Skip to content

Skip to table of contents

ভাগ ৪

টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব

টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব

“মন্ত্ৰণাৰ দ্বাৰাই কল্পনা সিদ্ধ হয়।”—হিতোপদেশ ২০:১৮

পৰিয়ালৰ প্ৰয়োজনীয় বস্তুবোৰ যোগান ধৰিবলৈ টকা-পইচাৰ প্ৰয়োজন। (হিতোপদেশ ৩০:৮) বাইবেলত উল্লেখ কৰিছে যে “ধন” ৰক্ষক হিচাপে কাম কৰে। (উপদেশক ৭:১২) পতি-পত্নী হিচাপে আপোনালোকে হয়তো এজনে-আনজনৰ লগত টকা-পইচাৰ বিষয়ে কথা নাপাতিবও পাৰে, কিন্তু টকা-পইচাৰ বাবে বিবাহিত জীৱনত সমস্যা হʼবলৈ নিদিব। (ইফিচীয়া ৪:৩২) এজনে-আনজনৰ ওপৰত ভৰসা কৰক আৰু টকা-পইচা খৰচ কৰাৰ বিষয়ে মিলিজুলি নিৰ্ণয় লওক।

১ ভালদৰে পৰিকল্পনা কৰক

বাইবেলত কি উল্লেখ আছে: ‘গড়-কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি, তাৰ কিমান খৰচ, আৰু তাক এঁটাবলৈ সমৰ্থ আছে নে নাই, ইয়াক গণনা নকৰা তোমালোকৰ মাজত কোন আছে?’ (লূক ১৪:২৮) আপোনালোকে টকা-পইচা কেনেকৈ খৰচ কৰিব, ইয়াৰ বাবে একেলগে বহি আলোচনা কৰাটো উচিত। (আমোচ ৩:৩) কি কিনিব আৰু কিমান খৰচ কৰিব, ইয়াৰ বাবে নিৰ্ণয় লওক। (হিতোপদেশ ৩১:১৬) আপোনাৰ হাতত টকা-পইচা আছে বুলিয়েই যে কিবা কিনিব লাগে এনে নহয়। ধাৰ লোৱাৰপৰা দূৰৈত থাকক। আপোনাৰ সমৰ্থ অনুসৰি খৰচ কৰক।—হিতোপদেশ ২১:৫; ২২:৭.

আপুনি কি কৰিব পাৰে:

  • মাহৰ শেষত যদি আপোনাৰ হাতত অলপ টকা-পইচা থাকে, তেন্তে সেই টকা কি কৰিব তাৰ বিষয়ে দুয়োজনে আলোচনা কৰক

  • মাহৰ শেষত যদি আপোনাৰ টকা-পইচাৰ নাটনি হৈছে, তেনেহʼলে খৰচ কম কৰিবলৈ নিৰ্দিষ্ট পৰিকল্পনা কৰক। উদাহৰণস্বৰূপে, হোটেলত কিনি খোৱাৰ পৰিৱৰ্তে, নিজৰ ঘৰতে ৰান্ধি খাওক

২ উদাৰ আৰু বাস্তৱিক হওক

বাইবেলত কি উল্লেখ আছে: “কিয়নো অকল প্ৰভুৱে দেখাতে নহয়, মানুহে দেখাতেও যি যি উচিত হয়, তালৈ আমি চিন্তা কৰিছোঁ।” (২ কৰিন্থীয়া ৮:২১) আপোনাৰ উপাৰ্জন আৰু খৰচৰ বিষয়ে সংগীক জনাওক।

আৰ্থিক বিষয়বোৰৰ ওপৰত গভীৰ নিৰ্ণয় লোৱাৰ সময়ত, আপোনাৰ সংগীৰ লগত আলোচনা কৰক। (হিতোপদেশ ১৩:১০) টকা-পইচাৰ বিষয়ত এজনে-আনজনৰ লগত মুকলিভাৱে যোগাযোগ ৰাখিলে, আপোনাৰ বিবাহিত জীৱন শান্তিপূৰ্ণ হʼব। আপুনি উপাৰ্জন কৰা টকা-পইচা কেৱল আপোনাৰ নিজৰ বুলি নাভাবি, পৰিয়ালৰ হয় বুলি ভাবক।—১ তীমথিয় ৫:৮.

আপুনি কি কৰিব পাৰে:

  • এজনে-আনজনৰ লগত আলোচনা নকৰাকৈ, এক সীমিত পৰিমাণৰ খৰচ-পাতি কৰিবলৈ দুয়োজনে সন্মতি হওক

  • টকা-পইচাৰ বিষয়ে কিবা সমস্যা অহাৰ আগতে সংগীৰ লগত আলোচনা কৰক