মথিয়ে লিখা শুভবাৰ্তা ৬:১-৩৪

  • পাহাৰত দিয়া উপদেশ (১-৩৪)

    • আনক দেখুৱাবলৈ তেওঁলোকৰ ওচৰত সঠিক কাম নকৰিবা (১-৪)

    • প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে (৫-১৫)

      • আদৰ্শ প্ৰাৰ্থনা (৯-১৩)

    • লঘোন (১৬-১৮)

    • পৃথিৱী আৰু স্বৰ্গত ধন (১৯-২৪)

    • চিন্তা কৰিবলৈ এৰি দিয়া (২৫-৩৪)

      • ৰাজ্যক প্ৰথম স্থান দি থাকা (৩৩)

 সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তোমালোকে তেওঁলোকৰ আগত ভাল কাম নকৰিবা, যদি এইদৰে কৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়ে* তোমালোকক কোনো পুৰস্কাৰ নিদিব। ২  সেইবাবে, যেতিয়া তোমালোকে আনক সহায় কৰা,* তেতিয়া কপটীয়াবিলাকৰ দৰে আনক কৈ নুফুৰিবা,* তেওঁলোকে সভাঘৰ আৰু ৰাস্তাত প্ৰশংসা পাবলৈ এইদৰেই কৰে। মই তোমালোকক সঁচাকৈ কওঁ যে তেওঁলোকে মানুহৰ পৰা প্ৰশংসা পালে, কিন্তু ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। ৩  কিন্তু তোমালোকে যেতিয়া আনক সহায় কৰা, তেতিয়া তোমাৰ সোঁহাতে কি কৰে, বাওঁহাতক জানিবলৈ নিদিবা।* ৪  এইদৰে কৰিলে তোমাৰ দানৰ বিষয়ে কোনেও নাজানিব আৰু তোমাৰ সকলো কাম চাই থকা পিতৃয়ে* তোমাক পুৰস্কাৰ দিব। ৫  যেতিয়া তোমালোকে প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়াবিলাকৰ দৰে নকৰিবা, কিয়নো তেওঁলোকে সভাঘৰ আৰু ৰাস্তাত আনে দেখাকৈ প্ৰাৰ্থনা কৰি ভাল পায়। মই তোমালোকক সঁচাকৈ কওঁ যে তেওঁলোকে ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। ৬  কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া অকলে নিজৰ ঘৰৰ কোঠালীত গৈ দুৱাৰ বন্ধ কৰা আৰু নিজৰ পিতৃক প্ৰাৰ্থনা কৰা, যিজনক কোনেও দেখা নাপায়* আৰু তোমাৰ সকলো কাম চাই থকা পিতৃয়ে তোমাক পুৰস্কাৰ দিব। ৭  প্ৰাৰ্থনা কৰাৰ সময়ত তোমালোকে একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা, যিদৰে ঈশ্বৰক উপাসনা কৰিব নজনা লোকসকলে কৰে, কিয়নো তেওঁলোকে ভাবে যে এইদৰে কৰিলে ঈশ্বৰে তেওঁলোকৰ শুনিব। ৮  সেইবাবে, তেওঁলোকৰ দৰে নহʼবা, কিয়নো খোজাৰ আগতে তোমালোকৰ পিতৃয়ে জানে যে তোমালোকৰ কি প্ৰয়োজন আছে। ৯  সেইবাবে, তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা: ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পবিত্ৰ হওক। ১০  তোমাৰ ৰাজ্য আহক;* যেনেকৈ স্বৰ্গত তোমাৰ ইচ্ছা পূৰ হয়, তেনেকৈ পৃথিৱীতো হওক। ১১  আজিৰ আহাৰ আমাক দিয়া। ১২  যিদৰে আমি আমাৰ বিৰুদ্ধে পাপ কৰা লোকসকলক* ক্ষমা কৰিলোঁ, ঠিক সেইদৰে তুমিও আমাৰ পাপবোৰ* ক্ষমা কৰা। ১৩  বেয়া কাম কৰিবলৈ প্ৰলোভন আহিলে আমাক সহায় কৰিবা আৰু চয়তানৰ* পৰা আমাক বচোৱা।’ ১৪  যদি তোমালোকে আনৰ অপৰাধ ক্ষমা কৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়েও তোমালোকক ক্ষমা কৰিব। ১৫  কিন্তু তোমালোকে যদি আনৰ অপৰাধ ক্ষমা নকৰা, তেনেহʼলে স্বৰ্গত থকা পিতৃয়েও তোমালোকক ক্ষমা নকৰিব। ১৬  যেতিয়া তোমালোকে লঘোন* দিয়া, তেতিয়া মুখখন এনেদৰে নকৰিবা যাতে লোকসকলক লাগিব যে তোমালোকে লঘোন দিছা, যিদৰে কপটীয়াবিলাকে কৰে। মই তোমালোকক সঁচাকৈ কওঁ যে তেওঁলোকে ঈশ্বৰৰ পৰা কোনো পুৰস্কাৰ নাপাব। ১৭  কিন্তু তোমালোকে যেতিয়া লঘোন দিবা, তেতিয়া চুলিত তেল লগাবা আৰু মুখখন ধুবা। ১৮  এইদৰে কৰিলে তোমালোকে লঘোন দিছা বুলি লোকসকলে গʼম নাপাব, কেৱল স্বৰ্গত থকা পিতৃয়ে জানিব পাৰিব আৰু সকলো চাই থকা পিতৃয়ে তোমাক পুৰস্কাৰ দিব। ১৯  পৃথিৱীত ধন সাঁচিবলৈ বন্ধ কৰা, যʼত পোকে খায় আৰু মামৰে ক্ষয় কৰে আৰু চোৰে চুৰ কৰি নিয়ে। ২০  ইয়াৰ পৰিৱৰ্তে স্বৰ্গত ধন জমা কৰা, যʼত পোকে নাখায়, মামৰে ক্ষয় নকৰে আৰু চোৰেও চুৰ কৰি নিনিয়ে। ২১  কাৰণ যʼতেই তোমাৰ ধন, তʼতেই তোমাৰ মন হʼব। ২২  তোমালোকৰ চকু পোহৰৰ নিচিনা হয়। সেইবাবে, তোমাৰ চকু যদি ভাল বিষয়বোৰত লাগি থাকে,* তেনেহʼলে তোমাৰ গোটেই শৰীৰ উজ্জ্বল হʼব। ২৩  কিন্তু তোমাৰ চকু যদি বেয়া বিষয়বোৰত লাগি থাকে, তেনেহʼলে তোমাৰ গোটেই শৰীৰ অন্ধকাৰ হʼব। শৰীৰক উজ্জ্বল কৰা তোমাৰ চকুৱে যদি অন্ধকাৰত থাকে, তেনেহʼলে তোমালোক কিমান যে ঘোৰ অন্ধকাৰত থাকিবা। ২৪  কোনো দাসে দুজন মালিকৰ সেৱা কৰিব নোৱাৰে। যদি তেওঁ এজনক প্ৰেম কৰে, তেনেহʼলে আনজনক ঘিণ কৰিব আৰু যদি তেওঁ এজনৰ বিশ্বাসী হৈ থাকে, তেনেহʼলে আনজনক সন্মান নকৰিব। তোমালোকে ঈশ্বৰৰ সেৱা কৰাৰ লগতে ধন-সম্পত্তিক নিজৰ জীৱনত প্ৰথম স্থান দিব নোৱাৰা। ২৫  সেইবাবে, মই তোমালোকক কওঁ যে কি খাম, এই বুলি জীৱনৰ কাৰণে বা কি পিন্ধিম, এই বুলি শৰীৰৰ কাৰণে তোমালোকে চিন্তা কৰিবলৈ এৰি দিয়া। আহাৰতকৈ জীৱন আৰু কাপোৰতকৈ শৰীৰ গুৰুত্বপূৰ্ণ নহয় নে? ২৬  আকাশত উৰি ফুৰা চৰাইবোৰলৈ চোৱাচোন। সিহঁতে শস্য নিসিঁচে, নাদায় আৰু ভঁৰালতো জমা নকৰে, তথাপি স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে। তোমালোক সিহঁততকৈ মূল্যৱান নহয় নে? ২৭  তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও নিজৰ বয়স বঢ়াব পাৰে? ২৮  তোমালোকে কি পিন্ধিম বুলি কিয় চিন্তা কৰিছা? মুকলি পথাৰত ফুলা ফুলবোৰ* কেনেকৈ বাঢ়ে, তাৰ পৰা শিকা; সেইবোৰে পৰিশ্ৰম নকৰে বা কাপোৰো নবয়।* ২৯  কিন্তু মই তোমালোকক কওঁ যে যদিও চলোমনৰ ওচৰত বহুতো ধুনীয়া ধুনীয়া বস্তু আছিল, তথাপি তেওঁ নিজকে সেই ফুলবোৰৰ নিচিনা সজাব নোৱাৰিলে। ৩০  সেইবাবে পথাৰত হোৱা বনক, যি আজি আছে কাইলৈ জুইত* পেলোৱা হʼব, ঈশ্বৰে যদি সেইবোৰকো ইমান ধুনীয়াকৈ কাপোৰ পিন্ধাইছে, তেনেহʼলে হে কম বিশ্বাস কৰা লোকসকল, তেওঁ তোমালোকক নিপিন্ধাব নে? ৩১  সেইবাবে, তোমালোকে কি খাম বা কি পিন্ধিম, এই বুলি কেতিয়াও চিন্তা নকৰিবা। ৩২  কিয়নো যিসকলে ঈশ্বৰক নাজানে, তেওঁলোকে এই বস্তুবোৰৰ বিষয়ে দিনে-ৰাতিয়ে চিন্তা কৰে। কিন্তু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে জানে যে তোমালোকক এই বস্তুবোৰৰ প্ৰয়োজন আছে। ৩৩  সেইবাবে, তোমালোকে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া আৰু তেওঁৰ আজ্ঞা পালন কৰা। তাৰ পাছত এই সকলো বস্তু তোমালোকক দিয়া হʼব। ৩৪  সেইবাবে, কাইলৈৰ কাৰণে কেতিয়াও চিন্তা নকৰিবা। কিয়নো কাইলৈ বেলেগ চিন্তা থাকিব। আজিৰ কাৰণে আজিৰ চিন্তাই যথেষ্ট।

Footnotes

অৰ্থাৎ যিহোৱাই।
আক্ষ., “দান কৰা।”
আক্ষ., “নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা।”
বা “আনক নজনাবা।”
বা “গুপুতে দেখা তোমাৰ পিতৃয়ে।”
বা “যিজনে গুপুতে চায়।”
অৰ্থাৎ পৃথিৱীত ঈশ্বৰৰ চৰকাৰ হওক।
আক্ষ., “ধৰুৱা লোকসকলক।”
আক্ষ., “আমাৰ ধাৰ।”
আক্ষ., “সেই দুষ্টৰ।”
বা “উপবাস।”
বা “চকুৱে যদি স্পষ্টকৈ দেখা পায়।” আক্ষ., “নিৰ্মল হয়।”
বা “লিলী।”
আক্ষ., “সূতা নাকাটে।”
বা “জুই শালত।”