Skip to content

আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ যিহোৱাৰ সাক্ষীসকলে কিয় যায়?

আন ধৰ্ম্মৰ লোকসকলৰ ওচৰলৈ যিহোৱাৰ সাক্ষীসকলে কিয় যায়?

 আমি এনে বহুতো লোকক লগ পাইছোঁ, যিসকলে নিজৰ ধৰ্ম্ম থকাৰ উপৰিও, বাইবেলৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি ভাল পায়। নিঃসন্দেহ, সকলোকে নিজৰ নিজৰ ধৰ্ম্ম পালন কৰাৰ অধিকাৰ আছে আৰু সেইবাবে আমি আমাৰ বাৰ্ত্তা শুনিবলৈ আনক হেঁচা নিদিওঁ।

 ধৰ্ম্মৰ ওপৰত আলোচনা কৰাৰ সময়ত আমি বাইবেলৰ পৰামৰ্শ পালন কৰিবলৈ চেষ্টা কৰোঁ। লোকসকলৰ লগত আমি “নম্ৰতাৰে” আৰু “ভয়েৰে” [সন্মানেৰে, NW] আলোচনা কৰোঁ। (১ পিতৰ ৩:১৫) কিছুমান লোকে আমাৰ বাৰ্ত্তা গ্ৰহণ নকৰিব বুলি আমি জানোঁ। (মথি ১০:১৪) কিন্তু যেতিয়ালৈকে আমি কথা নাপাতোঁ, তেতিয়ালৈকে লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাব, তাক আমি নাজানোঁ। আমি এইটোও জানোঁ যে লোকসকলৰ পৰিস্থিতি পৰিৱৰ্তন হৈ থাকে।

 উদাহৰণস্বৰূপে, কেতিয়াবা হয়তো এজন ব্যক্তিৰ ওচৰত কথা পাতিবলৈ সময় নাথাকিবও পাৰে, কিন্তু আন এক সময়ত তেওঁ আমাৰ লগত কথা পাতিবলৈ আনন্দিত হʼব পাৰে। বিভিন্ন সমস্যা বা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত লোকসকলে বাইবেলৰ বাৰ্ত্তা শুনিবলৈ হয়তো ইচ্ছা কৰিব পাৰে। সেইবাবে আমি লোকসকলক এবাৰতকৈ বেছি সাক্ষাৎ কৰোঁ।