Skip to content

Skip to table of contents

ঈশ্বৰৰ কি কি গুণ আছে?

ঈশ্বৰৰ কি কি গুণ আছে?

যেতিয়া আমি লক্ষ্য কৰোঁ যে আমাৰ বন্ধুৰ কি কি ভাল গুণ আছে, তেতিয়া আমি তেওঁক ভালদৰে জানিবলৈ ধৰোঁ আৰু তেওঁৰ লগত আমাৰ বন্ধুত্ব দিনক-দিনে দৃঢ় হৈ পৰে। ঠিক সেইদৰে, যেতিয়া আমি যিহোৱাৰ গুণবোৰলৈ ধ্যান দিওঁ, তেতিয়া তেওঁৰ ব্যক্তিত্ব আৰু তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় জানিব পাৰোঁ। লগতে তেওঁৰ লগত আমাৰ বন্ধুত্ব দৃঢ় হয়। ঈশ্বৰৰ বহুতো গুণ আছে, কিন্তু তেওঁৰ চাৰিটা বিশেষ গুণ হৈছে: শক্তি, বুদ্ধি, ন্যায় আৰু প্ৰেম।

ঈশ্বৰ শক্তিশালী

‘হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহাশক্তিৰে আকাশ-মণ্ডল আৰু পৃথিবী নিৰ্ম্মাণ কৰিলা।’যিৰিমিয়া ৩২:১৭.

ঈশ্বৰে কৰা সৃষ্টি চাই আমি বুজিব পাৰোঁ যে তেওঁ কিমান শক্তিশালী। উদাহৰণস্বৰূপে, সূৰ্য্যৰ বিষয়ে মন কৰক। গৰম বতৰত আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলালে সূৰ্য্যৰ তাপ অনুভৱ কৰিব পাৰে। সূৰ্য্য কিমান শক্তিশালী? অনুমান কৰা হয় যে সূৰ্য্যৰ কেন্দ্ৰৰ তাপমান ১ কোটি ৫০ লাখ চেন্টিগ্ৰেড। কোটি কোটি বোমা বিস্ফোৰণ হʼলে যিমান শক্তি উৎপন্ন হয়, সিমান শক্তি সূৰ্য্যই প্ৰতি ছেকেণ্ডত উৎপন্ন কৰে।

বিশ্বব্ৰহ্মাণ্ডত এনে কোটি কোটি তৰা আছে, যিবোৰ সূৰ্য্যতকৈ বহু গুণে ডাঙৰ। এনেধৰণৰ এটা বিশাল তৰা হৈছে, ইউৱাই স্কুটি। বৈজ্ঞানিকসকলে অনুমান কৰে যে ইয়াৰ ব্যাস সূৰ্য্যতকৈ প্ৰায় ১,৭০০ গুণ ডাঙৰ। যদি এই তৰা সূৰ্য্যৰ ঠাইত থকা হʼলে গোটেই পৃথিৱীক আগুৰি ধৰিলেহেঁতেন। ইয়াৰ উপৰিও বৃহস্পতি গ্ৰহৰ কক্ষকো ঢুকি পালেহেঁতেন। যিদৰে বাইবেলত লিখা আছে, এই বিশাল তৰাই প্ৰমাণ কৰে যে যিহোৱাই নিজৰ শক্তিৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।

ঈশ্বৰৰ শক্তিৰ পৰা আমাৰ কেনেকৈ লাভ হয়? ঈশ্বৰে নিজৰ শক্তিৰে যিবোৰ বস্তু বনালে আমি জীয়াই থাকিবলৈ সেইবোৰ বস্তুৰ অতি প্ৰয়োজন। যেনে, সূৰ্য্য আৰু পৃথিৱীৰ সকলো বস্তু। ঈশ্বৰে মানুহৰ বাবেও নিজৰ শক্তি ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, প্ৰথম শতিকাত তেওঁ যীচুক চমৎকাৰ কৰিবলৈ শক্তি দিছিল। বাইবেলত কোৱা হৈছে যে যীচুৰ চমৎকাৰৰ পৰা ‘অন্ধ লোকসকলে দেখা পাইছিল, খোৰাই খোজকাঢ়িব পাৰিছিল, কুষ্ঠৰোগী সুস্থ হৈছিল, কলাই শুনিব পাৰিছিল আৰু মৃত লোকসকলক আকৌ জীয়াই তোলা হৈছিল।’ (মথি ১১:৫) বৰ্তমান সময়ৰ বিষয়েনো কি? আজিও যিহোৱাই নিজৰ শক্তি দি আমাক সহায় কৰে। বাইবেলত লিখা আছে যে ‘যিহোৱাই ক্লান্ত হোৱা লোকক শক্তি দান কৰে’ আৰু ‘যিবিলাকে যিহোৱালৈ অপেক্ষা কৰে, তেওঁবিলাকে নতুন নতুন বল পায়।’ (যিচয়া ৪০:২৯, ৩১) যেতিয়া আমি ডাঙৰ ডাঙৰ সমস্যা আৰু চিন্তাৰ সন্মুখীন হওঁ, তেতিয়া সেইবোৰ সন্মুখীন হʼবলৈ আমাক শক্তি দিয়ে। তেওঁ এনে শক্তি দিয়ে “যি সাধাৰণ ব্যক্তিৰ শক্তিতকৈ বহুগুণে শক্তিশালী।” (২ কৰিন্থীয়া ৪:৭, NW) আমি লক্ষ্য কৰিলোঁ যে তেওঁ নিজৰ শক্তি আমাৰ ভালৰ কাৰণে ব্যৱহাৰ কৰে। আপুনি এনে ঈশ্বৰৰ লগত বন্ধুত্ব কৰিব নিবিচাৰেনে?

ঈশ্বৰ বুদ্ধিমান হয়

“হে যিহোৱা, তোমাৰ কাৰ্য্য কিমান বহুবিধ! জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা।”গীতমালা ১০৪:২৪

যেতিয়া আমি ঈশ্বৰে কৰা সৃষ্টিৰ ওপৰত ধ্যান দিওঁ, তেতিয়া আমি তেওঁৰ বুদ্ধি দেখি আচৰিত হওঁ। আজি বৈজ্ঞানিকসকলে সৃষ্টিৰ বস্তুবোৰৰ ওপৰত অধ্যয়ন কৰে আৰু সেইবোৰৰ নকল কৰি আৱিষ্কাৰ কৰা বস্তুবোৰত শুধৰণি কৰে। এইদৰে কৰা অধ্যয়নক বায়োমিমেটিক্স বা বায়োমিমিক্ৰী কোৱা হয়। এইদৰে সৃষ্টিৰ অধ্যয়ন কৰি বৈজ্ঞানিকসকলে কেমেৰাৰ দৰে সৰু লেন্স আদি কৰি, উৰা জাহাজৰ দৰে ডাঙৰ ডাঙৰ বস্তুৰ আৱিষ্কাৰত শুধৰণি কৰিছে।

আমাৰ চকু এক আকৰ্ষণীয় সৃষ্টি

ঈশ্বৰৰ বুদ্ধিৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে, মানুহৰ গঠন। মন কৰক, এগৰাকী মাতৃৰ গৰ্ভত সন্তান কেনেকৈ ডাঙৰ হয়। ইয়াৰ আৰম্ভণি এটা সৰু কোষৰ পৰা হয়, যাৰ ডি.এন.এ.-ত সকলো আনুবংশিক তথ্য থাকে। তাৰ পাছত কোষবোৰ বিভাজিত হৈ বহুতো কোষত পৰিণত হয়, যিবোৰ দেখাত একে যেন লাগে। কিন্তু সঠিক সময়ত সেই কোষবোৰ প্ৰায় ২০০ প্ৰকাৰৰ বেলেগ বেলেগ কোষৰ ৰূপ লয়। যেনে: ৰক্ত কোষ, স্নায়ু কোষ, হাৰৰ কোষ ইত্যাদি। কিছুসময়ৰ পাছত শৰীৰৰ অংগ গঠন হʼবলৈ ধৰে আৰু সেইবোৰ কাম কৰিবলৈ ধৰে। ন মাহৰ ভিতৰতে সেই কোষে এটা সন্তানলৈ পৰিণত হয়, যি কোটি কোটি কোষেৰে গঠিত। ঈশ্বৰৰ এই বুদ্ধিৰে ভৰা সৃষ্টিক দেখি বহুতোলোকে আচৰিত হয়। তেওঁলোকেও বাইবেলৰ এজন লেখকৰ দৰে অনুভৱ কৰে। তেওঁ ঈশ্বৰৰ বিষয়ে এইদৰে কৈছিল, ‘মই তোমাৰ ধন্যবাদ কৰিম; কিয়নো মই অদ্ভুতৰূপে নিৰ্ম্মিত হলোঁ।’—গীতমালা ১৩৯:১৪.

