Skip to content

দুখ-কষ্টৰ অন্ত হ’বনে?

দুখ-কষ্টৰ অন্ত হ’বনে?

আপুনি কি ভাবে . . .

  • হ’ব?

  • নহ’ব?

  • সম্ভৱত?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“ঈশ্বৰ . . . তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।”—প্ৰকাশিত বাক্য ২১:৩, ৪, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

আমি সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে ঈশ্বৰ দায়ী নহয়।—যাকোব ১:১৩.

দুখ-কষ্টৰ সন্মুখীন হ’লে আমি কেনেদৰে অনুভৱ কৰোঁ তাৰ বিষয়ে ঈশ্বৰে বুজি পায়।—জখৰিয়া ২:৮.

সকলো দুখ-কষ্টৰ অন্ত হ’ব বুলি আশা দিয়ে।—গীতমালা ৩৭:৯-১১.

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত দুটা কাৰণৰ বাবে:

  • ঈশ্বৰে দুখ-কষ্ট আৰু অন্যায় ঘৃণা কৰে। প্ৰাচীন সময়ত যেতিয়া ঈশ্বৰৰ লোকসকলৰ লগত দুৰ্ব্যৱহাৰ কৰা হৈছিল, তেতিয়া যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰিছিল তাৰ বিষয়ে চিন্তা কৰক। বাইবেলে বৰ্ণনা কৰিছে যে “তাড়না কৰোঁতাবিলাকৰ আগত তেওঁবিলাকে কেঁকনিকোৱা” দেখি যিহোৱা ঈশ্বৰৰ মনত আঘাত লাগিছিল।—বিচাৰকৰ্ত্তাবিলাক ২:১৮.

    আনক হানি কৰা লোকসকলক ঈশ্বৰে ভাল নাপায়। উদাহৰণস্বৰূপে, বাইবেলে বৰ্ণনা কৰিছে যে “নিৰ্দ্দোষীৰ ৰক্তপাতী” হাতক যিহোৱা ঈশ্বৰে ঘৃণা কৰে।—হিতোপদেশ ৬:১৬, ১৭.

  • ব্যক্তিগতভাৱে ঈশ্বৰে আমাৰ যত্ন লয়। কেৱল মানুহে “নিজৰ পীড়া আৰু দুখ” বুজে এনে নহয়, কিন্ত্ত যিহোৱা ঈশ্বৰেও বুজি পায়।—২ বংশাৱলি ৬:২৯, ৩০.

    অতি সোনকালে, যিহোৱা ঈশ্বৰে তেওঁৰ ৰাজ্যৰ যোগেদি প্ৰতিজন ব্যক্তিৰ দুখ-কষ্ট অন্ত কৰিব। (মথি ৬:৯, ১০) কিন্ত্ত সেই ৰাজ্য নহালৈকে, যিহোৱা ঈশ্বৰে নম্ৰ লোকসকলক শান্ত্বনা দি থাকিব।—পাঁচনিৰ কৰ্ম্ম ১৭:২৭; ২ কৰিন্থীয়া ১:৩, ৪.

এই বিষয়ে চিন্তা কৰক

ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?

বাইবেলে ইয়াৰ উত্তৰ ৰোমীয়া ৫:১২ আৰু ২ পিতৰ ৩:৯ পদত দিছে।