মথিয়ে লিখা শুভবাৰ্তা ২:১-২৩

  • জ্যোতিষীসকল আহে (১-১২)

  • মিচৰলৈ পলাই যোৱা (১৩-১৫)

  • হেৰোদে সৰু লʼৰাবোৰক হত্যা কৰালে (১৬-১৮)

  • নাচৰতলৈ উভতি অহা (১৯-২৩)

 যিহূদিয়াৰ ৰজা হেৰোদৰ* সময়ত যিহূদিয়াৰ বৈৎলেহমত যীচুৰ জন্ম হোৱাৰ পাছত চোৱা! পূব ফালৰ পৰা কেইজনমান জ্যোতিষী* যিৰূচালেমলৈ আহিল। ২  তেওঁলোকে সুধিবলৈ ধৰিলে, “যিহূদীবিলাকৰ যি ৰজা জন্ম হৈছিল, তেওঁ কʼত আছে? যেতিয়া আমি পূব দিশত আছিলোঁ, তেতিয়া আমি তেওঁৰ তৰা দেখা পালোঁ। সেইবাবে, আমি তেওঁক মূৰ দোৱাই প্ৰণাম কৰিবলৈ আহিছোঁ।” ৩  এই বিষয়ে শুনি ৰজা হেৰোদ চিন্তিত হৈ পৰিল আৰু গোটেই যিৰূচালেমত হুলস্থূলীয়া পৰিৱেশ হʼল। ৪  হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলক* একগোট কৰি তেওঁলোকক সুধিলে যে খ্ৰীষ্টৰ* জন্ম কʼত হʼবলগীয়া আছিল? ৫  তেওঁলোকে কʼলে, “যিহূদিয়াৰ বৈৎলেহমত। কাৰণ ভৱিষ্যবক্তাৰ দ্বাৰা এইদৰে লিখাইছিল, ৬  ‘হে যিহূদাৰ বৈৎলেহম, যিহূদাৰ ৰাজ্যপালসকলৰ মাজত তুমি কোনো মতেই আটাইতকৈ সৰু চহৰ নোহোৱা। কিয়নো তোমাৰ মাজৰ পৰা এজন শাসনকৰ্তা ওলাব, যিজনে ৰখীয়াৰ দৰে মোৰ প্ৰজা ইস্ৰায়েলৰ চোৱা-চিতা কৰিব।’” ৭  তেতিয়া হেৰোদে কোনেও গম নোপোৱাকৈ সেই জ্যোতিষীসকলক মাতিলে। আৰু তেওঁলোকে সেই তৰাটো প্ৰথম বাৰ কেতিয়া দেখিছিল, তাৰ বিষয়ে তেওঁলোকৰ পৰা ভালদৰে জানি লʼলে। ৮  তাৰ পাছত তেওঁ এইদৰে কৈ তেওঁলোকক বৈৎলেহমলৈ পঠিয়ালে, “যোৱা, সেই লʼৰাটিক ভালদৰে বিচাৰা। যেতিয়া তোমালোকে তাক বিচাৰি পাবা, তেতিয়া আহি মোক খবৰ দিবা। তেতিয়া ময়ো গৈ মূৰ দোৱাই তেওঁক প্ৰণাম কৰিব পাৰিম।” ৯  ৰজা হেৰোদৰ এই কথা শুনাৰ পাছত জ্যোতিষীসকলে তাৰ পৰা ওলাই গʼল। তেতিয়া চোৱা, যি তৰা তেওঁলোকে পূব ফালে দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে যাবলৈ ধৰিলে। আৰু যি ঘৰত লʼৰাটি আছিল, সেই ঘৰৰ ওপৰত ৰৈ গʼল। ১০  যেতিয়া তেওঁলোকে তৰাটো ৰৈ থকা দেখিলে, তেতিয়া তেওঁলোকে বহুত আনন্দিত হʼল। ১১  তেওঁলোকে ঘৰৰ ভিতৰত সোমাই লʼৰাটিক তেওঁৰ মা মৰিয়মৰ লগত দেখে। তেওঁলোকে লʼৰাটিৰ আগত মূৰ দোৱাই প্ৰণাম কৰিলে। তাৰ পাছত নিজৰ নিজৰ মূল্যৱান বস্তুৰ টোপোলা খুলি সোণ আৰু দুবিধ সুগন্ধি বস্তু* উপহাৰ হিচাপে তেওঁক দিলে। ১২  কিন্তু হেৰোদৰ ওচৰলৈ উভতি নাযাবলৈ ঈশ্বৰে তেওঁলোকক সপোনত সাৱধান কৰিলে। সেইবাবে, তেওঁলোকে বেলেগ ৰাস্তাইদি নিজৰ দেশলৈ উভতি গʼল। ১৩  তেওঁলোকে যোৱাৰ পাছত