Skip to content

Skip to table of contents

ভাগ ৫

আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব

আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব

“কৰুণাময় স্নেহ, . . . নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধা।”—কলচীয়া ৩:১২

বিবাহে এক নতুন পৰিয়ালৰ পাতনি মেলে। নিঃসন্দেহ, আপুনি আপোনাৰ পিতৃ-মাতৃক প্ৰেম আৰু সন্মান কৰে, কিন্তু এতিয়া আপোনাৰ সংগীয়েই হʼব পৃথিৱীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। হয়তো ইয়াৰ বাবে আপোনাৰ সম্বন্ধীয় লোকসকলে ভাল নাপাবও পাৰে। কিন্তু আপুনি আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত শান্তি বজাই ৰাখিবলৈ আৰু নতুনকৈ হোৱা নিজৰ পৰিয়ালৰ সম্বন্ধক দৃঢ় কৰিবলৈ, বাইবেলৰ সিদ্ধান্তবোৰে আপোনাক সন্তুলন বজাই ৰাখিবলৈ সহায় কৰিব।

১ আপোনাৰ সম্বন্ধীয় লোকসকলৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখক

বাইবেলত কি উল্লেখ আছে: “নিজৰ পিতৃ-মাতৃক সন্মান” কৰক। (ইফিচীয়া ৬:২) আপোনাৰ বয়স যিমানেই নহওক কিয়, আপুনি সদায় নিজৰ পিতৃ-মাতৃক সন্মান আৰু আদৰ কৰা উচিত। মনত ৰাখিব যে আপোনাৰ সংগীয়েও কাৰোবাৰ লʼৰা বা ছোৱালী হয় আৰু সেইবাবে তেওঁ নিজৰ পিতৃ-মাতৃক যত্ন লʼব লাগিব। বাইবেলত উল্লেখ কৰিছে যে “প্ৰেমে ঈৰ্ষা নকৰে।” গতিকে, সংগীৰ পিতৃ-মাতৃৰ লগত থকা তেওঁৰ সম্বন্ধৰ ওপৰত কেতিয়াও ঈৰ্ষা নকৰিব।—১ কৰিন্থীয়া ১৩:৪; গালাতীয়া ৫:২৬.

আপুনি কি কৰিব পাৰে:

  • কিছুমান কথা কোৱাৰ পৰা দূৰে থাকক। যেনে: “আপোনাৰ পৰিয়ালে মোক সদায় ঠাট্টা কৰি কথা কয়” বা “আপোনাৰ মাতৃয়ে মই কৰা একো কামেই ভাল নাপায়”

  • কিছুমান বিষয় আপোনাৰ সংগীৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰক

২ আপোনাৰ বৈবাহিক জীৱনৰ দায়িত্ব আপুনি লওক

বাইবেলত কি উল্লেখ আছে: “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) আপোনাৰ বিবাহৰ পাছতো আপোনাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ দায়িত্ব হয় বুলি ভাবি, আপোনাৰ পৰিয়ালৰ বিষয়বোৰত জড়িত হʼব পাৰে।

কিন্তু এয়া আপোনালোক দুয়োজনে নিৰ্ণয় কৰিব যে তেওঁলোকে পৰিয়ালৰ কি কি বিষয়ত জড়িত হʼব পাৰিব। আপোনালোকৰ নিৰ্ণয় তেওঁলোকক প্ৰেমেৰে জনোৱা উচিত। খঙেৰে কথা পতাৰ পৰিৱৰ্তে আপোনালোকে মুকলিভাৱে কথা পাতক। (হিতোপদেশ ১৫:১) নম্ৰতা, মৃদুতা, ধৈৰ্য্য আদি গুণবোৰে আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আৰু “যোগ্য আচৰণ” কৰিবলৈ আপোনাক সহায় কৰিব।—ইফিচীয়া ৪:২.

আপুনি কি কৰিব পাৰে:

  • যদি আপুনি ভাবে যে আপোনাৰ সম্বন্ধীয় লোকসকলে আপোনাৰ বিবাহিত জীৱনত বেছিকৈ জড়িত হৈ পৰিছে, তেনেহʼলে আপুনি শান্তভাৱে আপোনাৰ সংগীৰ লগত এই বিষয়ে আলোচনা কৰক

  • এই বিষয়টো কেনেকৈ সমাধান কৰিব পাৰি, তাৰ বাবে দুয়োজনে এটা সিদ্ধান্তত উপনিত হওক