Skip to content

যীচু সৰ্ব্বশক্তিমান ঈশ্বৰ হয় নেকি?

যীচু সৰ্ব্বশক্তিমান ঈশ্বৰ হয় নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

যীচুৱে নিজকে ঈশ্বৰৰ সমতুল্য কৰিছে বুলি বিৰোধিসকলে অভিযোগ কৰিছিল। (যোহন ৫:১৮; ১০:৩০-৩৩) কিন্তু যীচুৱে নিজকে সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমতুল্য বুলি কেতিয়াও দাবী কৰা নাছিল। তেওঁ এইদৰে কৈছিল: “পিতৃ মোতকৈ মহান।”—যোহন ১৪:২৮.

যীচুৰ আৰম্ভণিৰ শিষ্যসকলে তেওঁক সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমতুল্য বুলি দৃষ্টি কৰা নাছিল। উদাহৰণস্বৰূপে, পাঁচনি পৌলে উল্লেখ কৰিছিল যে যীচুৰ পুনৰুত্থানৰ পাছত “ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে।” নিঃসন্দেহ, যীচু সৰ্ব্বশক্তিমান ঈশ্বৰ হয় বুলি পৌলে বিশ্বাস কৰা নাছিল। যদি যীচু ঈশ্বৰৰ সমতুল্য আছিল, তেনেহʼলে ঈশ্বৰে কেনেকৈ যীচুক অতি ওখ পদ দিছিল?—ফিলিপীয়া ২:১০.