লূকে লিখা শুভবাৰ্তা ৭:১-৫০

  • এজন সেনাপতিৰ বিশ্বাস (১-১০)

  • নায়িন চহৰত যীচুৱে এগৰাকী বিধৱাৰ লʼৰাক আকৌ জীয়াই তুলে (১১-১৭)

  • যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰশংসা (১৮-৩০)

  • এই যুগৰ জিদ্দি লোকসকলক নিন্দা কৰা (৩১-৩৫)

  • এগৰাকী পাপিনীক ক্ষমা কৰে (৩৬-৫০)

    • ধাৰ লোৱাবিলাকৰ উদাহৰণ (৪১-৪৩)

 যীচুৱে লোকসকলক কʼব বিচৰা সকলো কথা কোৱাৰ পাছত তেওঁ কফৰনাহূমলৈ আহিল। ২  তাত এজন সেনাপতি আছিল, যিজনে নিজৰ এজন দাসক বহুত প্ৰেম কৰিছিল। সেই দাসজন ইমানেই বেমাৰ হৈছিল যে তেওঁৰ মৰো মৰো অৱস্থা হৈছিল। ৩  যেতিয়া সেনাপতিজনে যীচুৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ যিহূদী নেতাসকলক যীচুৰ ওচৰলৈ পঠিয়ালে আৰু আহি তেওঁৰ দাসজনক সুস্থ কৰিবলৈ মিনতি কৰিবলৈ কʼলে। ৪  যেতিয়া তেওঁলোকে যীচুৰ ওচৰত পালেগৈ, তেতিয়া যীচুক মিনতি কৰিবলৈ ধৰিলে, “সেই সেনাপতিজন এজন ভাল ব্যক্তি হয়। অনুগ্ৰহ কৰি তেওঁৰ সহায় কৰক। ৫  তেওঁ যিহূদীসকলক প্ৰেম কৰে। তেৱেঁই আমাৰ কাৰণে সভাঘৰ বনাই দিছে।” ৬  তেতিয়া যীচু তেওঁলোকৰ লগত গʼল। কিন্তু যেতিয়া যীচু তেওঁৰ ঘৰৰ পৰা অলপহে দূৰত আছিল, তেতিয়া সেনাপতিজনৰ কিছুমান বন্ধু তেওঁৰ ওচৰলৈ আহিল, যিসকলৰ লগত তেওঁ এই খবৰ পঠিয়াইছিল: “প্ৰভু, আৰু কষ্ট নকৰিব। কাৰণ মই ইমান যোগ্য নহয় যে আপুনি মোৰ ঘৰলৈ আহিব। ৭  সেইবাবে, মই আপোনাৰ ওচৰলৈ আহিবলৈ নিজকে যোগ্য বুলি ভবা নাই। আপুনি কেৱল এবাৰ মুখেৰে কওক আৰু মোৰ সেৱকজন সুস্থ হৈ যাব। ৮  কিয়নো ময়ো আন অধিকাৰীৰ অধীনত কাম কৰোঁ আৰু মোৰ অধীনতো সেনাবিলাকে কাম কৰে। যেতিয়া মই এজনক কওঁ ‘যা!’ তেতিয়া সি যায় আৰু যেতিয়া আনজনক কওঁ, ‘আ!’ তেতিয়া সি আহে আৰু মই নিজৰ দাসক ‘এইটো কৰ’ বুলি কʼলে সি কৰে।” ৯  যেতিয়া যীচুৱে সেই সেনাপতিজনৰ কথা শুনিলে, তেতিয়া তেওঁ আচৰিত হʼল। তেওঁ ঘূৰি চাই তেওঁৰ পিছে পিছে অহা ভীৰক কʼলে, “মই তোমালোকক কৈছোঁ, তেওঁৰ নিচিনা বিশ্বাস মই ইস্ৰায়েলতো দেখা নাই।” ১০  যিসকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ পাছত দেখিলে যে সেই দাসজন একেবাৰে সুস্থ হৈ গʼল। ১১  কিছুসময়ৰ পাছত তেওঁ নায়িন নামৰ এখন চহৰলৈ গʼল। তেওঁৰ শিষ্যসকল আৰু এটা ডাঙৰ ভীৰ তেওঁৰ লগত গৈ আছিল। ১২  যেতিয়া তেওঁ চহৰৰ দুৱাৰ ওচৰ পালেহি, তেতিয়া চোৱা! লোকসকলে এজন