ঈশ্বৰৰ বুদ্ধিৰ পৰা আমি কেনেকৈ লাভৱান হওঁ? আমাৰ সৃষ্টিকৰ্তাই জানে যে আমি আনন্দত থাকিবলৈ হʼলে কি কৰিব লাগিব। তেৱে বুদ্ধি আৰু জ্ঞানৰ উৎস আৰু তেওঁ বাইবেলত বহুতো ভাল পৰামৰ্শ দিছে। যেনে, তাত কোৱা হৈছে যে “এজনে-আনজনক সম্পূৰ্ণ মনেৰে ক্ষমা কৰা।” (কলচীয়া ৩:১৩, NW) এই পৰামৰ্শ লাভজনক নে? হয়। এজন ব্যক্তিয়ে যেতিয়া আনক ক্ষমা কৰে, তেতিয়া তেওঁৰ স্বাস্থ্য ভালে থাকে। তেওঁৰ ভাল টোপনি হয়, ব্লাড প্ৰেচাৰ ঠিকে থাকে, গভীৰ নিৰাশা আৰু বেলেগ বেমাৰ হোৱাৰ সম্ভাৱনা কম থাকে। ঈশ্বৰ এজন বুদ্ধিমান আৰু মৰমীয়াল বন্ধুৰ দৰে হয়। তেওঁ সদায় আমাৰ ভালৰ বাবে পৰামৰ্শ দিয়ে। (২ তীমথিয় ৩:১৬, ১৭) আপুনি এনে ঈশ্বৰৰ লগত বন্ধুত্ব কৰিব নিবিচাৰেনে?

ঈশ্বৰে ন্যায় ভাল পায়

“যিহোৱাই ন্যায়-বিচাৰ ভাল পায়।”গীতমালা ৩৭:২৮.

ঈশ্বৰে সদায় সঠিক কাম কৰে। ‘ঈশ্বৰে যে কুকৰ্ম্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এয়া সম্ভৱ নহয়।’ (ইয়োব ৩৪:১০) তেওঁৰ নিৰ্ণয় কেতিয়াও ভুল নহয়। এই বিষয়ে বাইবেলৰ এজন লেখকে এইদৰে কৈছিল, ‘তুমি কাৰো পক্ষ নোলোৱাকৈ লোকসকলৰ বিচাৰ কৰিবা।’ (গীতমালা ৬৭:৪) যিহোৱাক কোনেও ঠগিব নোৱাৰে, কিয়নো তেওঁ ‘মানুহৰ হৃদয় চাব পাৰে।’ যদি কোনোবাই কেৱল ভাল হৈ দেখুৱাই, তেতিয়াও যিহোৱাই এয়া বুজিব পাৰে। তেওঁ সকলো কথা ভালদৰে পৰীক্ষা কৰিব পাৰে। (১ চমূৱেল ১৬:৭) ইয়াৰ ওপৰিও, আজি পৃথিৱীত হৈ থকা অন্যায় আৰু বিশ্বাসঘাতৰ বিষয়ে যিহোৱাই ভালদৰে জানে। তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ অতি সোনকালে ‘দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰিব।’—হিতোপদেশ ২:২২.

কিন্তু ঈশ্বৰে কঠোৰভাৱে ন্যায় নকৰে। তেওঁ এয়া চাই নাথাকে যে কোনে কেতিয়া ভুল কৰিব আৰু তেওঁ শাস্তি দিব। যদি কিবা উচিত কাৰণ থাকে, তেনেহʼলে তেওঁ ক্ষমা কৰে। “যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ।” যদি এজন দুষ্ট ব্যক্তিয়ে হৃদয়েৰে অনুতাপ কৰে, তেনেহʼলে তেওঁকো ঈশ্বৰে ক্ষমা কৰে। সঁচাকৈ যিহোৱাই সঠিকভাৱে ন্যায় কৰে।—গীতমালা ১০৩:৮; ২ পিতৰ ৩:৯.

