Skip to content

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে পৰামৰ্শ

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে পৰামৰ্শ

সূচীপত্ৰ

. তলত উল্লেখ কৰা পৰামৰ্শ আৰু আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত বৰ্ণনা কৰা পৰামