Skip to content

যুৱক-যুৱতীসকলে সোধে

বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ১: বাইবেলৰ বিষয়ে বেছিকৈ জানক

বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ১: বাইবেলৰ বিষয়ে বেছিকৈ জানক

 “মই বাইবেল পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু কেতিয়া শেষ হʼব বুলি ভাবিয়েই ভয় লাগিছিল।”—১৫ বছৰীয়া ব্ৰিয়ানা।

 আপুনিও এইদৰে ভাবেনে? যদি ভাবে, তেনেহʼলে এই লেখে আপোনাক সহায় কৰিব পাৰে।

  • বাইবেল কিয় পঢ়া উচিত?

  • মই বাইবেলখন কেনেকৈ পঢ়িব পাৰোঁ?

  • আপোনাৰ সমনীয়াই কি কয়?

বাইবেল কিয় পঢ়া উচিত?

 আপোনাক বাইবেল পঢ়ি আমনি লাগেনে? কিছুমান লোকক এইদৰেই লাগে। আপুনি হয়তো ভাবিব পাৰে, ‘বাইবেলখন বহুত ডাঙৰ কিতাপ। ইয়াত এহেজাৰতকৈ বেছি পৃষ্ঠা আছে আৰু কোনো ছবিও নাই। ইয়াৰ সলনি টিভি আৰু ভিডিঅʼ চোৱাই ভাল।’

 চিন্তা কৰক: যদি আপুনি ৰত্নৰে ভৰা এটা পুৰণি বাকচ পায়, তেনেহʼলে তাৰ ভিতৰত কি আছে, আপোনাক চাবলৈ মন নাযাবনে?

 বাইবেলখনো ৰত্নৰে ভৰা এটা পুৰণি বাকচৰ দৰে হয়। ইয়াত আপুনি বহুতো ৰত্ন পাব অৰ্থাৎ এনে কিছুমান পৰামৰ্শ লাভ কৰিব, যিবোৰে আপোনাক সহায় কৰিব। ইয়াৰ সহায়ত আপুনি

  •   সঠিক নিৰ্ণয় লʼব পাৰিব

  •   নিজৰ পিতৃ-মাতৃৰ লগত ভাল সম্পৰ্ক ৰাখিব পাৰিব

  •   প্ৰকৃত বন্ধু বিচাৰি পাব

  •   চিন্তাৰ সন্মুখীন হʼব পাৰিব

 বাইবেলখন পুৰণি হোৱাৰ সত্ত্বেও এয়া আমাৰ সময়ত ব্যৱহাৰিক। কিয় বাৰু? কিয়নো “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) ইয়াৰ অৰ্থ হৈছে বাইবেলখন এজন বুদ্ধিমান ব্যক্তিয়ে লিখাইছে।

বাইবেলখন এখন ৰত্নৰ বাকচ, যʼত জ্ঞানৰ অমূল্য ৰত্ন আছে

মই বাইবেলখন কেনেকৈ পঢ়িব পাৰোঁ?

 বাইবেল পঢ়াৰ এটা উপায় হৈছে আপুনি আৰম্ভণিৰপৰা শেষলৈকে পঢ়িব পাৰে। এইদৰে কৰিলে আপুনি বাইবেলৰ মুখ্য বিষয়টো বুজিব পাৰিব। আপুনি বিভিন্ন উপায়েৰে বাইবেল পঢ়িব পাৰে। ইয়াৰ দুটা উপায়লৈ মন কৰক:

  •    বাইবেলত ৬৬ খন কিতাপ আছে। আপুনি আদিপুস্তকৰপৰা প্ৰকাশিত বাক্যলৈকে ক্ৰম অনুসৰি পঢ়িব পাৰে।

  •    বাইবেলৰ ঘটনাবোৰ যি ক্ৰমত ঘটিছিল, সেই ক্ৰমত আপুনি বাইবেলখন পঢ়িব পাৰে।

 উপায়: নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰ অতিৰিক্ত লেখ ক৭-ত পৃথিৱীত থকাৰ সময়ত যীচুৰ লগত যি যি ঘটিছিল, সেইবোৰ ক্ৰম অনুসৰি উল্লেখ আছে।

 দ্বিতীয় উপায়টো হৈছে আপুনি যি সমস্যাৰ সন্মুখীন হৈছে, তাৰ লগত মিল থকা কোনো এটা বাইবেলৰ ঘটনা পঢ়িব পাৰে। উদাহৰণস্বৰূপে:

  •   আপুনি এজন বিশ্বাসী বন্ধু বিচাৰেনে? দায়ূদ আৰু যোনাথনৰ কাহিনীটো পঢ়ক। (১ চমূৱেল ১৮-২০ অধ্যায়) মন কৰক যে দায়ূদৰ এনে কি গুণ আছিল, যাৰ বাবে তেওঁলোকৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰিল।

  •   আপুনি প্ৰলোভনৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰে? যোচেফে প্ৰলোভনৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰিলে, সেই কাহিনীটো পঢ়ক। (আদিপুস্তক ৩৯ অধ্যায়) মন কৰক যে যোচেফে ভাল কাম কৰিবলৈ কʼৰপৰা সাহস লাভ কৰিলে।

  •   প্ৰাৰ্থনাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে, আপুনি জানিব বিচাৰেনে? এয়া জানিবলৈ নহিমিয়াৰ কাহিনীটো পঢ়ক। (নহিমিয়া ২ অধ্যায়) এই কাহিনীৰপৰা আপুনি কি শিকিব পাৰে, তাৰ বিষয়ে জানিবলৈ “ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে” নামৰ ক্ৰিয়াকলাপটো চাওক।

 উপায়: শান্ত পৰিৱেশত বাইবেল পঢ়ক, যাতে আপুনি মনোযোগ দিব পাৰে।

 বাইবেল পঢ়াৰ তৃতীয় উপায়টো হৈছে আপুনি কোনো এটা ঘটনা বাছনি কৰিব পাৰে বা গীতমালা কিতাপৰ কিছুমান পদ পঢ়িব পাৰে। আপুনি পঢ়া বিষয়বোৰ কেনেকৈ নিজৰ জীৱনত পালন কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। পঢ়াৰ পাছত তলত দিয়া প্ৰশ্নবোৰ নিজকে সুধিব পাৰে:

  •    যিহোৱাই এই কথাষাৰ বাইবেলত কিয় লিখালে?

  •    ইয়াৰপৰা মই যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ?

  •    এই কথাষাৰ মই নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰোঁ?

 উপায়: এটা লক্ষ্য ৰাখক। আপুনি বাইবেল পঢ়া আৰম্ভ কৰাৰ তাৰিখ, আমাৰ ৱেবছাইটত দিয়া “বাইবেল অধ্যয়নৰ তালিকা”-ত লিখি ৰাখিব পাৰে।