Skip to content

বিবাহ-বিচ্ছেদৰ বাবে বাইবেলে অনুমতি দিয়ে নেকি?

বিবাহ-বিচ্ছেদৰ বাবে বাইবেলে অনুমতি দিয়ে নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলে বিবাহ-বিচ্ছেদৰ বাবে অনুমতি দিছে। কিন্তু কেৱল এটা কাৰণৰ বাবেহে বিবাহ-বিচ্ছেদ সম্ভৱ বুলি যীচুৱে উল্লেখ কৰিছিল আৰু সেয়া হৈছে ব্যভিচাৰ। তেওঁ এইদৰে কৈছিল: “যি কোনোৱে ব্যভিচাৰত [বিবাহৰ বাহিৰত যৌন সম্পৰ্ক] বাজে, আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে।”—মথি ১৯:৯.

 বিশ্বাসঘাতকতা অথবা ছলনাৰে বিবাহ-বিচ্ছেদ কৰাটো ঈশ্বৰে ঘৃণা কৰে। যিসকলে সৰু-সুৰা কাৰণৰ বাবে আৰু বিশেষকৈ আনক বিবাহ কৰাৰ উদ্দেশ্যেৰে বিবাহ-বিচ্ছেদ কৰে, তেওঁলোকক ঈশ্বৰে শাস্তি দিব।—মলাখী ২:১৩-১৬; মাৰ্ক ১০:৯.