Skip to content

এক সুখী পৰিয়াল গঢ়ি তুলিবলৈ বাইবেলে মোক সহায় কৰিবনে?

এক সুখী পৰিয়াল গঢ়ি তুলিবলৈ বাইবেলে মোক সহায় কৰিবনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 নিশ্চয় সহায় কৰিব! বাইবেল আধাৰিত কিছুমান উত্তম পৰামৰ্শ তলত উল্লেখ কৰা হৈছে। লাখ লাখ পুৰুষ আৰু তিৰোতাই এই পৰামৰ্শবোৰ পালন কৰি এক সুখী পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হৈছে।

  1.  ১. আপোনাৰ বিবাহ আইনসঙ্গত কৰক। আইনগতভাৱে বিবাহ কৰি এহাল দম্পতীয়ে এজনে-আনজনৰ প্ৰতি চিৰজীৱন এক হৈ থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ইয়ে হৈছে সুখী পৰিয়ালৰ আধাৰ।​—মথি ১৯:৪-৬.

  2.  ২. প্ৰেম আৰু সন্মান দেখুৱাওক। আপোনাৰ সংগীৰপৰা আপুনি যেনে ব্যৱহাৰ আশা কৰে, তেনে ব্যৱহাৰ আপুনিও আপোনাৰ সংগীৰ লগত কৰক।​—মথি ৭:১২; ইফিচীয়া ৫:২৫, ৩৩.

  3.  ৩. কঠোৰতাৰে উত্তৰ নিদিব। আপোনাৰ সংগীয়ে যদিও আপোনাৰ মনত আঘাত লগাকৈ কিবা কয়, তথাপিও আপুনি নম্ৰতাৰে উত্তৰ দিয়ক। (ইফিচীয়া ৪:৩১, ৩২) পবিত্ৰ শাস্ত্ৰ বাইবেলত উল্লেখ থকা হিতোপদেশ ১৫:১ পদত এইদৰে বৰ্ণনা আছে: “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কটু কথাই খং তোলে।”

  4.  ৪. এজনে-আনজনৰ প্ৰতি বিশ্বাসী হওক। কেৱল আপোনাৰ সংগীৰ লগতহে প্ৰেম আৰু যৌন কাৰ্য্যত জড়িত হওক। (মথি ৫:২৮) বাইবেলে এইদৰে বৰ্ণনা কৰে: “সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।”—ইব্ৰী ১৩:৪.

  5.  ৫. প্ৰেমেৰে আপোনাৰ সন্তানক শিক্ষা দিয়ক। সহনশীলতা আৰু কঠোৰতা দুয়োটাই ত্যাগ কৰক।​—হিতোপদেশ ২৯:১৫; কলচীয়া ৩:২১.