Skip to content

সকলো দুখ-কষ্টৰ বাবে চয়তান দায়ী নেকি?

সকলো দুখ-কষ্টৰ বাবে চয়তান দায়ী নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলে বৰ্ণনা কৰে যে চয়তানৰ অস্তিত্ব আছে। সি অপৰাধীসকলৰ নায়কৰ দৰে “মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন” আৰু “প্ৰবঞ্চনাযুক্ত” কাৰ্য্যৰে নিজৰ উদ্দেশ্য পূৰ কৰিব বিচাৰে। “চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ” ধৰিব পাৰে বুলি বাইবেলে বৰ্ণনা কৰে। (২ থিচলনীকীয়া ২:৯, ১০; ২ কৰিন্থীয়া ১১:১৪) চয়তানৰ যে অস্তিত্ব আছে, তাৰ দ্বাৰা হোৱা ক্ষয়-ক্ষতিৰপৰা দেখিবলৈ পোৱা যায়।

 কিন্তু সকলো দুখ-কষ্টৰ বাবে চয়তান দায়ী নহয়। কিয় বাৰু? কিয়নো ঈশ্বৰে মানৱজাতিক ভাল আৰু বেয়া নিৰ্ণয় কৰিব পৰা শক্তিৰে সৃষ্টি কৰিছে। (যিহোচূৱা ২৪:১৫) যেতিয়া আমি ভুল নিৰ্ব্বাচন কৰোঁ, তেতিয়া আমি ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হয়।—গালাতীয়া ৬:৭, ৮.