Skip to content

পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে

আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?

আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?

 মানুহৰ সকলো সমস্যা ঈশ্বৰৰ ৰাজ্যত শেষ হʼব বুলি যীচুৱে শিকাইছিল। (মথি ৬:১০) মথি ১৩:৪৪-৪৬ পদত তেওঁ দুটা উদাহৰণ দি বুজাইছিল যে ঈশ্বৰৰ ৰাজ্যৰ সত্যতা কিমান মূল্যৱান।

  •   এজন ব্যক্তিয়ে কাম কৰি থকাৰ সময়ত হঠাতে ৰত্ন বিচাৰি পালে।

  •   এজন সদাগৰে যাত্ৰা কৰি থকাৰ সময়ত বহুমূলীয়া মুকুতা বিচাৰি পালে।

 দুয়োজনে যি বহুমূলীয়া মুকুতা বিচাৰি পাইছিল, সেয়া লাভ কৰিবলৈ তেওঁলোকে নিজৰ সকলো ধন-সম্পত্তি বিক্ৰী কৰি দিলে। এই লোকসকলে ঈশ্বৰৰ ৰাজ্যক গুৰুত্ব দিয়া লোকসকলক চিত্ৰিত কৰে, যিসকলে আশীৰ্বাদ লাভ কৰিবলৈ বহুতো ত্যাগ কৰিছে। (লূক ১৮:২৯, ৩০) যীচুৱে যি দুজন ব্যক্তিৰ উদাহৰণ দিছিল, তেওঁলোকৰ নিচিনা দুজন ব্যক্তিৰ বিষয়ে এই ভিডিঅʼখনত চাবলৈ পাম।