মাৰ্কে লিখা শুভবাৰ্তা ১:১-৪৫

  • যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰচাৰ কাম (১-৮)

  • যীচুৰ বাপ্তিষ্মা (৯-১১)

  • চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰিলে (১২, ১৩)

  • যীচুৱে গালীলত প্ৰচাৰ কৰিবলৈ ধৰিলে (১৪, ১৫)

  • যীচুৱে চাৰিজন মাছমৰীয়াক তেওঁৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিলে (১৬-২০)

  • মানুহৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়ালে (২১-২৮)

  • যীচুৱে কফৰনাহূমত বহুতো লোকক সুস্থ কৰে (২৯-৩৪)

  • এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰে (৩৫-৩৯)

  • এজন কুষ্ঠৰোগীক সুস্থ কৰিলে (৪০-৪৫)

 ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা এইদৰে আৰম্ভ হয়: ২  ভৱিষ্যবক্তা যিচয়াৰ কিতাপত লিখা আছে, “(চোৱা! মই তোমাৰ আগত মোৰ বাৰ্তাবাহকক পঠাম, যিজনে তোমাৰ কাৰণে পথ তৈয়াৰ কৰিব।) ৩  শুনা! অৰণ্যত* কোনোবাই মাতি আছে, ‘যিহোৱাৰ* পথ তৈয়াৰ কৰা আৰু তেওঁৰ পথ পৰিষ্কাৰ কৰা।’” ৪  ইয়াৰ অনুসৰি যোহন বাপ্তিষ্মা দিওঁতাই অৰণ্যৰ এলেকালৈ আহিল। তেওঁ প্ৰচাৰ কৰিবলৈ ধৰিলে যে লোকসকলে বাপ্তিষ্মা লʼব লাগিব, যি এই কথাৰ চিন হʼব যে তেওঁলোকে নিজৰ পাপৰ কাৰণে অনুতাপ কৰিলে আৰু ক্ষমা পাব বিচাৰে। ৫  সেইবাবে, গোটেই যিহূদীয়া আৰু যিৰূচালেমৰ সকলোৱে যোহনৰ ওচৰলৈ যাবলৈ ধৰিলে। তেওঁলোকে নিজৰ পাপবোৰ সকলোৰে আগত স্বীকাৰ কৰিছিল আৰু যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিষ্মা দিছিল।* ৬  যোহনে উটৰ নোমৰ কাপোৰ পিন্ধিছিল আৰু কঁকালত ছালৰ পেটি লগাইছিল। তেওঁ ফৰিং আৰু হাবিৰ মৌ খাইছিল। ৭  তেওঁ এইদৰে প্ৰচাৰ কৰিছিল: “মোৰ পাছত অহাজন মোতকৈ বহুত শক্তিশালী। মই হাউলি তেওঁৰ জোতাৰ ফিতা খোলাৰো যোগ্য নহওঁ। ৮  মই তোমালোকক পানীত বাপ্তিষ্মা দিওঁ, কিন্তু তেওঁ তোমালোকক পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিব।” ৯  সেই সময়ত যীচুৱে গালীল প্ৰদেশৰ নাচৰত চহৰৰ পৰা যোহনৰ ওচৰলৈ আহিল আৰু যোহনে তেওঁক যৰ্দ্দন নদীত বাপ্তিষ্মা দিলে। ১০  যীচুৱে যেনেকৈ পানীৰ পৰা ওপৰলৈ আহে, তেনেকৈ তেওঁ আকাশ মুকলি হোৱা* আৰু পবিত্ৰ শক্তিক কপৌৰ* ৰূপত তেওঁৰ ওপৰত নামি অহা দেখিলে। ১১  তাৰ পাছত স্বৰ্গৰ পৰা মাত শুনা গʼল: “তুমি মোৰ প্ৰিয় পুত্ৰ, মই তোমাক গ্ৰহণ কৰিলোঁ।” ১২  তাৰ পাছতেই পবিত্ৰ শক্তিয়ে যীচুক অৰণ্যলৈ যাবলৈ পৰিচালিত কৰিলে। ১৩  যীচুৱে ৪০ দিনলৈকে অৰণ্যতে থাকিল, যʼত চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে। তাত বহুতো বনৰীয়া জন্তু আছিল, কিন্তু স্বৰ্গদূতসকলে