Skip to content

যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?

যীচুৰ নামেৰে কিয় প্ৰাৰ্থনা কৰা উচিত?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰা উচিত। আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিলেহে ঈশ্বৰে গ্ৰহণ কৰিব। যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) যীচুৱে নিজৰ বিশ্বাসী পাঁচনিসকলকো এইদৰে কৈছিল: “মই তোমালোকক অতি স্বৰূপকৈ কওঁ, পিতৃৰ আগত যদি কিবা খোজা, তেন্তে তেওঁ মোৰ নামেৰে তোমালোকক তাক দিব।”—যোহন ১৬:২৩.

যীচুৰ নামেৰে প্ৰাৰ্থনা কৰাৰ বিভিন্ন কাৰণ

  •   আমি যীচু আৰু তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰক সমাদৰ কৰোঁ।—ফিলিপীয়া ২:৯-১১.

  •   আমাৰ উদ্ধাৰৰ বাবে ঈশ্বৰে দিয়া যীচুৰ বলিদানক আমি মূল্যাংকন কৰোঁ।—মথি ২০:২৮; পাঁচনিৰ কৰ্ম্ম ৪:১২.

  •   ঈশ্বৰ আৰু মানুহৰ মাজত মধ্যস্থতাকাৰী হিচাপে কৰা যীচুৰ বিশেষ কাৰ্য্যক আমি স্বীকাৰ কৰা উচিত।—ইব্ৰী ৭:২৫.

  •   মহাপুৰোহিত হিচাপে কৰা যীচুৰ সেৱাক আমি সন্মান কৰোঁ। কিয়নো ঈশ্বৰৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁ আমাক সহায় কৰিছে।—ইব্ৰী ৪:১৪-১৬.