Skip to content

গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰাত বাইবেলে সহায় কৰিব পাৰেনে?

গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰাত বাইবেলে সহায় কৰিব পাৰেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলে নিশ্চয় সহায় কৰিব পাৰে। ৰোগত ভুগী থকা নিজৰ সেৱকসকলক ঈশ্বৰে যত্ন লয়। এজন বিশ্বাসী দাসৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তেওঁ নৰিয়া হৈ শয্যাত পৰি থাকিলে যিহোৱাই তেওঁক সহায় কৰিব।” (গীতমালা ৪১:৩) যদি আপুনি কোনো গভীৰ ৰোগত ভুগীবলগীয়া হৈছে, তেনেহʼলে তলত উল্লেখ কৰা তিনিটা পদক্ষেপে আপোনাক সান্ত্বনা আগবঢ়াব:

  1.  ১. সহন কৰিবলৈ শক্তি বিচাৰি প্ৰাৰ্থনা কৰক। “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি” আপুনি লাভ কৰিব পাৰিব আৰু ইয়ে আপোনাক আগবাঢ়ি গৈ থাকিবলৈ সহায় কৰিব।​—ফিলিপীয়া ৪:৬, ৭.

  2.  ২. ইতিবাচক হওক। পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “আনন্দিত মনে শৰীৰ সুস্থ ৰাখে; কিন্তু ভগ্ন মনে অস্থি শুকুৱায়।” (হিতোপদেশ ১৭:২২) নিজকে আনন্দিত কৰি ৰাখিবলৈ চেষ্টা কৰক। ইয়ে আপোনাৰ দুখ পাতল কৰাত সহায় কৰিব আৰু আপোনাৰ স্বাস্থ্যও ভালে থাকিব।

  3.  ৩. ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আপোনাৰ বিশ্বাস দৃঢ় কৰক। এক দৃঢ় বিশ্বাসে গভীৰ ৰোগ থকাৰ সত্ত্বেও আপোনাক আনন্দিত হৈ থাকিবলৈ সহায় কৰিব। (ৰোমীয়া ১২:১২) বাইবেলে এনে এক সময়ৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে, যেতিয়া “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।” (যিচয়া ৩৩:২৪) আধুনিক বিজ্ঞানে যি ৰোগবোৰ সুস্থ কৰাৰ বাবে কোনো ঔষধ আৱিষ্কাৰ কৰিব নোৱাৰিলে তেনে গভীৰ ৰোগবোৰক ঈশ্বৰে সুস্থ কৰিব। উদাহৰণস্বৰূপে, বাইবেলে বৰ্ণনা কৰিছে যে বয়সস্থ লোকসকল ডেকা হʼব আৰু সু-স্বাস্থ্যৰ অধিকাৰী হʼব: “তাৰ গা লৰাতকৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱন-কাল পাব।”​—ইয়োব ৩৩:২৫.

 টোকা: গভীৰ ৰোগৰ সন্মুখীন হোৱাৰ বাবে ঈশ্বৰে ব্যৱস্থা কৰা সহায় গ্ৰহণ কৰাৰ উপৰিও যিহোৱাৰ সাক্ষীসকলে চিকিৎসকৰ সহায় লয়। (মাৰ্ক ২:১৭) কিন্তু আমি কোনো বিশেষ চিকিৎসা পদ্ধতিৰ বাবে মতামত আগ নবঢ়াওঁ। আমি বিশ্বাস কৰোঁ যে প্ৰতিজন ব্যক্তিয়ে এই বিষয়ে নিজেই নিৰ্ণয় লোৱা উচিত।