তেওঁৰ সেৱা কৰিলে। ১৪  যোহন গ্ৰেপ্তাৰ হোৱাৰ পাছত যীচু গালীললৈ গʼল আৰু ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। ১৫  তেওঁ এইদৰে প্ৰচাৰ কৰিলে, “নিৰ্ধাৰিত সময় আহি পালে আৰু ঈশ্বৰৰ ৰাজ্য নিচেই কাষত। সেইবাবে, হে লোকসকল, অনুতাপ কৰা আৰু শুভবাৰ্তাৰ ওপৰত বিশ্বাস কৰা।” ১৬  যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোঁতে চিমোন আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল পেলোৱা দেখিলে। তেওঁলোক দুয়োজন মাছমৰীয়া আছিল। ১৭  যীচুৱে তেওঁলোকক কʼলে, “মোৰ পিছে পিছে আহা আৰু তোমালোকে যিদৰে মাছ ধৰা, ঠিক সেইদৰে মই তোমালোকক মানুহ ধৰিবলৈ শিকাম।” ১৮  তেতিয়া তেওঁলোকে লগে লগে নিজৰ জাল এৰি তেওঁৰ পিছে পিছে গʼল। ১৯  অলপ দূৰ খোজকাঢ়ি যাওঁতে যীচুৱে যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে। তেওঁলোক দুয়োজন চিবদিয়ৰ লʼৰা আছিল আৰু তেওঁলোকে নিজৰ নাৱত জাল ঠিক কৰি আছিল। ২০  অলপো দেৰি নকৰাকৈ যীচুৱে তেওঁলোকক মাতিলে। তেতিয়া তেওঁলোকে নিজৰ পিতৃ চিবদিয়ক কাম কৰা লোকসকলৰ লগত নাৱত এৰি যীচুৰ পিছে পিছে গʼল। ২১  ইয়াৰ পাছত তেওঁলোকে কফৰনাহূমলৈ গʼল। বিশ্ৰাম-বাৰ* আৰম্ভ হোৱাৰ লগে লগে তেওঁ সেই ঠাইৰ সভা ঘৰলৈ গৈ লোকসকলক শিকাবলৈ ধৰিলে। ২২  তেওঁৰ শিকোৱাৰ ধৰণ দেখি লোকসকল আচৰিত হৈছিল, কাৰণ যিসকলে নিয়ম শিকায়,* তেওঁলোকৰ দৰে শিকোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা তেওঁ শিকাইছিল। ২৩  সেই সভা ঘৰতে দুষ্ট স্বৰ্গদূতে পোৱা এজন মানুহ আছিল। তেওঁ চিঞৰি এইদৰে কʼলে, ২৪  “হে নাচৰতীয়া যীচু আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নাশ কৰিবলৈ আহিছে নে? মই জানোঁ আপুনি আচলতে কোন হয়, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।” ২৫  কিন্তু যীচুৱে তেওঁক ধমকি দি কʼলে, “মনে মনে থাক আৰু তেওঁৰ শৰীৰৰ পৰা ওলাই যা!” ২৬  তেতিয়া সেই দুষ্ট স্বৰ্গদূতজনে সেই মানুহজনক পকাই ধৰিলে আৰু জোৰেৰে চিঞৰি তেওঁৰ শৰীৰৰ পৰা ওলাই গʼল। ২৭  এয়া দেখি সকলোৱে আচৰিত হʼল আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, “এয়া কি? এয়াটো নতুন শিক্ষা! আনকি দুষ্ট স্বৰ্গদূতসকলক বাহিৰ কৰাৰ ক্ষমতাও তেওঁৰ আছে আৰু সিহঁতে তেওঁৰ কথা শুনে।” ২৮  আৰু যীচুৰ কথা গালীলৰ গোটেই এলেকাত অতি বেগেৰে বিয়পি পৰিল। ২৯  তেতিয়া তেওঁলোকে সভাঘৰৰ পৰা ওলাই চিমোন আৰু আন্দ্ৰিয়ৰ ঘৰলৈ গʼল। যাকোব আৰু যোহনো তেওঁলোকৰ লগত আছিল। ৩০  চিমোনৰ শাহুৱেকৰ জ্বৰ হৈছিল আৰু বিচনাত শুই আছিল। তেওঁলোকে লগে লগে যীচুক তেওঁৰ বিষয়ে জনালে। ৩১  যীচুৱে