৃহত আলোচনা কৰা বিষয়বোৰে আপোনাক সহায় কৰিব পাৰে। যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰত আলোচনা কৰা বাইবেল আধাৰিত সিদ্ধান্তবোৰে আপোনাক “প্ৰজ্ঞা উপাৰ্জ্জন” কৰিবলৈ সহায় কৰিব পাৰে। (হিতোপদেশ ৪:৫) ইয়াৰ অৰ্থ হৈছে, জীৱনত সঠিক নিৰ্ণয় লʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে। ইয়াৰ উপৰিও, জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ সহায় কৰিব পাৰে। যেনে:

  •   জীৱনৰ উদ্দেশ্য কি?

  •   আমি ভুগি থকা দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ীনে?

  •   মৃত্যু হʼলে আমাৰ কি হয়?

 শনিবাৰ বা দেওবাৰে হোৱা সভাৰ ভাষণৰ কেইটামান বিষয় তলত দিয়া হৈছে:

  •   বাইবেলৰপৰা কিয় পৰামৰ্শ লোৱা উচিত?

  •   সমস্যাৰ সময়ত আপুনি কʼৰপৰা সহায় লাভ কৰিব পাৰে?

  •   ঈশ্বৰৰ ৰাজ্যই এতিয়া আমাৰ বাবে কি কৰিছে।

 “এদিনাখন আমাৰ সভালৈ মোৰ এজন সহপাঠী আহিছিল। তেওঁ আমাৰ পৰিয়ালৰ লগত বহিছিল আৰু তাত আলোচনা কৰা কিতাপবোৰ আমি তেওঁক দেখুৱাইছিলোঁ। সভাৰ পাছত তেওঁ মোক কʼলে যে শ্ৰোতাসকলে সভাত যিদৰে টিপ্পনী দিছিল, সেয়া দেখি তেওঁক খুব ভাল লাগিল। তেওঁ আৰু কʼলে যে আমাৰ সভাবোৰত যিদৰে আলোচনা কৰিবলৈ পত্ৰিকা ব্যৱহাৰ কৰা হয়, তেনেদৰে তেওঁলোকৰ গীৰ্জাত এনে কোনো পত্ৰিকা নাই।”—ব্ৰেণ্ডা।

 আপুনি জানেনে? ৰাজ্যগৃহত উপস্থিত হʼবলৈ কোনো টকা-পইচা লোৱা নহয় আৰু চান্দাও বিচৰা নহয়।

 ৰাজ্যগৃহত একগোট হোৱা লোকসকলৰ লগত সংগতি কৰিলে আপুনি উৎসাহিত হʼব। বাইবেলত কোৱা হৈছে যে সত্য খ্ৰীষ্টানসকলে একগোট হোৱাৰ কাৰণ হৈছে, তেওঁলোকে যাতে ‘পৰস্পৰে উদগাব’ পাৰে। (ইব্ৰী ১০:২৪, ২৫) এই জগতৰ বেছিভাগ লোকে কেৱল নিজৰ বিষয়ে চিন্তা কৰে। কিন্তু নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ বিষয়ে আৰু আনৰ বিষয়ে চিন্তা কৰা ব্যক্তিৰ লগত সংগতি কৰিলে আপুনি আনন্দিত হʼব।

 “গোটেই দিন কাম কৰি কেতিয়াবা কেতিয়াবা মই নিৰাশ হৈ পৰোঁ আৰু ভাগৰি পৰোঁ। কিন্তু ৰাজ্যগৃহলৈ গৈ লোকসকলৰ লগত সংগতি কৰি মোক ভাল লাগে। সভা শেষ হোৱাৰ পাছত যেতিয়া মই ঘৰলৈ উভতি আহোঁ, তেতিয়া মোক বহুত ভাল লাগে আৰু মই অনুভৱ কৰোঁ যে মই কালিৰ বাবে সাজু হৈ আছোঁ।”—এলিছা।

 আপুনি জানেনে? বিশ্বজুৰিত যিহোৱাৰ সাক্ষীসকলৰ ১,২০,০০০-তকৈ বেছি মণ্ডলী আছে আৰু ৬০,০০০-তকৈ বেছি ঠাইত সভা চলোৱা হয়। ৰাজ্যগৃহত অহা লোকসকলৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাবে প্ৰতিবছৰে গড় হিচাপত প্ৰায় ১,৫০০ টা ৰাজ্যগৃহ নিৰ্মাণ কৰা হয়। a

a সভাৰ ঠাই বিচাৰিবলৈ “যিহোৱাৰ সাক্ষীসকলৰ সভা” পেইজত ক্লিক কৰক আৰু “আপোনাৰ ওচৰৰ স্থান বিচাৰক” তাত ক্লিক কৰক।