মানুহৰ মৃতদেহ লৈ গৈছিল, যিজন এগৰাকী বিধৱাৰ একমাত্ৰ লʼৰা আছিল। সেই চহৰৰ পৰা বহুতো লোকে সেই তিৰোতাগৰাকীৰ লগত গৈ আছিল। ১৩  যেতিয়া প্ৰভুৱে সেই তিৰোতাগৰাকীক দেখিলে, তেতিয়া তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল আৰু যীচুৱে তেওঁক কʼলে, “নাকান্দিবা।” ১৪  তেতিয়া তেওঁ ওচৰলৈ আহি চাঙীখন* চুলে আৰু চাঙীখন উঠাই নিয়া লোকসকল ৰৈ গʼল। তাৰ পাছত তেওঁ কʼলে, “হে ডেকা, মই তোমাক কৈছোঁ, উঠা!” ১৫  তেতিয়া মৃত্যু হোৱা সেই ডেকাজন উঠি বহিল আৰু কথা পাতিবলৈ ধৰিলে। আৰু যীচুৱে তেওঁক তেওঁৰ মাকক দি দিলে। ১৬  এয়া দেখি সকলোৱে ভয় খালে আৰু তেওঁলোকে এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভৱিষ্যবক্তা আহিছে” আৰু “ঈশ্বৰে নিজৰ লোকসকলৰ প্ৰতি ধ্যান দিছে।” ১৭  তেওঁৰ বিষয়ে এই খবৰ গোটেই যিহূদিয়া আৰু আশে-পাশে থকা সকলো এলেকাত বিয়পি পৰিল। ১৮  যোহনৰ শিষ্যসকলে এই সকলো কথাৰ বিষয়ে যোহনক জনালে। ১৯  তেতিয়া যোহনে নিজৰ দুজন শিষ্যক মাতিলে আৰু প্ৰভুক এই কথা সুধিবলৈ তেওঁলোকক পঠালে, “যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে? নে আমি আন কাৰোবালৈ বাট চাম?” ২০  যেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁলোকে কʼলে, “যোহন বাপ্তিষ্মা দিওঁতাই আমাক আপোনাৰ ওচৰলৈ এয়া সুধিবলৈ পঠাইছে, ‘যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে? নে আমি আন কাৰোবালৈ বাট চাম?’” ২১  সেই সময়তে যীচুৱে বহুতো লোকৰ বেমাৰ আৰু কষ্টদায়ক ৰোগ সুস্থ কৰিলে। আৰু লোকসকলৰ শৰীৰত সোমাই থকা দুষ্ট স্বৰ্গদূতক উলিয়ালে আৰু বহুতো অন্ধ লোকৰ চকুৰ দৃষ্টিশক্তি ঘূৰাই দিলে। ২২  যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে যি দেখিলা আৰু শুনিলা, সেই সকলো কথা যোহনক কোৱাগৈ: অন্ধ লোকসকলে এতিয়া দেখা পাইছে, খোৰাই খোজকাঢ়িব পাৰিছে, কুষ্ঠ ৰোগীক সুস্থ কৰা হৈছে,* কলাই শুনিব পাৰিছে, মৃত লোকসকলক আকৌ জীয়াই তোলা হৈছে আৰু দুখীয়া লোকসকলক শুভবাৰ্তা জনোৱা হৈছে। ২৩  যিজনে মোৰ বিষয়ে সন্দেহ নকৰে, তেওঁ সুখী।”