যোহনে লিখা শুভবাৰ্তা ৮:১২-৫৯

  • পিতৃয়ে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে (১২-৩০)

    • যীচু “জগতৰ পোহৰ” হয় (১২)

  • অব্ৰাহামৰ বংশ (৩১-৪১)

    • “সত্যই তোমালোকক মুকলি কৰিব” (৩২)

  • চয়তানৰ সন্তান (৪২-৪৭)

  • যীচু আৰু অব্ৰাহাম  (৪৮-৫৯)

  ১২  যীচুৱে আকৌ এবাৰ লোকসকলক কʼলে, “মই জগতৰ পোহৰ হওঁ। যিজনে মোৰ পিছে পিছে আহে, তেওঁ কেতিয়াও অন্ধকাৰত নচলিব। কিন্তু জীৱনৰ পোহৰ তেওঁৰ লগত থাকিব।” ১৩  তেতিয়া ফৰীচীবিলাকে তেওঁক কʼলে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজেই নিজৰ বিষয়ে সাক্ষ্য দিয়া।” ১৪  যীচুৱে তেওঁলোকক কʼলে, “যদি মই নিজেই নিজৰ বিষয়ে সাক্ষ্য দিওঁ, তথাপি মোৰ সাক্ষ্য সত্য হয়। কিয়নো মই জানোঁ যে মই কʼৰ পৰা আহিছোঁ আৰু কʼলৈ গৈ আছোঁ। কিন্তু তোমালোকে নাজানা যে মই কʼৰ পৰা আহিছোঁ আৰু কʼলৈ গৈ আছোঁ। ১৫  তোমালোকে মানুহৰ দৃষ্টিৰে* ন্যায় কৰা, কিন্তু মই কাৰো ন্যায় নকৰোঁ। ১৬  আৰু যদি ন্যায়ো কৰোঁ, তেনেহʼলে মোৰ ন্যায় সত্য হয়। কিয়নো মই অকলশৰীয়া নহওঁ, কিন্তু মোক পঠোৱা মোৰ পিতৃ মোৰ লগত আছে। ১৭  তোমালোকৰ নিজৰ নিয়মতো লিখা আছে, ‘দুজন ব্যক্তিৰ সাক্ষ্য সত্য হয়।’ ১৮  এজন মই নিজেই হওঁ। মই নিজৰ বিষয়ে নিজেই সাক্ষ্য দিছোঁ আৰু দ্বিতীয়জন হৈছে মোৰ পিতৃ, যিজনে মোক পঠাইছে আৰু মোৰ বিষয়ে সাক্ষ্য দিছে।” ১৯  তেতিয়া তেওঁলোকে কʼলে, “কʼত আছে তোমাৰ পিতৃ?” যীচুৱে উত্তৰ দিলে, “তোমালোকে মোকো নাজানা আৰু মোৰ পিতৃকো নাজানা। তোমালোকে মোক জনা হʼলে, মোৰ পিতৃকো জানিলাহেঁতেন।” ২০  এই কথাবোৰ তেওঁ মন্দিৰৰ দান-পাত্ৰৰ ওচৰত শিকোৱাৰ সময়ত কৈছিল, কিন্তু কোনেও তেওঁক নধৰিলে। কিয়নো তেওঁৰ সময় এতিয়াও অহা নাছিল। ২১  যীচুৱে আকৌ এবাৰ তেওঁলোকক কʼলে, “মই গৈ আছোঁ আৰু তোমালোকে মোক বিচাৰিবা, কিন্তু তোমালোকে নিজৰ পাপতে মৰিবা। যʼলৈ মই গৈ আছোঁ, তাত তোমালোকে আহিব নোৱাৰা।” ২২  সেইবাবে, যিহূদীসকলে কʼবলৈ ধৰিলে, “ই আত্মহত্যা কৰিব নেকি? কিয়নো ই কৈ আছে, ‘যʼলৈ মই গৈ আছোঁ, তাত তোমালোকে আহিব নোৱাৰা।’” ২৩  সেইবাবে, যীচুৱে তেওঁলোকক কʼবলৈ ধৰিলে, “তোমালোক পৃথিৱীৰ আৰু মই স্বৰ্গৰ পৰা হওঁ। তোমালোক এই জগতৰ হোৱা, কিন্তু মই নহওঁ। ২৪  সেইবাবে, মই তোমালোকক কৈছিলোঁ যে তোমালোকে নিজৰ পাপতে মৰিবা। কিয়নো যদি তোমালোকে এই কথাৰ ওপৰত বিশ্বাস নকৰা যে মই সেইজনেই হওঁ, তেনেহʼলে তোমালোকে নিজৰ পাপতে মৰিবা।” ২৫  তেতিয়া তেওঁলোকে তেওঁক কʼবলৈ ধৰিলে, “তুমিনো কোন?” যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ লগত কথা পাতি কি লাভ, যদি তোমালোকে মোৰ কথা বুজিয়েই নোপোৱা?” ২৬  তোমালোকৰ বিষয়ে মই বহুতো কথা কʼবলগীয়া