তেওঁৰ ওচৰলৈ গʼল আৰু হাতত ধৰি তেওঁক উঠালে। তেতিয়া তেওঁৰ জ্বৰ নাইকিয়া হʼল আৰু তেওঁ তেওঁলোকৰ সেৱা কৰিবলৈ ধৰিলে। ৩২  বেলি মাৰ যোৱাৰ পাছত যেতিয়া সন্ধিয়া হʼল, তেতিয়া লোকসকলে অসুস্থ আৰু দুষ্ট স্বৰ্গদূতে পোৱা সকলোকে যীচুৰ ওচৰলৈ আনিবলৈ ধৰিলে। ৩৩  আনকি গোটেই চহৰৰ লোকসকলে তেওঁলোকৰ দুৱাৰৰ মুখত গোট খালে। ৩৪  তেতিয়া তেওঁ বিভিন্ন ধৰণৰ বেমাৰত থকা লোকসকলক সুস্থ কৰিলে। তেওঁ বহুতো দুষ্ট স্বৰ্গদূতকো উলিয়ালে, কিন্তু তেওঁ সেই দুষ্ট স্বৰ্গদূতবিলাকক একো কʼবলৈ দিয়া নাছিল, কিয়নো সিহঁতে জানিছিল যে তেওঁ খ্ৰীষ্ট হয়।* ৩৫  পাছ দিনাখন ৰাতিপুৱা যেতিয়া আন্ধাৰেই আছিল, তেতিয়া যীচুৱে উঠি বাহিৰলৈ গʼল আৰু এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ৩৬  কিন্তু চিমোন আৰু তেওঁৰ লগৰবিলাকে যীচুক বিচাৰি ওলাই গʼল। ৩৭  আৰু যেতিয়া তেওঁলোকে যীচুক বিচাৰি পালে, তেতিয়া তেওঁলোকে কʼলে, “সকলোৱে আপোনাক বিচাৰি আছে।” ৩৮  কিন্তু তেওঁ কʼলে, “আহা আমি ওচৰে-পাজৰে থকা গাঁৱলৈ যাওঁ যাতে মই তাতো প্ৰচাৰ কৰিব পাৰোঁ, কিয়নো মই ইয়াৰ কাৰণেই আহিছোঁ।” ৩৯  তেওঁ তাৰ পৰা গʼল আৰু গোটেই গালীলত থকা সভাঘৰবোৰত প্ৰচাৰ কৰিবলৈ ধৰিলে আৰু দুষ্ট স্বৰ্গদূতবিলাকক লোকসকলৰ শৰীৰৰ পৰা বাহিৰ কৰিবলৈ ধৰিলে। ৪০  তাৰ পাছত তেওঁৰ ওচৰলৈ এজন কুষ্ঠ ৰোগীও আহিল আৰু আঁঠুকাঢ়ি তেওঁক মিনতি কৰিবলৈ ধৰিলে, “যদি আপুনি বিচাৰে, তেনেহʼলে মোক সুস্থ* কৰিব পাৰে।” ৪১  তেওঁক দেখি যীচুৰ হৃদয়খন দয়াৰে ভৰি পৰিল আৰু নিজৰ হাতখন আগবঢ়াই তেওঁক চুলে আৰু কʼলে, “হয়, মই বিচাৰোঁ। সুস্থ হোৱা।” ৪২  সেই সময়তে তেওঁৰ কুষ্ঠ ৰোগ ভাল হৈ গʼল আৰু তেওঁ সুস্থ হʼল। ৪৩  তাৰ পাছত যীচুৱে তেওঁক লগে লগে বিদাই দি সাৱধান কৰি কʼলে, ৪৪  “চোৱা, এই কথা কাকো নকʼবা। কিন্তু গৈ নিজকে পুৰোহিতক দেখুৱা আৰু তেওঁলোকে সাক্ষ্য পাবলৈ শুচি হোৱাৰ কাৰণে মোচিয়ে যি যি বলিদান আগবঢ়াবলৈ কৈছিল, সেয়া আগবঢ়োৱা।” ৪৫  কিন্তু তাৰ পৰা গৈয়ে সেই মানুহজনে সকলোকে কʼবলৈ ধৰিলে। তেওঁ এই কথা ইমানেই বিয়পাই দিলে যে যীচুৱে মুকলিভাৱে কোনো চহৰলৈ যাব নোৱাৰিছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ নিৰ্জন ঠাইবোৰতে থাকিছিল। তথাপিও চাৰিওফালৰ পৰা লোকসকল তেওঁৰ ওচৰলৈ আহি থাকিল।

Footnotes

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
অতি. ক৫ চাওক।
বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”
শব্দকোষ চাওক।
বা “পাৰৰ।”
বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা হয়তো, “সিহঁতে জানিছিল যে তেওঁ কোন হয়।”
বা “শুচি।”