* ২৪  যেতিয়া যোহনৰ শিষ্যসকল গুচি গʼল, তেতিয়া যীচুৱে যোহনৰ বিষয়ে ভীৰৰ লোকসকলক এইদৰে কʼবলৈ ধৰিলে, “তোমালোকে অৰণ্যলৈ* কি চাবলৈ গৈছিলা? বতাহে লৰোৱা নলখাগৰিক? ২৫  তেনেহʼলে তোমালোকে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা কোনো মানুহক নে? দামী কাপোৰ পিন্ধা লোকসকল আৰু লাস-বিলাসেৰে জীৱন-যাপন কৰা লোকসকল দেখোন ৰজাৰ ঘৰত থাকে। ২৬  তেনেহʼলে তোমালোকে কি চাবলৈ গৈছিলা? এজন ভৱিষ্যবক্তাক? হয়, তেওঁ এজন ভৱিষ্যবক্তা। কিন্তু মই তোমালোকক কওঁ, ভৱিষ্যবক্তাতকৈও মহান ব্যক্তিক চাবলৈ গৈছিলা। ২৭  এইজন তেৱেঁই, যিজনৰ বিষয়ে শাস্ত্ৰত লিখা আছে, ‘চোৱা! মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাইছোঁ, যিজনে তোমাৰ কাৰণে পথ তৈয়াৰ কৰিব।’ ২৮  মই তোমালোকক সঁচাকৈ কৈছোঁ, এতিয়ালৈকে যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত যোহনতকৈ মহান কোনো নাই। কিন্তু যিজন ঈশ্বৰৰ ৰাজ্যত আটাইতকৈ সৰু, তেওঁ যোহনতকৈ মহান।” ২৯  (যেতিয়া কৰতোলা লোক আৰু সকলোৱে এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼলে যে ঈশ্বৰ সত্য হয়। এই লোকসকলে সেই বাপ্তিষ্মা লৈছিল, যাৰ বিষয়ে যোহনে প্ৰচাৰ কৰিছিল। ৩০  কিন্তু ফৰীচী আৰু যিসকলে নিয়মৰ বিষয়ে জানিছিল, তেওঁলোকে সেই বাপ্তিষ্মা লোৱা নাছিল। আৰু ঈশ্বৰে তেওঁলোকৰ বাবে যি উদ্দেশ্য ৰাখিছিল, সেয়া তেওঁলোকে অস্বীকাৰ কৰিলে।) ৩১  “সেইবাবে, মই এই যুগৰ লোকসকলক কাৰ লগত তুলনা কৰিম? এওঁলোক কাৰ নিচিনা? ৩২  এওঁলোক এনেকুৱা লʼৰা-ছোৱালীৰ নিচিনা হয়, যিসকলে বজাৰত বহি এজনে-আনজনক মাতি কয়, ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালোঁ, কিন্তু তোমালোকে নানাছিলা। আমি শোক কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা।’ ৩৩  ঠিক সেইদৰে, যোহন বাপ্তিষ্মা দিওঁতাই আনৰ দৰে ৰুটি আৰু দ্ৰাক্ষাৰস নাখায়, তথাপি তোমালোকে কোৱা, ‘তেওঁক দুষ্ট স্বৰ্গদূতে পাইছে।’ ৩৪  আনহাতে মানুহৰ পুত্ৰই আনৰ নিচিনাকৈ খোৱা-বোৱাও কৰে, তথাপিও তোমালোকে কোৱা, ‘চোৱা! এই মানুহজন খকুৱা আৰু মদাহী, কৰতোলা আৰু পাপীবিলাকৰ বন্ধু!’ ৩৫  কিন্তু বুদ্ধি নিজৰ সকলো পৰিণামৰ* যোগেদি সঠিক বুলি প্ৰমাণিত হয়।” ৩৬  চিমোন নামৰ এজন ফৰীচী আছিল, যিজনে যীচুক বাৰে বাৰে তেওঁৰ ঘৰলৈ আহি খাবলৈ অনুৰোধ কৰিছিল। সেইবাবে, যীচু তেওঁৰ ঘৰলৈ গʼল আৰু খাবলৈ বহিল। ৩৭  আৰু চোৱা! সেই চহৰতে এগৰাকী তিৰোতা আছিল, যাক সকলোৱে পাপিনী বুলি কৈছিল। যেতিয়া তেওঁ গʼম পালে যে যীচু সেই ফৰীচীজনৰ ঘৰত খাবলৈ আহিছে,* তেতিয়া তেওঁ সুগন্ধি তেলৰ বটল লৈ আহিলে। ৩৮  তেওঁ যীচুৰ ভৰিৰ ওচৰত বহি কান্দি কান্দি