Skip to content

সকলো ধৰ্ম একেই নে? এই সকলো ধৰ্মক ঈশ্বৰে গ্ৰহণ কৰেনে?

সকলো ধৰ্ম একেই নে? এই সকলো ধৰ্মক ঈশ্বৰে গ্ৰহণ কৰেনে?

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

 নহয়, সকলো ধৰ্ম একেই নহয়। শাস্ত্ৰত এনে বহুতো ধৰ্মৰ বিষয়ে উল্লেখ আছে, যিবোৰ ঈশ্বৰে গ্ৰহণ নকৰে। সাধাৰণতে ধৰ্মবোৰক দুটা ভাগত ভাগ কৰা হৈছে।

প্ৰথম ভাগ: মিছা দেৱী-দেৱতাক উপাসনা কৰে

 পবিত্ৰ শাস্ত্ৰত মিছা দেৱী-দেৱতাৰ উপাসনাৰ বাবে এই শব্দবোৰ ব্যৱহাৰ কৰিছে: “নিষ্কৰ্ম,” “অসাৰ” আৰু “নিষ্ফল।” (যিৰিমিয়া ১০:৩-৫; ১৬:১৯, ২০) প্ৰাচীন সময়ত যিহোৱাই a ইস্ৰায়েলীসকলক এইদৰে আজ্ঞা দিছিল, “মোৰ আগত তোমাৰ আন কোনো দেৱতা নেথাকক।” (যাত্ৰাপুস্তক ২০:৩, ২৩; ২৩:২৪) যেতিয়া ইস্ৰায়েলীসকলে আন দেৱী-দেৱতাক উপাসনা কৰিছিল, তেতিয়া “যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।”—গণনা পুস্তক ২৫:৩ লেবীয়া পুস্তক ২০:২; বিচাৰকৰ্ত্তাবিলাক ২:১৩, ১৪.

 যিহোৱা সলনি হোৱা নাই। আজি যিসকলক “ঈশ্বৰ” বুলি কোৱা হয়, তেওঁলোকক উপাসনা কৰাৰ বিষয়ে ঈশ্বৰে সেইদৰেই অনুভৱ কৰে। (১ কৰিন্থীয়া ৮:৫, ৬; গালাতীয়া ৪:৮) যিসকল লোক ঈশ্বৰৰ উপাসনা কৰিব বিচাৰে, তেওঁলোকক তেওঁ মিছা ধৰ্মৰপৰা একেবাৰে সম্পৰ্ক নাইকিয়া কৰিবলৈ আজ্ঞা দিছে। তেওঁ এইদৰে কৈছে, “তোমালোক সিহঁতৰ মাজৰপৰা ওলাই আহি পৃথক হোৱা।” (২ কৰিন্থীয়া ৬: ১৪-১৭) চিন্তা কৰক: যদি সকলো ধৰ্ম একেই হয় আৰু ঈশ্বৰে গ্ৰহণ কৰে, তেনেহʼলে এই আজ্ঞা ঈশ্বৰে কিয় দিছে?

দ্বিতীয় ভাগ: সত্য ঈশ্বৰৰ উপাসনা তেওঁলোকে এইদৰে কৰে, যি ঈশ্বৰে গ্ৰহণ নকৰে

 কেতিয়াবা কেতিয়াবা ইস্ৰায়েলীসকলে এনে শিক্ষা আৰু ৰীতি-নীতিৰ অনুসৰি উপাসনা কৰিছিল, যিবোৰ মিছা ধৰ্মৰপৰা আছিল। কিন্তু যিহোৱা ঈশ্বৰে সত্য উপাসনাত মিছা শিক্ষা মিহলি কৰাটো ভাল পোৱা নাছিল। (যাত্ৰাপুস্তক ৩২:৮; দ্বিতীয় বিবৰণ ১২:২-৪) যীচুৱে তেওঁৰ সময়ৰ ধৰ্মগুৰুসকলক বিৰোধ কৰিছিল, কিয়নো তেওঁলোকে ঈশ্বৰৰ উপাসনা সঠিকভাৱে কৰা নাছিল। তেওঁলোকে আনৰ আগত নিজকে ধাৰ্মিক বুলি দেখুৱাইছিল, কিন্তু প্ৰকৃততে তেওঁলোকে “বিধানৰ মাজৰ গুৰুতৰ ভাগ যি ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰ” এৰি দিছিল।—মথি ২৩:২৩.

 ঠিক সেইদৰে, আজি যিবোৰ ধৰ্ম সত্যৰ ওপৰত আধাৰিত, সেইবোৰ ধৰ্মকহে ঈশ্বৰে গ্ৰহণ কৰে আৰু এই সত্যতা বাইবেলত পোৱা যায়। (যোহন ৪:২৪; ১৭:১৭; ২ তীমথিয় ৩:১৬, ১৭) যিবোৰ ধৰ্মৰ শিক্ষা বাইবেলৰ লগত মিল নাখায়, এনে ধৰ্মবোৰে লোকসকলক ঈশ্বৰৰপৰা দূৰ কৰে। লোকসকলে ভাবে যে বাইবেলে ত্ৰিয়কৰ শিক্ষা, অমৰ আত্মা আৰু নৰকৰ শিক্ষা দিয়ে, কিন্তু প্ৰকৃততে এনেধৰণৰ শিক্ষা মিছা দেৱী-দেৱতাক উপাসনা কৰা লোকসকলে দিয়ে। এনে শিক্ষাবোৰ পালন কৰা লোকসকলৰ উপাসনা “অনৰ্থক” বা অসাৰ, কিয়নো তেওঁলোকে ধাৰ্মিক পৰম্পৰাবোৰক বেছি গুৰুত্ব দিয়ে।—মাৰ্ক ৭:৭, ৮.

 ধৰ্মৰ নামত ঠক-প্ৰবঞ্চনা কৰা লোকসকলক ঈশ্বৰে ঘিণ কৰে। (তীত ১:১৬) যেতিয়া কোনো এটা ধৰ্মই লোকসকলৰ দৈনন্দিন জীৱনত ভাল প্ৰভাৱ পেলাব, তেতিয়াহে লোকসকলে ঈশ্বৰৰ কাষ চাপিব পাৰিব। উদাহৰণস্বৰূপে, বাইবেলে এইদৰে কয়, “কোনোৱে যদি নিজকে ধাৰ্ম্মিক যেন মানে, কিন্তু নিজৰ জিবা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম্ম-কৰ্ম্ম ব্যৰ্থ। মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা, আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্ম্মল ধৰ্ম্ম-কৰ্ম্ম।”—যাকোব ১:২৬, ২৭.

a যিহোৱা সত্য ঈশ্বৰৰ নাম হয়, যিদৰে বাইবেলত উল্লেখ আছে।