চোৱা, যিহোৱাৰ* স্বৰ্গদূতে যোচেফক সপোনত দেখা দিলে আৰু তেওঁক এইদৰে কʼবলৈ ধৰিলে, “উঠা, লʼৰাটি আৰু তেওঁৰ মাকক লৈ মিচৰলৈ পলাই যোৱা। যেতিয়ালৈকে মই নকওঁ, তাতে থাকিবা। কাৰণ এই লʼৰাটিক হত্যা কৰিবলৈ হেৰোদে অতি সোনকালে বিচাৰিব।” ১৪  সেইবাবে, যোচেফ উঠিল আৰু সেই ৰাতিয়েই লʼৰাটি আৰু তেওঁৰ মাকক লৈ মিচৰলৈ গুচি গʼল। তেওঁ হেৰোদৰ মৃত্যুলৈকে তাতে থাকিল। ১৫  এইদৰে যিহোৱাই* নিজৰ ভৱিষ্যবক্তাৰ দ্বাৰা কোৱা এই কথা পূৰ হʼল, “মিচৰ দেশৰ পৰা মই মোৰ লʼৰাক মাতিলোঁ।” ১৬  জ্যোতিষীসকলে হেৰোদক বিশ্বাসঘাত কৰিলে বুলি যেতিয়া তেওঁ গম পালে, তেতিয়া তেওঁৰ বহুত খং উঠিল। আৰু তেওঁ সেই জ্যোতিষীসকলৰ পৰা যি সময়ৰ বিষয়ে ভালকৈ জানিছিল, সেই অনুসৰি বৈৎলেহম আৰু তাৰ আশে-পাশে থকা সকলো এলেকাত নিজৰ সেৱকসকলক পঠিয়াই দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান লʼৰা আছিল, সকলোকে হত্যা কৰোৱালে। ১৭  এই ঘটনাৰ পৰা ভৱিষ্যবক্তা যিৰিমিয়াৰ যোগেদি কোৱা এই কথা পূৰ হʼল, ১৮  “ৰামাত শোক আৰু কান্দোনৰ শব্দ শুনা গৈছিল। তেওঁ ৰাহেল আছিল, যিয়ে নিজৰ সন্তানসকলৰ কাৰণে কান্দি আছিল আৰু কোনো ধৰণৰ শান্ত্বনা বিচৰা নাছিল। কাৰণ সিহঁত এতিয়া নাই।” ১৯  হেৰোদৰ মৃত্যুৰ পাছত চোৱা, মিচৰত যিহোৱাৰ* স্বৰ্গদূতে সপোনত যোচেফক দেখা দিলে ২০  আৰু তেওঁ কʼলে, “উঠা, লʼৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ যোৱা। কাৰণ যিসকলে লʼৰাটিক হত্যা কৰিব বিচাৰিছিল, তেওঁলোকৰ মৃত্যু হʼল।” ২১  তেতিয়া যোচেফ উঠিল আৰু লʼৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ গুচি গʼল। ২২  কিন্তু আৰ্খিলাই নিজৰ পিতৃ হেৰোদৰ সলনি যিহূদিয়াত শাসন কৰিছে বুলি শুনি যোচেফে তালৈ যাবলৈ ভয় কৰিলে। ইয়াৰ উপৰিও, ঈশ্বৰে যিহেতু সপোনত আৰু এটা সাৱধানবাণী দিছিল, সেইবাবে, তেওঁ গালীল এলেকালৈ গুচি গʼল। ২৩  আৰু তেওঁ নাচৰৎ নামৰ চহৰলৈ আহি থাকিবলৈ ধৰিলে। ইয়াৰ পৰা ভৱিষ্যবক্তাসকলৰ যোগেদি কোৱা এই কথাষাৰ পূৰ হʼল, “তেওঁক নাচৰতীয়া* বুলি কোৱা হʼব।”

Footnotes

অৰ্থাৎ মহান হেৰোদ।
যিসকলে তৰাৰ বিষয়ে অধ্যয়ন কৰি ভৱিষ্যৰ ঘটনাৰ বিষয়ে জনায়।
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “মচীহ; অভিষিক্ত জনা।”
সেই সুগন্ধি বস্তুবোৰ হৈছে ধূনাএঁঠা আৰু গন্ধৰস।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
এই শব্দটো হয়তো অংকুৰৰ কাৰণে যি হিব্ৰু শব্দ ব্যৱহাৰ কৰা হয়, তাৰ পৰা আহিছে।