নিজৰ চকুপানীৰে তেওঁৰ ভৰি তিয়াবলৈ ধৰিলে। আৰু নিজৰ মূৰৰ চুলিৰে তেওঁৰ ভৰি মচিবলৈ ধৰিলে। তেওঁ বাৰে বাৰে তেওঁৰ ভৰিত চুমা খালে আৰু সুগন্ধি তেল ঢালিবলৈ ধৰিলে। ৩৯  এয়া দেখি যীচুক নিমন্ত্ৰণ কৰা সেই ফৰীচীজনে মনতে কʼবলৈ ধৰিলে, “এই মানুহজন সঁচাকৈ এজন ভৱিষ্যবক্তা হোৱা হʼলে, তেওঁ জানিব পাৰিলেহেঁতেন যে তেওঁক চুই থকা তিৰোতাগৰাকী কোন হয় আৰু কেনেধৰণৰ তিৰোতা হয়। তেওঁ এগৰাকী পাপিনী হয়।” ৪০  কিন্তু যীচুৱে তেওঁক কʼলে, “চিমোন, মই তোমাক কিবা কʼব বিচাৰোঁ।” তেওঁ কʼলে, “গুৰু কওক!” ৪১  “দুজন ব্যক্তিয়ে এজন মহাজনৰ পৰা ধাৰ লৈছিল। এজনে ৫০০ দীনাৰ* আৰু আনজনে ৫০ দীনাৰ। ৪২  কিন্তু তেওঁলোকৰ ওচৰত যেতিয়া ধাৰ পৰিশোধ কৰিবলৈ একোৱেই নাছিল, তেতিয়া মহাজনে উদাৰতাৰে তেওঁলোকৰ দুয়োজনৰ ধাৰ ক্ষমা কৰি দিলে। গতিকে, কোৱা, সেই দুয়োজনৰ মাজৰ কোনে মহাজনক বেছিকৈ প্ৰেম কৰিব?” ৪৩  চিমোনে উত্তৰ দিলে, “মই ভাবোঁ, সেই ব্যক্তিজনে, যিজনৰ বেছি ধাৰ ক্ষমা কৰা হʼল।” যীচুৱে কʼলে, “তুমি ঠিকেই কʼলা।” ৪৪  তেতিয়া যীচুৱে সেই তিৰোতাগৰাকীৰ ফালে চাই চিমোনক কʼলে, “এই তিৰোতাগৰাকীক দেখিছা নে, মই তোমাৰ ঘৰলৈ আহিলোঁ আৰু তুমি মোক ভৰি ধুবলৈ পানী নিদিলা। কিন্তু এই তিৰোতাগৰাকীয়ে নিজৰ চকুপানীৰে মোৰ ভৰি ধুলে আৰু নিজৰ মূৰৰ চুলিৰে মোৰ ভৰি মচিলে। ৪৫  তুমি মোক চুমা নাখালা, কিন্তু মই অহাৰে পৰা এই তিৰোতাগৰাকীয়ে মোৰ ভৰিত চুমা খাই আছে। ৪৬  তুমি মোৰ মূৰত তেল নাঢালিলা, কিন্তু এই তিৰোতাগৰাকীয়ে মোৰ ভৰিত সুগন্ধি তেল ঢালিলে। ৪৭  সেই কাৰণে মই তোমাক কৈছোঁ যে যদিও তেওঁৰ পাপ বহুত, কিন্তু সেইবোৰ ক্ষমা কৰা হʼল। সেইবাবে, তেওঁ বেছি প্ৰেম কৰিছে। কিন্তু যিজনৰ কম পাপ ক্ষমা কৰা হʼল, তেওঁ কম প্ৰেম কৰে।” ৪৮  তেতিয়া যীচুৱে তিৰোতাগৰাকীক কʼলে, “তোমাৰ পাপ ক্ষমা কৰা হʼল।” ৪৯  এয়া শুনি যিসকলে তেওঁৰ লগত মেজত বহি আছিল, তেওঁলোকে মনতে কʼবলৈ ধৰিলে, “এই মানুহজননো কোন যে তেওঁ পাপবোৰো ক্ষমা কৰে?” ৫০  কিন্তু যীচুৱে তিৰোতাগৰাকীক কʼলে, “তোমাৰ বিশ্বাসে তোমাক বচালে। যোৱা, এতিয়া আৰু চিন্তা নকৰিবা।”

Footnotes

মৰা মানুহ কঢ়িয়াই নিয়া চাঙী।
বা “শুচি কৰা হৈছে।”
মোৰ কাৰণে উজুটি নাখায়, তেওঁ সুখী।
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
বা “লʼৰা-ছোৱালীৰ।”
বা “মেজত একেলগে বহিছিল।”
অতি. খ১৪ চাওক।