ঈশ্বৰৰ ন্যায়ৰ পৰা আমাৰ কেনেকৈ লাভ হয়? বাইবেলৰ এজন লেখক পিতৰে কৈছিল, “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়।” (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) ঈশ্বৰে কাৰো লগত পক্ষপাত নকৰে। সেইবাবে আমি যিয়ে ভাষাৰ, দেশৰ বা জাতিৰ নহওঁ কিয়, পঢ়া-লিখা হওঁ বা নহওঁ কিয়, আমি সকলোৱে তেওঁৰ উপাসনা কৰিব পাৰোঁ।

ঈশ্বৰে পক্ষপাত নকৰে। আমি যিয়ে ভাষাৰ, দেশৰ বা জাতিৰ নহওঁ কিয়, আমি সকলোৱে তেওঁৰ উপাসনা কৰিব পাৰোঁ

ঈশ্বৰৰ দৃষ্টিত কি ভাল আৰু কি বেয়া, এয়া বুজি পোৱাটো আৰু লগতে ইয়াৰ পৰা লাভৱান হোৱাটো ঈশ্বৰে বিচাৰে। এয়া আমি কিয় কʼব পাৰোঁ? কিয়নো তেওঁ আমাক বিবেক দিছে। এয়া নিয়মৰ দৰে হয়, যি ‘আমাৰ হৃদয়ত লিখা আছে।’ বিবেকে আমাক অনুভৱ কৰাই যে আমাৰ ব্যৱহাৰ সঠিক হয় নে ভুল। (ৰোমীয়া ২: ১৫) ইয়াৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ? যদি আমি নিজৰ বিবেকক ভালদৰে প্ৰশিক্ষণ দিওঁ, তেনেহʼলে ইয়ে বেয়া কাম কৰিবলৈ আমাক বাধা দিব পাৰে। যদি আমাৰ পৰা কিবা ভুল হৈ যায়, তেনেহʼলে ইয়ে আমাক অনুতাপ কৰিবলৈ আৰু নিজকে শুধৰণি কৰিবলৈ উৎসাহিত কৰিব পাৰে। সঁচাকৈ, যেতিয়া আমি বুজি পাওঁ যে যিহোৱাৰ দৃষ্টিত কি সঠিক আৰু কি ভুল হয়, তেতিয়া আমি লাভৱান হওঁ আৰু তেওঁৰ কাষ চাপো।

ঈশ্বৰ প্ৰেম হয়

“ঈশ্বৰ প্ৰেম।”১ যোহন ৪:৮.

বাইবেলত কোৱা হৈছে যে ঈশ্বৰ শক্তিশালী আৰু বুদ্ধিমান হয়, লগতে ন্যায়েৰে কাম কৰে। কিন্তু প্ৰেমৰ বিষয়ে কʼবলৈ গলে, ইয়াত কেৱল এয়া লিখা নাই যে ঈশ্বৰে প্ৰেম কৰে, তাৰ পৰিৱৰ্তে ঈশ্বৰ প্ৰেম হয় বুলি লিখা হৈছে। মন কৰিবলগীয়া কথা যে বাইবেলত এইদৰে লিখা নাই ঈশ্বৰ শক্তি, বুদ্ধি আৰু ন্যায় হয়। কিয়? কিয়নো ঈশ্বৰ শক্তিশালী হোৱাৰ বাবে তেওঁ যিকোনো কাম কৰিব পাৰে আৰু তেওঁ সদায় ন্যায় আৰু বুদ্ধিৰে কাম কৰে। কিন্তু প্ৰেম কেৱল এনে এটা গুণ হয়, যিয়ে তেওঁক সকলো কাম কৰিবলৈ উৎসাহিত কৰে। তেওঁ প্ৰেমৰ বাবেহে সকলো কাম কৰে।

