পাঁচনিৰ কৰ্ম্ম ৭:১-৬০

  • মহা-সভাৰ সম্মুখত স্তিফানৰ ভাষণ (১-৫৩)

    • কুলপিতৃসকলৰ যুগ (২-১৬)

    • মোচিৰ নেতৃত্ব; ইস্ৰায়েলীসকলে মূৰ্তিপূজা কৰিলে (১৭-৪৩)

    • ঈশ্বৰে হাতেৰে বনোৱা মন্দিৰত নাথাকে (৪৪-৫০)

  • স্তিফানক শিল দলিয়াই হত্যা কৰা হʼল (৫৪-৬০)

 তাৰ পাছত মহা-পুৰোহিতে তেওঁক সুধিলে, “এই কথা সঁচা নে?” ২  স্তিফানে উত্তৰ দিলে, “ভাইসকল আৰু পিতৃ সমান বয়সস্থ লোকসকল, শুনক। আমাৰ পূৰ্বপুৰুষ অব্ৰাহাম হাৰোণত থকাৰ আগেয়ে যেতিয়া মিচপতামিয়াত আছিল, তেতিয়া মহিমাৰে পৰিপূৰ্ণ ঈশ্বৰে তেওঁক দৰ্শন দিছিল ৩  আৰু তেওঁক কৈছিল, ‘তুমি নিজৰ দেশ আৰু সম্বন্ধীয় লোকসকলক এৰি এনে এখন দেশলৈ যোৱা, যি মই তোমাক দেখুৱাম।’ ৪  তেতিয়া অব্ৰাহামে কলদীয়াবিলাকৰ সেই দেশৰ পৰা ওলাই হাৰোণত থাকিবলৈ ধৰিলে। পাছত তেওঁৰ দেউতাৰ মৃত্যু হোৱাত ঈশ্বৰে তেওঁক তাৰ পৰা উলিয়াই এই দেশলৈ আনিলে, যʼত এতিয়া তোমালোকে থাকা। ৫  তথাপি ঈশ্বৰে সেই সময়ত অব্ৰাহামক এই দেশত কোনো মাটি নিদিলে আনকি ভৰি থʼবলৈও ঠাই নিদিলে। কিন্তু ঈশ্বৰে এই দেশ তেওঁক আৰু তেওঁৰ বংশক দিবলৈ প্ৰতিজ্ঞা কৰিছিল, যদিও সেই সময়লৈকে অব্ৰাহামৰ কোনো সন্তান নাছিল। ৬  আৰু ঈশ্বৰে এয়াও কʼলে যে অব্ৰাহামৰ বংশই বিদেশত বিদেশী হিচাপে থাকিব আৰু তাৰ লোকসকলে তেওঁলোকক দাস হিচাপে ৰাখিব আৰু ৪০০ বছৰলৈকে তেওঁলোকক অত্যাচাৰ কৰিব।* ৭  তাৰ পাছত ঈশ্বৰে কʼলে, ‘যি দেশত তেওঁলোকে দাস হিচাপে সেৱা কৰিব, তাক মই শাস্তি দিম আৰু এই সকলো হোৱাৰ পাছত তেওঁলোকে তাৰ পৰা ওলাই আহিব আৰু এই ঠাইত মোৰ পবিত্ৰ সেৱা কৰিব।’ ৮  ঈশ্বৰে অব্ৰাহামৰ লগত চুন্নতৰ চুক্তিও কৰিলে। তাৰ পাছত অব্ৰাহাম ইচহাকৰ পিতৃ হʼল আৰু আঠদিনৰ দিনা তাৰ চুন্নৎ কৰা হʼল। আৰু ইচহাকৰ পৰা যাকোবৰ জন্ম হʼল* আৰু যাকোবৰ ১২ জন লʼৰা হʼল, যিসকলে নিজৰ গোষ্ঠীৰ মূৰব্বী* হʼল। ৯  তেওঁলোকে নিজৰ ভায়েক যোচেফক ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু তেওঁলোকে তেওঁক মিচৰীয়াবিলাকৰ হাতত বেচি দিলে। কিন্তু ঈশ্বৰ যোচেফৰ লগত আছিল। ১০  ঈশ্বৰে তেওঁক সকলো সমস্যাৰ পৰা উলিয়ালে আৰু তেওঁক এইদৰে যোগ্য কৰি তুলিলে যে তেওঁ ফৰৌণৰ মন জয় কৰিব পাৰিলে আৰু যোচেফ তেওঁৰ ওচৰত বুদ্ধিমান বুলি প্ৰমাণিত হʼল। আৰু ফৰৌণে তেওঁক মিচৰ আৰু নিজৰ গোটেই ঘৰৰ অধিকাৰী পাতিলে। ১১  কিন্তু তাৰ পাছত গোটেই মিচৰ দেশ আৰু কনান দেশত এটা ডাঙৰ সংকট আহি পৰিল। তাত আকাল হʼল আৰু আমাৰ পূৰ্বপুৰুষসকলে কʼতো খাবলৈ একো বস্তু পোৱা নাছিল। ১২  কিন্তু যেতিয়া যাকোবে শুনিলে যে মিচৰত খোৱা-বোৱাৰ বস্তু* আছে, তেতিয়া তেওঁ নিজৰ লʼৰাবিলাক অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলক প্ৰথমবাৰ তালৈ পঠালে। ১৩  আৰু যেতিয়া তেওঁলোকে দ্বিতীয়বাৰ তালৈ গʼল, তেতিয়া যোচেফে নিজৰ ভায়েকবিলাকক জনালে যে তেওঁ কোন হয় আৰু ফৰৌণে তেওঁৰ পৰিয়ালৰ বিষয়ে গʼম পালে। ১৪  তেতিয়া যোচেফে নিজৰ দেউতা যাকোবক আৰু নিজৰ পৰিয়ালৰ সকলো লোকক কনানৰ পৰা মাতিলে, তেওঁলোক মুঠ ৭৫ জন আছিল। ১৫  তেতিয়া যাকোবে আহি মিচৰত থাকিবলৈ ধৰিলে আৰু তাতে তেওঁৰ মৃত্যু হʼল আৰু আমাৰ পূৰ্বপুৰুষসকলৰো মৃত্যু হʼল ১৬  আৰু তেওঁলোকৰ হাড়বোৰ চিখিমলৈ লৈ অনা হʼল আৰু সেই কবৰত থোৱা হʼল, যি অব্ৰাহামে চিখিমত হমোৰৰ লʼৰাবিলাকৰ পৰা ৰূপ দি কিনিছিল। ১৭  আৰু ঈশ্বৰে অব্ৰাহামক যি প্ৰতিজ্ঞা কৰিছিল, সেয়া পূৰ হোৱাৰ সময় যেতিয়া আহিল, তেতিয়া মিচৰত তেওঁৰ লোকসকলৰ সংখ্যা বাঢ়ি বাঢ়ি বহুত হʼল। ১৮  তাৰ পাছত মিচৰত আন এজন ৰজা হʼল, তেওঁ যোচেফৰ বিষয়ে নাজানিছিল। ১৯  তেওঁলোকে আমাৰ জাতিৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰিলে আৰু আমাৰ পূৰ্বপুৰুষসকলক আদেশ দিলে যে তেওঁলোকে যেন নিজৰ সন্তানক জন্ম হোৱাৰ লগে লগে মৰিবলৈ এৰি দিয়ে। ২০  সেই সময়ছোৱাত মোচিৰ জন্ম হʼল আৰু সি বহুত ধুনীয়া* আছিল। তিনি মাহলৈকে তাৰ মা-দেউতাই তাক ঘৰতেই তুলি-তালি ডাঙৰ কৰিলে।* ২১  কিন্তু যেতিয়া তাক এৰি দিয়া হʼল, তেতিয়া ফৰৌণৰ ছোৱালীয়ে তাক তুলি নি নিজৰ লʼৰাৰ দৰে ডাঙৰ-দীঘল কৰিলে। ২২  আৰু মোচিক মিচৰীয়াবিলাকৰ সকলো ধৰণৰ শিক্ষা দিয়া হʼল। ইয়াৰ উপৰিও, তেওঁ প্ৰভাৱশালীৰূপে কথা পাতিছিল আৰু ডাঙৰ ডাঙৰ কাম কৰিছিল। ২৩  যেতিয়া তেওঁৰ বয়স ৪০ বছৰ হʼল, তেতিয়া তেওঁ গৈ নিজৰ ভাইবিলাকক অৰ্থাৎ আন ইস্ৰায়েলীক চাবলৈ* তেওঁৰ মন গʼল।* ২৪  যেতিয়া তেওঁ দেখিলে যে এজন মিচৰীয়াই এজন ইস্ৰায়েলীৰ লগত অন্যায় কৰি আছে, তেতিয়া তেওঁ গৈ তেওঁক বচালে আৰু মিচৰীয়াজনক হত্যা কৰি সেই ইস্ৰায়েলীৰ ফালৰ পৰা প্ৰতিশোধ লʼলে। ২৫  তেওঁ ভাবিলে যে ইস্ৰায়েলীসকলে এয়া বুজি পাব যে ঈশ্বৰে তেওঁৰ যোগেদি তেওঁলোকক উদ্ধাৰ কৰি আছে, কিন্তু তেওঁলোকে বুজি নাপালে। ২৬  পাছ দিনাখন যেতিয়া দুজন ইস্ৰায়েলীয়ে কাজিয়া কৰি আছিল, তেতিয়া তেওঁ তেওঁলোকৰ ওচৰলৈ গʼল আৰু তেওঁলোকক মিল হʼবলৈ কʼলে, ‘তোমালোক ভাই-ভাই হয়, তেনেহʼলে এজনে-আনজনৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিছা?’ ২৭  কিন্তু যিজনে নিজৰ ভাইৰ লগত বেয়া ব্যৱহাৰ কৰি আছিল, তেওঁ মোচিক ঠেলা মাৰি কʼলে, ‘তোমাক কোনে আমাৰ অধিকাৰী আৰু ন্যায়ী পাতিলে? ২৮  কালি যেনেকৈ মিচৰীয়াজনক হত্যা কৰিলা, তেনেকৈ মোকো হত্যা কৰিব বিচাৰিছা নে?’ ২৯  এয়া শুনি মোচিয়ে তাৰ পৰা পলাই গʼল আৰু মিদিয়ান দেশত বিদেশীৰ দৰে থাকিবলৈ ধৰিলে। তাত তেওঁৰ দুজন লʼৰাৰ জন্ম হʼল। ৩০  ইয়াৰ ৪০ বছৰৰ পাছত যেতিয়া মোচি চীনয় পাহাৰৰ ওচৰৰ অৰণ্যত* আছিল, তেতিয়া এজন স্বৰ্গদূতে তেওঁৰ ওচৰত এটা জ্বলি থকা কাঁইটীয়া জোপোহাৰ শিখাৰ মাজত দেখা দিলে। ৩১  মোচিয়ে এয়া দেখি আচৰিত হʼল। যেতিয়া তেওঁ সেয়া চাবলৈ ওচৰলৈ গৈ আছিল, তেতিয়া তেওঁ যিহোৱাৰ* এই মাত শুনিবলৈ পালে, ৩২  ‘মই তোমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ হওঁ।’ এয়া শুনি মোচিয়ে কঁপিবলৈ ধৰিলে আৰু তেওঁ আগবাঢ়ি গৈ চাবলৈ সাহস নকৰিলে। ৩৩  যিহোৱাই* তেওঁক কʼলে, ‘তুমি নিজৰ ভৰিৰ জোতা খুলি দিয়া, কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়া পবিত্ৰ হয়। ৩৪  মিচৰত মোৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰা মই দেখিছোঁ আৰু তেওঁলোকৰ দুখৰ কান্দোন শুনিছোঁ। মই তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিছোঁ। এতিয়া আহা মই তোমাক মিচৰলৈ পঠাম।’ ৩৫  যিজন মোচিক তেওঁলোকে এইদৰে কৈ অস্বীকাৰ কৰিছিল, ‘তোমাক কোনে আমাৰ অধিকাৰী আৰু ন্যায়ী পাতিলে?’ সেইজনকে ঈশ্বৰে অধিকাৰী আৰু উদ্ধাৰকৰ্তা হিচাপে নিযুক্ত কৰি সেই স্বৰ্গদূতৰ যোগেদি পঠালে, যিজনে কাঁইটীয়া জোপোহাত তেওঁক দেখা দিছিল। ৩৬  এইজন মোচিয়ে তেওঁলোকক মিচৰ আৰু লোহিত সাগৰত* চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম দেখুৱাইছিল আৰু তেওঁলোকক তাৰ পৰা উলিয়াই আনিছিল। তেওঁ ৪০ বছৰ অৰণ্যতো এনে ধৰণৰ আশ্চৰ্য্যজনক কাম কৰিলে। ৩৭  এয়া সেইজন মোচিয়েই হয়, যিজনে ইস্ৰায়েলীসকলক কৈছিল, ‘ঈশ্বৰে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা তোমালোকৰ কাৰণে মোৰ দৰে এজন ভৱিষ্যবক্তাক নিযুক্ত কৰিব।’ ৩৮  এয়া সেইজন মোচিয়েই হয়, যিজনে অৰণ্যত ইস্ৰায়েলৰ মণ্ডলীৰ মাজত আছিল। আৰু সেই স্বৰ্গদূতজনৰ লগত আছিল, যিজনে চীনয় পাহাৰত তেওঁৰ লগত কথা পাতিছিল। মোচিয়ে আমাৰ পূৰ্বপুৰুষৰ লগত কথা পাতিছিল আৰু তেৱেঁই আমাক জনাবলৈ ঈশ্বৰৰ পৰা জীৱিত আৰু পবিত্ৰ বাক্য পাইছিল। ৩৯  আমাৰ পূৰ্বপুৰুষে তেওঁৰ কথা নুশুনিলে আৰু তেওঁক অস্বীকাৰ কৰিলে। তেওঁলোকে মনতে মিচৰলৈ উভতি যাবলৈ সপোন দেখিলে। ৪০  আৰু তেওঁলোকে হাৰোণক কʼলে, ‘নাজানোঁ সেই মোচিৰ কি হʼল, যিজনে আমাক মিচৰৰ পৰা উলিয়াই ইয়ালৈ লৈ আহিছিল, গতিকে এতিয়া আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰ সাজি দিয়ক।’ ৪১  তাৰ পাছত তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান আগবঢ়ালে। আৰু নিজ হাতেৰে সজা সেই মূৰ্তিৰ আগত আনন্দ-ফূৰ্তি কৰিবলৈ ধৰিলে। ৪২  সেইবাবে, ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিলে আৰু আকাশৰ গ্ৰহ-নক্ষত্ৰবোৰক উপাসনা কৰিবলৈ এৰি দিলে, যিদৰে ভৱিষ্যবক্তাসকলৰ কিতাপত লিখা আছে, ‘হে ইস্ৰায়েল জাতি, তোমালোকে ৪০ বছৰলৈকে অৰণ্যত মোৰ কাৰণে বলিদান আৰু উছৰ্গা আগবঢ়াইছিলা নে? ৪৩  নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে মোলকৰ তম্বু আৰু ৰিফনৰ দেৱতাৰ তৰাৰ মূৰ্তিবোৰ লৈ ফুৰিছিলা, যিবোৰক তোমালোকে উপাসনা কৰিবলৈ সাজিছিলা। সেইবাবে, মই তোমালোকক দেশৰ পৰা উলিয়াই বাবিলৰ সিপাৰলৈ পঠাই দিম।’ ৪৪  আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত অৰণ্যত সাক্ষ্যৰ তম্বু আছিল, ঈশ্বৰে মোচিক যিদৰে আজ্ঞা দিছিল আৰু মোচিয়ে যিদৰে নমুনা দেখিছিল, সেই অনুসৰি তেওঁ তম্বু সাজিছিল। ৪৫  এই তম্বু আমাৰ পূৰ্বপুৰুষসকলক দিয়া হʼল আৰু তেওঁলোকে ইয়াক যিহোচূৱাৰ লগত এই দেশত লৈ আনিলে, যʼত আন জাতিবিলাক থাকিছিল আৰু যিসকলক ঈশ্বৰে আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰৰ পৰা খেদি দিছিল। সাক্ষ্যৰ এই তম্বু দায়ূদৰ দিনলৈকে এই ঠাইতে আছিল। ৪৬  দায়ূদৰ ওপৰত ঈশ্বৰৰ কৃপা আছিল আৰু যাকোবৰ ঈশ্বৰৰ কাৰণে এটা ভৱন বনাবলৈ সুযোগ দিবলৈ তেওঁ মিনতি কৰিলে। ৪৭  কিন্তু তেওঁ নহয়, ইয়াৰ পৰিৱৰ্তে চলোমনে এই ভৱন বনালে। ৪৮  তথাপি মহান ঈশ্বৰে হাতেৰে বনোৱা ভৱনত নাথাকে, যিদৰে এই ভৱিষ্যবক্তাই কৈছিল, ৪৯  ‘যিহোৱাই* কয়, স্বৰ্গ মোৰ সিংহাসন আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা। তেনেহʼলে তোমালোকে মোৰ কাৰণে কেনেকৈ ভৱন বনাবা? মই জিৰণি লোৱা ঠাই কʼত বনাবা? ৫০  মোৰ হাতে জানো এই আটাই সৃষ্টি কৰা নাই?’ ৫১  হে অবুজ লোকসকল, তোমালোকে নিজৰ কাণ আৰু নিজৰ মনৰ দুৱাৰ বন্ধ কৰি থৈছা। তোমালোকে সদায় পবিত্ৰ শক্তিৰ বিৰোধ কৰি আহিছা। তোমালোকে সেয়াই কৰা যি তোমালোকৰ পূৰ্বপুৰুষসকলে কৰিছিল। ৫২  এনে কোনো ভৱিষ্যবক্তা আছিল নে যিজনক তোমালোকৰ পূৰ্বপুৰুষসকলে অত্যাচাৰ কৰা নাছিল? হয়, তেওঁলোকে সেই লোকসকলক হত্যা কৰিলে, যিসকলে সেই ভাল মানুহজন আহিব বুলি আগৰে পৰা ঘোষণা কৰিছিল। আৰু এতিয়া তোমালোকেও তেওঁৰ লগত বিশ্বাসঘাত কৰিলা আৰু তেওঁৰ হত্যা কৰিলা। ৫৩  হয় তোমালোকেই এইদৰে কৰিলা। স্বৰ্গদূতৰ যোগেদি তোমালোকে নিয়ম পাইছিলা, কিন্তু সেয়া তোমালোকে পালন নকৰিলা।” ৫৪  যেতিয়া তেওঁলোকে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁলোক খঙত জ্বলি-পকি উঠিল আৰু তেওঁৰ ফালে চাই দাঁত কৰচিবলৈ ধৰিলে। ৫৫  কিন্তু তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ স্বৰ্গৰ ফালে একেথৰে চালে আৰু তেওঁ ঈশ্বৰৰ মহিমা দেখিলে আৰু যীচুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে ৫৬  আৰু কʼলে, “চোৱা! মই স্বৰ্গ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।” ৫৭  এয়া শুনাৰ লগে লগে তেওঁলোকে চিঞৰি উঠিল আৰু হাতেৰে নিজৰ কাণ বন্ধ কৰিলে আৰু সকলোৱে মিলি তেওঁক মাৰিবলৈ হেঁচি ধৰিলে। ৫৮  আৰু তেওঁক খেদি চহৰৰ বাহিৰলৈ লৈ গʼল আৰু শিল দলিয়াই মাৰিবলৈ ধৰিলে। স্তিফানৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া লোকসকলে নিজৰ কাপোৰ খুলি চৌল নামৰ এজন ডেকাৰ ভৰিৰ ওচৰত থৈ দিলে। ৫৯  যেতিয়া তেওঁলোকে স্তিফানক শিল দলিয়াই মাৰি আছিল, তেতিয়া তেওঁ এইদৰে প্ৰাৰ্থনা কৰিলে, “হে প্ৰভু যীচু, মই নিজৰ জীৱন* আপোনালৈ সমৰ্পণ কৰিছোঁ।” ৬০  তাৰ পাছত তেওঁ আঁঠুকাঢ়ি ডাঙৰ মাতেৰে কʼলে, “যিহোৱা* এওঁলোকক এই পাপৰ কাৰণে শাস্তি নিদিবা।” এইদৰে কোৱাৰ পাছত তেওঁ মৃত্যুৰ টোপনিত গʼল।

Footnotes

বা “বেয়া ব্যৱহাৰ কৰিব।”
বা হয়তো, “সেইদৰেই যাকোবৰ চুন্নৎ কৰা হʼল।”
বা “কুলপিতৃ।”
বা “শস্য।”
বা “ঈশ্বৰৰ দৃষ্টিত ধুনীয়া।”
বা “গাখীৰ খোৱালে।”
বা “অৱস্থা চাবলৈ।”
বা “তেওঁ নিৰ্ণয় লʼলে।”
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “চূফ সাগৰত।”
অতি. ক৫ চাওক।
শব্দকোষত “ৰোৱাষ্‌; নিওমা” চাওক।
অতি. ক৫ চাওক।