Skip to content

যুৱক-যুৱতীসকলৰ প্ৰশ্ন

সমকামিতা ভুল নে?

সমকামিতা ভুল নে?

 “মই যেনেকৈ ডাঙৰ হʼব ললোঁ, লৰাবোৰৰ প্ৰতি মোৰ আকৰ্ষণো বেছিকৈ বাঢ়িবলৈ ধৰিলে। মই ভাৱিছিলোঁ এইবোৰ মাত্ৰ অলপদিনীয়া, কিন্তু সেই মনোভাৱবোৰ এতিয়াও আছে।”—ডেভিড, ২৩.

 ডেভিড এজন খ্ৰীষ্টান হয় আৰু তেওঁ ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰে। কিন্তু যদি তেওঁ এইদৰে অনুভৱ কৰি থাকে তেনেহʼলে তেওঁ ঈশ্বৰৰ লগত এটা ভাল সৰ্ম্পক বজায় ৰাখিব পাৰিবনে? সমকামিতাৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি?

 পবিত্ৰ শাস্ত্ৰই ইয়াৰ বিষয়ে কি কয়?

 সংস্কৃতি আৰু সময়ৰ লগে-লগে, সমকামিতাৰ বিষয়ে লোকসকলৰ ধাৰণাও বেলেগ-বেলেগ হয়। কিন্তু খ্ৰীষ্টানসকল বিভিন্ন জনপ্ৰিয় মতামত আৰু “সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া” লোক নহয়। (ইফিচীয়া ৪:১৪) ইয়াৰ পৰিৱৰ্তে সমকামিতাৰ (বা ইয়াৰ লগত জড়িত থকা আন বিষয়বোৰৰ) বিষয়ে পবিত্ৰ শাস্ত্ৰত দিয়া সিদ্ধান্ত তেওঁলোকে পালন কৰিবলৈ চেষ্টা কৰে।

 সমকামিতাৰ বিষয়ে বাইবেলৰ সিদ্ধান্ত স্পষ্ট। ঈশ্বৰৰ বাক্যই এইদৰে কয়:

  •  “তুমি তিৰোতা মানুহৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা সেয়ে ঘিণলগীয়া কৰ্ম।”—লেবীয়া পুস্তক ১৮:২২.

  •  “ঈশ্বৰে সিহঁতৰ হৃদয়ৰ অভিলাষেৰেই সিহঁতক অশুচিতালৈ শোদাই দিলে . . . সিহঁতক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো সিহঁতৰ স্ত্ৰীলোকবিলাকে স্বাভাৱিক সঙ্গ এৰি স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে।”—ৰোমীয়া ১:২৪, ২৬.

  •  “তোমালোকে ভ্ৰান্ত নহবা; ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথুনী, চোৰ, লুভীয়া, মতলীয়া, নিন্দক, বা অপহাৰক, এইবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।”—১ কৰিন্থীয়া ৬:৯, ১০.

 প্ৰকৃততে, সমকামিতা ভাৱনায়ে হওঁক বা বিপৰীত লিঙ্গৰ প্ৰতি থকা ভাৱনায়ে হওঁক, ঈশ্বৰৰ সিদ্ধান্ত সকলোৰে বাবে একেই হয়। দৰাচলতে, ঈশ্বৰক অসন্তুষ্ট কৰা যিকোনো কামৰ পৰা নিজকে আতঁৰাই ৰাখিবলৈ আমি সকলোৱেই আত্মসংযম বজাই ৰখা উচিত।—কলচীয়া ৩:৫.

 ইয়াৰ অৰ্থ এইটোনে. . . ?

 ইয়াৰ অৰ্থ এইটোনে যে শাস্ত্ৰই সমকামী পুৰুষসকলক ঘিণ কৰে?

 নহয়। সমকামী পুৰুষ হওঁক বা বিপৰীত লিঙ্গৰ লোকেই হওঁক—বাইবেলে কেতিয়াও কাকো ঘিণ কৰিবলৈ উৎসাহিত নকৰে। ইয়াৰ পৰিৱৰ্তে, বাইবেলে লোকসকলৰ জীৱন-শৈলী যিয়ে নহওঁক কিয়, “সকলোৰে সহিত ঐক্য” বজাই ৰাখিবলৈ উৎসাহিত কৰে। (ইব্ৰী ১২:১৪) সেইবাবে, সমকামী লোকসকলক আমনি কৰা, ঘিণ কৰা, অত্যাচাৰ কৰা বা আন প্ৰকাৰেৰে বেয়া ব্যৱহাৰ কৰাটো ভুল হʼব।

 ইয়াৰ অৰ্থ এয়া নে যে খ্ৰীষ্টানসকলে সমকামিতা বিবাহক অনুমতি দিয়া আইনক বিৰোধ কৰা উচিত?

 বিবাহৰ প্ৰতি থকা ঈশ্বৰৰ সিদ্ধান্তৰ বিষয়ে বাইবেলে কয় যে বিয়া কেৱল এজন পুৰুষ আৰু এজনী তিৰোতাৰ মাজতেহে হোৱা উচিত। (মথি ১৯:৪-৬) যিহেতু, সমকামিতা বিবাহৰ বিষয়ে থকা আইনবোৰক লৈ বহুতো মতভেদ হৈছে। কিন্তু যদি আমি চালি-জাৰি চাওঁ এনেধৰণৰ বিবাহ মাত্ৰ এটা ৰাজনৈতিক বিষয়হে, নৈতিক বিষয় নহয়। বাইবেলে ৰাজনৈতিক বিষয়ে খ্ৰীষ্টানসকলক নিৰপেক্ষ হৈ থাকিবলৈ পৰামৰ্শ দিছে। (যোহন ১৮:৩৬) সেইবাবে, তেওঁলোকে সমকামিতা বিবাহৰ বিষয়ে থকা চৰকাৰী আইনক সমৰ্থন বা বিৰোধ নকৰে।

 কিন্তু কি হয় যদি . . . ?

 কিন্তু কি হয় যদি কোনো ব্যক্তিয়ে সমকামিতাত লিপ্ত থকা কামবোৰ এতিয়াও কৰি আছে? সেই ব্যক্তিজন পৰিৱৰ্তন হʼব পাৰেনে?

 হয়, যিহেতু প্ৰথম শতিকাত কিছুমানে নিজকে পৰিৱৰ্তন কৰিছিল! যিসকলে সমকামিতাৰ কামত লিপ্ত থাকে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ নকৰিব বুলি কোৱাৰ পাছত বাইবেলে এইদৰে কৈছে: “তোমালোক কোনো কোনো তেনেকুৱা লোক আছিলা।”—১ কৰিন্থীয়া ৬:১১.

 ইয়াৰ অৰ্থ এয়া নে যে যিসকলে সমকামিতা কামবোৰ এৰিলে তেওঁলোকৰ মনত সেই ভাৱনাবোৰ আৰু কেতিয়াও নাহিব? নহয়। কিয়নো বাইবেলে এইদৰে কৈছে, “যি নতুন পুৰুষ নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্ত্তিৰ দৰে, তত্ত্ব জ্ঞানৰ নিমিত্তে নতুন কৰা হব লাগিছে, তাক পিন্ধিলা।” (কলচীয়া ৩:১০) তেওঁলোক একেৰাহে নিজকে সলনি কৰি থাকিব লাগিব।

 যদি এজন ব্যক্তিয়ে ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ বিচাৰে কিন্তু তেওঁৰ সমকামিতা ভাৱনাৰ প্ৰতি এতিয়াও প্ৰবল ইচ্ছা আছে, তেনেহʼলে কি?

 আন বিষয়ৰ দৰে এই বিষয়তো সেই ব্যক্তিজনে নিজৰ ইচ্ছাবোৰক নিয়ন্ত্ৰণ কৰিব পাৰে নে নোৱাৰে, সেয়া তেওঁৰ নিজৰ হাততে আছে। কেনেকৈ বাৰু? বাইবেলে কৈছে: “তোমালোকে আত্মাৰে চলা; তাতে কোনোমতে তোমালোকে মাংসৰ অভিলাষ পূৰ নকৰিবা।”—গালাতীয়া ৫:১৬.

 ধ্যান দিয়ক, বাইবেলে এইটো কোৱা নাই যে এজন ব্যক্তিৰ কোনো মাংসিক অভিলাষ নাই। ইয়াৰ পৰিৱৰ্তে, বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাত লাগি থাকিবলৈ যদি এটা ভাল আধ্যাত্মিক তালিকা বনাই, তেনেহʼলে এনেধৰণৰ ইচ্ছাৰ পৰা যুঁজিবলৈ সাহস পাব।

 এই লেখৰ আৰম্ভণিতে উল্লেখ কৰা ডেভিড, সত্য কি তাক জানিব পাৰিলে। বিশেষকৈ, যেতিয়া তেওঁ নিজৰ বেয়া চিন্তা-ধাৰাৰ বিষয়ে পিতৃ-মাতৃক খুলি কʼলে। তেওঁ এইদৰে কৈছে, “মোৰ মূৰৰ পৰা যেন ডাঙৰ বোজা আতঁৰি গʼল। মই যদি আগতেই সেইবোৰ তেওঁলোকক কোৱা হʼলে, মোৰ ডেকা বয়সটো আৰু ভালদৰে পাৰ হʼলহেঁতেন।”

 অৱশেষত, আমি আনন্দিত হৈছিলোঁ কিয়নো আমি যিহোৱাৰ সিদ্ধান্তৰ মতে চলিব পাৰিলোঁ। আমি নিশ্চিত হʼব পাৰিলোঁ যে যিহোৱাৰ সিদ্ধান্তবোৰ “যথাৰ্থ, মনৰ আনন্দজনক” আৰু “সেইবোৰ পালন কৰিলে পৰম লাভ হয়।”—গীতমালা ১৯:৮, ১১.