যোহনে লিখা শুভবাৰ্তা ১:১-৫১

  • বাক্য মানুহ হʼল (১-১৮)

  • যোহন বাপ্তিষ্মা দিওঁতাৰ সাক্ষ্য (১৯-২৮)

  • যীচু, ঈশ্বৰৰ ভেড়া পোৱালি (২৯-৩৪)

  • যীচুৰ প্ৰথম শিষ্যসকল (৩৫-৪২)

  • ফিলিপ আৰু নথনেল (৪৩-৫১)

 আৰম্ভণিতে* বাক্য* আছিল আৰু বাক্য ঈশ্বৰৰ লগত আছিল আৰু বাক্য এজন ঈশ্বৰ* আছিল। ২  তেওঁ আৰম্ভণিতে ঈশ্বৰৰ লগত আছিল। ৩  সকলো বস্তু তেওঁৰ যোগেদিহে অস্তিত্বত আহিল আৰু তেওঁৰ অবিহনে কোনো বস্তুৱেই অস্তিত্বত অহা নাই। ৪  তেওঁৰ যোগেদি জীৱন অস্তিত্বত আহিল আৰু তেওঁ মানুহৰ কাৰণে পোহৰ আছিল। ৫  এই পোহৰ আন্ধাৰত জিলিকি আছে, কিন্তু আন্ধাৰে তাক নুমুৱাব নোৱাৰিলে। ৬  ঈশ্বৰৰ ফালৰ পৰা পঠোৱা এজন মানুহ আহিছিল, তেওঁৰ নাম যোহন আছিল। ৭  এই মানুহজনে সাক্ষী হৈ আহিছিল যাতে সেই পোহৰৰ বিষয়ে সাক্ষ্য দিয়ে আৰু এইদৰে তেওঁৰ যোগেদি সকলো ধৰণৰ লোকে বিশ্বাস কৰে। ৮  এই মানুহজন নিজে সেই পোহৰ নাছিল, কিন্তু সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ আহিছিল। ৯  সকলো ধৰণৰ মানুহক পোহৰ দিয়া সেই সত্যৰ পোহৰ অতি সোনকালে এই জগতত আহিবলগীয়া আছিল। ১০  তেওঁ* জগতত আছিল আৰু তেওঁৰ যোগেদি জগত অস্তিত্বত আহিল, কিন্তু জগতে তেওঁক চিনি নাপালে। ১১  তেওঁ নিজৰ ঘৰলৈ আহিছিল, কিন্তু তেওঁৰ নিজৰ লোকসকলে তেওঁক গ্ৰহণ নকৰিলে। ১২  কিন্তু যিসকলে তেওঁক গ্ৰহণ কৰিলে, সেই সকলোকে তেওঁ ঈশ্বৰৰ সন্তান হʼবলৈ অধিকাৰ দিলে, কাৰণ তেওঁলোকে তেওঁৰ নামৰ ওপৰত বিশ্বাস কৰিছিল। ১৩  তেওঁলোকৰ জন্ম তেজেৰে বা শৰীৰৰ ইচ্ছাৰে আনকি কোনো মানুহৰ ইচ্ছাৰেও হোৱা নাছিল, কিন্তু ঈশ্বৰৰ ইচ্ছাৰে হৈছিল। ১৪  বাক্য মানুহ হʼল আৰু আমাৰ মাজত থাকিল আৰু আমি তেওঁৰ মহিমা দেখিলোঁ, সেই মহিমা যি একমাত্ৰ পুত্ৰই নিজৰ পিতৃৰ পৰা পায় আৰু তেওঁ ঈশ্বৰৰ কৃপা* আৰু সত্যতাৰে পৰিপূৰ্ণ আছিল। ১৫  (যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দিলে, হয় তেওঁ চিঞৰি কʼলে, “এওঁৱেই সেইজন, যিজনৰ বিষয়ে মই কৈছিলোঁ, ‘যিজন মোৰ পাছত আহিছে তেওঁ মোতকৈ আগ হʼল, কিয়নো তেওঁ মোতকৈ আগতে অস্তিত্বত আছিল।’”) ১৬  আমি সকলোৱে তেওঁৰ পৰা অধিক মাত্ৰাত মহা-কৃপা পালোঁ, যি তেওঁ নিজেই মহা-কৃপাৰে পৰিপূৰ্ণ। ১৭  কিয়নো মোচিৰ যোগেদি আমি নিয়ম পাইছিলোঁ, কিন্তু মহা-কৃপা আৰু সত্য আমি যীচু খ্ৰীষ্টৰ যোগেদি পালোঁ। ১৮  কোনো মানুহে ঈশ্বৰক কেতিয়াও দেখা নাই। একমাত্ৰ পুত্ৰই আমাক পিতৃৰ বিষয়ে বুজালে, যিজন ঈশ্বৰৰ নিচিনা হয়* আৰু পিতৃৰ একেবাৰে কাষত* আছে। ১৯  যোহনে এই সাক্ষ্য সেই সময়ত দিছিল, যেতিয়া যিহূদীসকলে যিৰূচালেমৰ পৰা পুৰোহিত আৰু লেবীসকলক যোহনৰ ওচৰলৈ এয়া সুধিবলৈ পঠিয়াইছিল যে “তুমি কোন হয়?” ২০  তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ নকৰিলে, ইয়াৰ পৰিৱৰ্তে তেওঁ কʼলে, “মই খ্ৰীষ্ট নহওঁ।” ২১  তাৰ পাছত তেওঁলোকে তেওঁক সুধিলে, “তুমি এলিয়া নে?” তেওঁ কʼলে, “নহয়।” “আহিবলগীয়া ভৱিষ্যবক্তাজন তুমিয়েই নে?” তেওঁ কʼলে, “নহয়!” ২২  তেতিয়া তেওঁলোকে সুধিলে, “তেনেহʼলে তুমি কোন হোৱা? আমাক কোৱা যাতে যিসকলে আমাক পঠাইছে, তেওঁলোকক আমি উত্তৰ দিব পাৰোঁ। তুমি নিজৰ বিষয়ে কি কোৱা?” ২৩  যোহনে কʼলে, “ভৱিষ্যবক্তা যিচয়াই যিদৰে কৈছিল, ময়েই সেই মাত, যিজনে অৰণ্যত* মাতি আছে, ‘যিহোৱাৰ* পথ পৰিষ্কাৰ কৰা।’” ২৪  যোহনৰ ওচৰলৈ অহা এই লোকসকলক ফৰীচীবিলাকে পঠাইছিল। ২৫  তেওঁলোকে সুধিলে, “যদি তুমি খ্ৰীষ্ট বা এলিয়া বা সেই ভৱিষ্যবক্তা নহয়, তেনেহʼলে তুমি বাপ্তিষ্মা* কিয় দিয়া?” ২৬  যোহনে উত্তৰ দিলে, “মই পানীত বাপ্তিষ্মা দিওঁ। কিন্তু তোমালোকৰ মাজত এজন আছে, যাক তোমালোকে চিনি নোপোৱা। ২৭  তেওঁ মোৰ পাছত আহি আছে আৰু মই তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ।” ২৮  এই সকলো ঘটনা যৰ্দ্দনৰ সিপাৰে থকা বৈথনিয়াত ঘটিছিল, যʼত যোহনে বাপ্তিষ্মা দিছিল। ২৯  পাছদিনাখন যেতিয়া তেওঁ যীচুক নিজৰ ফালে আহি থকা দেখিলে, তেতিয়া কʼলে, “চোৱা, ঈশ্বৰৰ ভেড়া পোৱালি, যিয়ে জগতৰ পাপ দূৰলৈ লৈ যায়! ৩০  তেৱেঁই সেইজন, যিজনৰ বিষয়ে মই কৈছিলোঁ, মোৰ পাছত এজন ব্যক্তি আহি আছে, যিজন মোতকৈ আগ হʼল, কিয়নো তেওঁ মোতকৈ আগতে অস্তিত্বত আছিল। ৩১  ময়ো তেওঁৰ বিষয়ে জনা নাছিলোঁ। কিন্তু তেওঁ যেন ইস্ৰায়েলীসকলৰ আগত প্ৰকাশিত হʼব পাৰে, সেইবাবে মই পানীত বাপ্তিষ্মা দিছোঁ।” ৩২  যোহনে এইদৰেও সাক্ষ্য দিলে, “মই পবিত্ৰ শক্তিক কপৌৰ* ৰূপত আকাশৰ পৰা নামি অহা দেখিলোঁ আৰু সেই পবিত্ৰ শক্তি তেওঁৰ* ওপৰত ৰৈ গʼল। ৩৩  ময়ো তেওঁৰ বিষয়ে জনা নাছিলোঁ, কিন্তু যিজনে পানীত বাপ্তিষ্মা দিবলৈ মোক পঠালে, তেৱেঁই মোক কৈছিল, ‘তুমি যিজনৰ ওপৰত পবিত্ৰ শক্তিক নামি অহা আৰু ৰৈ থকা দেখিবা, তেৱেঁই সেইজন, যিজনে পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিব।’ ৩৪  মই এয়া দেখিলোঁ আৰু সাক্ষ্য দিওঁ যে এওঁৱেই ঈশ্বৰৰ পুত্ৰ।” ৩৫  পাছদিনাখন আকৌ যোহনে নিজৰ দুজন শিষ্যৰ লগত থিয় হৈ আছিল। ৩৬  যেতিয়া তেওঁ যীচুক তাৰ পৰা গৈ থকা দেখিলে, তেতিয়া কʼলে, “সৌৱা চোৱা, ঈশ্বৰৰ ভেড়া পোৱালি!” ৩৭  তেওঁৰ এই কথা শুনি দুজন শিষ্যই যীচুৰ পিছে পিছে গʼল। ৩৮  তেতিয়া যীচুৱে পিছফালে ঘূৰি চাই তেওঁলোকক পিছে পিছে আহি থকা দেখি তেওঁলোকক সুধিলে, “তোমালোকে কি বিচাৰা?” তেওঁলোকে কʼলে, “ৰব্বি, (যাৰ অৰ্থ হৈছে, “গুৰু”) আপুনি কʼত থাকে?” ৩৯  যীচুৱে তেওঁলোকক কʼলে, “আহা চোৱাহি।” তেতিয়া তেওঁলোকে গৈ তেওঁ থকা ঠাই চালে আৰু সেইদিনা তেওঁৰ লগতে থাকিল। এয়া দিনৰ প্ৰায় ১০ ঘন্টা* আছিল। ৪০  যোহনৰ কথা শুনি যীচুৰ পিছে পিছে যোৱা এই দুয়োজনৰ মাজৰ এজনৰ নাম আছিল আন্দ্ৰিয়, যিজন চিমোন পিতৰৰ ভায়েক আছিল। ৪১  আন্দ্ৰিয়ই প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই কʼলে, “আমি মচীহক পালোঁ।” (মচীহৰ অৰ্থ হৈছে, “অভিষিক্ত জনা।”) ৪২  আন্দ্ৰিয়ই চিমোনক যীচুৰ ওচৰলৈ লৈ গʼল। যীচুৱে চিমোনক দেখি কʼলে, “তুমি যোহনৰ লʼৰা চিমোন। তোমাক কৈফা বুলি মতা হʼব।” (গ্ৰীক ভাষাত কৈফাৰ অনুবাদ “পিতৰ” বুলি কৰা হয়)। ৪৩  পাছদিনাখন যীচুৱে গালীললৈ যাব বিচাৰিছিল। যেতিয়া তেওঁ ফিলিপক লগ পালে, তেতিয়া তেওঁ কʼলে, “মোৰ শিষ্য হোৱা।” ৪৪  ফিলিপ বৈৎচৈদা চহৰৰ আছিল, আন্দ্ৰিয় আৰু পিতৰো সেই একে চহৰৰেই আছিল। ৪৫  যেতিয়া ফিলিপে নথনেলক লগ পালে, তেতিয়া তেওঁ কʼলে, “যিজনৰ বিষয়ে মোচিয়ে নিয়মত আৰু ভৱিষ্যবক্তাসকলে লিখিছিল, আমি তেওঁক দেখা পালোঁ। তেওঁ নাচৰতত থকা যোচেফৰ লʼৰা যীচু হয়।” ৪৬  কিন্তু নথনেলে তেওঁক কʼলে, “নাচৰতৰ পৰাও কিবা ভাল ওলাব পাৰে নে?” ফিলিপে কʼলে, “আহি চোৱাহি।” ৪৭  যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখিলে আৰু তেওঁৰ বিষয়ে কʼলে, “চোৱা, এওঁ এজন প্ৰকৃত ইস্ৰায়েলী, যাৰ মনত কোনো কপট নাই।” ৪৮  তেতিয়া নথনেলে তেওঁক কʼলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে তেওঁক কʼলে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।” ৪৯  তেতিয়া নথনেলে তেওঁক কʼলে, “গুৰু, আপুনি ঈশ্বৰৰ পুত্ৰ হয়, ইস্ৰায়েলৰ ৰজা হয়।” ৫০  যীচুৱে কʼলে, “তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণে বিশ্বাস কৰিছা নে? ইয়াতকৈ ডাঙৰ ডাঙৰ কাম তুমি দেখিবলৈ পাবা।” ৫১  তাৰ পাছত যীচুৱে তেওঁক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে স্বৰ্গ মুকলি হোৱা আৰু ঈশ্বৰৰ স্বৰ্গদূতসকলক মানুহৰ পুত্ৰৰ ওচৰলৈ নামি অহা আৰু ওপৰলৈ যোৱা দেখিবা।”

Footnotes

বা “বহু সময়ৰ আগতে; সকলো সৃষ্টি হোৱাৰ আগতে।”
এই অধ্যায়ত “বাক্য” যীচুৰ এক উপাধি হিচাপে ব্যৱহাৰ কৰা হৈছে।
বা “ঈশ্বৰৰ নিচিনা।”
অৰ্থাৎ বাক্য।
বা “মহা-কৃপা।”
আক্ষ., “যি এজন ঈশ্বৰ হয়।”
বা “বুকুৰ ওচৰত।” ইয়ে দেখুৱায় যে তেওঁ পিতৃৰ কাৰণে কিমান বিশেষ হয়।
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
অতি. ক৫ চাওক।
বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”
বা “পাৰ।”
অৰ্থাৎ যীচুৰ।
অৰ্থাৎ আবেলি প্ৰায় ৪ বজা।