আছে আৰু বহুতো বিষয়ত ন্যায় কৰিবলগীয়া আছে। কিন্তু যিজনে মোক পঠাইছে, তেওঁ সত্য আৰু তেওঁৰ পৰা মই যি শুনিলোঁ, সেয়া মই জগতক কৈছোঁ। ২৭  যীচুৱে তেওঁলোকক পিতৃৰ বিষয়ে কৈ আছে বুলি তেওঁলোকে বুজি নাপালে। ২৮  সেইবাবে, যীচুৱে কʼলে, “যেতিয়া তোমালোকে মানুহৰ পুত্ৰক ওপৰত আঁৰি দিবা, তেতিয়া তোমালোকে জানিবা যে মই সেইজনেই হওঁ। মই নিজৰ ইচ্ছাৰে একো নকৰোঁ, কিন্তু পিতৃয়ে মোক যিবোৰ শিকালে, মই সেইবোৰেই জনাওঁ। ২৯  যিজনে মোক পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ এৰি দিয়া নাই। কিয়নো মই সদায় তেওঁ আনন্দিত হোৱা কামবোৰ কৰোঁ।” ৩০  যেতিয়া তেওঁ এইবোৰ কথা কৈ আছিল, তেতিয়া বহুতো লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। ৩১  তেতিয়া যীচুৰ ওপৰত বিশ্বাস কৰা যিহূদীসকলক তেওঁ কʼবলৈ ধৰিলে, “যদি তোমালোকে সদায় মোৰ শিক্ষাবোৰ পালন কৰা, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে তোমালোক মোৰ প্ৰকৃত শিষ্য। ৩২  তোমালোকে সত্যক জানিবা আৰু সত্যই তোমালোকক মুকলি কৰিব।” ৩৩  তেওঁলোকে যীচুক কʼলে, “আমি অব্ৰাহামৰ বংশৰ হওঁ আৰু কেতিয়াও কাৰো দাস হৈ থকা নাই। তেনেহʼলে তুমি কেনেকৈ কʼব পাৰিবা যে তোমালোকে মুকলি হৈ যাবা।” ৩৪  যীচুৱে তেওঁলোকক উত্তৰ দিলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যি কোনোৱে পাপ কৰে, তেওঁ পাপৰ দাস হয়। ৩৫  আৰু দাসে সদায় মালিকৰ ঘৰত নাথাকে, কিন্তু পুত্ৰ সদায় থাকে। ৩৬  সেইবাবে, পুত্ৰই যদি তোমালোকক মুকলি কৰে, তেনেহʼলে তোমালোকে সঁচাকৈ মুকলি হৈ যাবা। ৩৭  মই জানোঁ যে তোমালোক অব্ৰাহামৰ বংশৰ হোৱা। কিন্তু তোমালোকেই মোক হত্যা কৰিবলৈ চেষ্টা কৰি আছা, কিয়নো মোৰ শিক্ষা তোমালোকে গ্ৰহণ নকৰা। ৩৮  মই মোৰ পিতৃৰ লগত থাকি যি দেখিছোঁ, সেয়াই কওঁ। কিন্তু তোমালোকে তোমাৰ পিতৃৰ পৰা যি শুনিছা, সেইবোৰেই কৰা।” ৩৯  যিহূদীসকলে তেওঁক কʼলে, “আমাৰ পিতৃতো অব্ৰাহাম হয়।” যীচুৱে তেওঁলোকক কʼলে, “তোমালোক অব্ৰাহামৰ বংশৰ হোৱা হʼলে, তোমালোকে অব্ৰাহামৰ দৰে কাম কৰিলাহেঁতেন। ৪০  কিন্তু যিজনে ঈশ্বৰৰ পৰা সত্য শুনি তোমালোকক জনাইছে, সেইজনকে তোমালোকে হত্যা কৰিব বিচাৰিছা। অব্ৰাহামেতো এইদৰে কৰা নাছিল। ৪১  তোমালোকে নিজৰ পিতৃৰ দৰে কাম কৰা।” তেওঁলোকে কʼলে, “আমি অবৈধ* সন্তান নহওঁ। আমাৰ এজনেই পিতৃ আছে, তেওঁ হৈছে ঈশ্বৰ।” ৪২  যীচুৱে তেওঁলোকক কʼলে, “ঈশ্বৰ তোমালোকৰ পিতৃ হোৱা হʼলে তোমালোকে মোক প্ৰেম কৰিলাহেঁতেন। কিয়নো মই ঈশ্বৰৰ ফালৰ পৰা আহিছোঁ আৰু ইয়াত আছোঁ। মই নিজৰ ইচ্ছাৰে অহা নাই, কিন্তু তেৱেঁই মোক পঠাইছে। ৪৩  তোমালোকে মোৰ কথা কিয় বুজি পোৱা নাই? কাৰণ তোমালোকে মোৰ কথা শুনিবই নিবিচাৰা। ৪৪  তোমালোকৰ পিতৃ চয়তান* হয় আৰু তোমালোকে তোমালোকৰ পিতৃৰ ইচ্ছা পূৰ কৰিব বিচাৰা। সি আৰম্ভণিৰে পৰা হত্যাকাৰী আৰু সত্যত নাথাকিল। কিয়নো তাৰ ভিতৰত সত্য নাই। যেতিয়া সি মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ অনুসৰি কয়। কাৰণ সি মিছলীয়া আৰু মিছাৰ পিতৃ। ৪৫  কিন্তু মই তোমালোকক সত্য জনাওঁ, তথাপি তোমালোকে মোক বিশ্বাস নকৰা। ৪৬  তোমালোকৰ মাজৰ কোনে মোক পাপী বুলি প্ৰমাণ কৰিব পাৰে? আৰু যদি মই সঁচা কথা কৈছোঁ, তেনেহʼলে তোমালোকে মোক কিয় বিশ্বাস নকৰা? ৪৭  যিসকলে ঈশ্বৰৰ ফালৰ পৰা হয়, তেওঁলোকে ঈশ্বৰৰ কথা শুনে। কিন্তু তোমালোক ঈশ্বৰৰ ফালৰ পৰা নহয়, সেইবাবে, তোমালোকে মোৰ কথা নুশুনা।” ৪৮  যিহূদীসকলে তেওঁক কʼলে, “আমি সঁচাকৈ নকওঁ জানো যে তুমি এজন চমৰীয়া আৰু তোমাক দুষ্ট স্বৰ্গদূতে পাইছে?” ৪৯  যীচুৱে উত্তৰ দিলে, “মোক কোনো দুষ্ট স্বৰ্গদূতে পোৱা নাই। কিন্তু মই নিজৰ পিতৃক সন্মান কৰোঁ আৰু তোমালোকে মোক অনাদৰ কৰা। ৫০  মই নিজৰ মহিমা নিবিচাৰোঁ, কিন্তু এজন আছে, যিজনে বিচাৰে আৰু তেৱেঁই ন্যায়ী হয়। ৫১  মই তোমালোকক সঁচাকৈ কৈছোঁ, যদি কোনোৱে মোৰ বাক্য পালন কৰে, তেনেহʼলে তেওঁৰ কেতিয়াও মৃত্যু নহʼব।” ৫২  যিহূদীসকলে তেওঁক কʼলে, “এতিয়া আমি বুজি পাইছোঁ যে তোমাক সঁচাকৈ দুষ্ট স্বৰ্গদূতে পাইছে। অব্ৰাহামৰ মৃত্যু হʼল আৰু ভৱিষ্যবক্তাসকলৰো মৃত্যু হʼল। কিন্তু তুমি কৈছা, ‘যদি কোনোৱে মোৰ বাক্য পালন কৰে, তেনেহʼলে তেওঁৰ কেতিয়াও মৃত্যু নহʼব।’ ৫৩  তুমি আমাৰ পিতৃ অব্ৰাহামতকৈও মহান নে? তেওঁৰতো মৃত্যু হʼল আৰু ভৱিষ্যবক্তাসকলৰো মৃত্যু হʼল। তুমি নিজকে কোন বুলি ভাবিছা?” ৫৪  যীচুৱে উত্তৰ দিলে, “যদি মই নিজৰ মহিমা কৰোঁ, তেনেহʼলে মোৰ মহিমাৰ একো মূল্য নাই। মোৰ পিতৃয়ে মোৰ মহিমা কৰে, যিজনক তোমালোকে ঈশ্বৰ বুলি কোৱা। ৫৫  তথাপিও তোমালোকে তেওঁক নাজানা, কিন্তু মই তেওঁক জানোঁ। যদি মই তেওঁক নাজানোঁ বুলি কওঁ, তেনেহʼলে তোমালোকৰ নিচিনা মিছলীয়া হʼম। কিন্তু মই তেওঁক জানোঁ আৰু তেওঁৰ বাক্য পালন কৰোঁ। ৫৬  তোমালোকৰ পিতৃ অব্ৰাহামে মোৰ দিন চাবলৈ আনন্দেৰে আশা কৰি আছিল। সেই দিন তেওঁ দেখিলে আৰু বহুত আনন্দিত হʼল।” ৫৭  তেতিয়া যিহূদীসকলে তেওঁক কʼলে, “তোমাৰ বয়স ৫০ বছৰো হোৱা নাই, তথাপিও কৈছা মই অব্ৰাহামক দেখিলোঁ?” ৫৮  যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই অস্তিত্বত আছোঁ।” ৫৯  তেতিয়া তেওঁলোকে যীচুক মাৰিবলৈ শিল উঠাই লʼলে। কিন্তু তেওঁ লুকাই গʼল আৰু মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গʼল।

Footnotes

বা “মানদণ্ড অনুসৰি।”
বা “অনৈতিক শাৰীৰিক সম্পৰ্কৰ যোগেদি জন্ম হোৱা।” গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।