তেওঁৰ কোনো বস্তুৰ অভাৱ হৈছিল, সেইবাবে তেওঁ মানুহ আৰু স্বৰ্গদূতক সৃষ্টি কৰিলে এনে নহয়, কিন্তু প্ৰেমৰ বাবেহে কৰিলে। তেওঁ নিস্বাৰ্থভাৱে পৃথিৱী আৰু আমাক সৃষ্টি কৰিলে, যাতে আমি আনন্দেৰে জীয়াই থাকিব পাৰোঁ। তেওঁ আজিও লোকসকলক বহুত প্ৰেম কৰে। সেইবাবে “তেওঁ ভাল আৰু বেয়া দুয়োজনকে ৰʼদ দিয়ে আৰু ভাল কাম কৰা আৰু বেয়া কাম কৰা দুয়োজনৰ ওপৰতে বৰষুণ পেলায়।”—মথি ৫:৪৫.

ইয়াৰ উপৰিও ‘যিহোৱা স্নেহৱান আৰু দয়ালু ঈশ্বৰ হয়।’ (যাকোব ৫:১১) যিসকলে হৃদয়েৰে তেওঁক জানিবলৈ চেষ্টা কৰে আৰু তেওঁৰ কাষ চাপিব বিচাৰে যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে আৰু যত্ন লয়, আনকি আপোনাকো।—১ পিতৰ ৫:৭.

ঈশ্বৰৰ প্ৰেমৰ পৰা আমি কেনেকৈ লাভৱান হওঁ? আমি বহুতো উপায়েৰে ঈশ্বৰৰ প্ৰেমৰ আনন্দ লʼব পাৰোঁ। যেনে, বেলি মাৰ যোৱাৰ সুন্দৰ দৃশ্য, লʼৰা-ছোৱালীৰ হাঁহি, পৰিয়ালৰ লোকসকলৰ লগত সময় অতিবাহিত কৰা আৰু এনেধৰণৰ আন কামবোৰৰ পৰা আমি আনন্দ উপভোগ কৰোঁ। আমি জীয়াই থাকিবলৈ এইবোৰ বস্তুৰ প্ৰয়োজন নাই, কিন্তু এইবোৰে আমাৰ জীৱন আনন্দময় কৰি তোলে।

ঈশ্বৰৰ প্ৰেমৰ আৰু এটা প্ৰমাণ হৈছে, তেওঁ আমাক প্ৰাৰ্থনা কৰিবলৈ সুযোগ দিছে। বাইবেলে কয়, “তোমালোকে একোলৈ চিন্তা নকৰিবা; কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা।” এজন ভাল পিতৃৰ দৰে যিহোৱাও বিচাৰে যে আমি তেওঁক নিজৰ মনৰ কথা খুলি কওঁ আৰু সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত তেওঁক সহায় বিচাৰোঁ। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক “শান্তি” দিব, কিয়নো তেওঁ আমাক বহুত প্ৰেম কৰে।—ফিলিপীয়া ৪:৬, ৭.

এই লেখত আমি ঈশ্বৰৰ কিছুমান বিশেষ গুণবোৰৰ বিষয়ে মন কৰিলোঁ। যেনে, তেওঁ কিমান শক্তিশালী, বুদ্ধিমান, ন্যায়ী আৰু আমাক প্ৰেম কৰে। এতিয়া আপুনি হয়তো ঈশ্বৰৰ গুণবোৰৰ বিষয়ে ভালদৰে বুজি পাইছে। যদি আপুনি ঈশ্বৰৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰে, তেনেহʼলে পৰৱৰ্তী লেখবোৰ পঢ়িবলৈ আমি আপোনাক অনুৰোধ কৰিছোঁ। সেই লেখবোৰত জনোৱা হৈছে যে ঈশ্বৰে আমাৰ বাবে এতিয়ালৈকে কি কি কৰিছে আৰু আগলৈ কি কৰিব।

ঈশ্বৰৰ কি কি গুণ আছে? যিহোৱা সকলোতকৈ শক্তিশালী, বুদ্ধিমান আৰু ন্যায়ী ঈশ্বৰ। কিন্তু তেওঁৰ আটাইতকৈ আকৰ্ষণীয় গুণ হৈছে, প্ৰেম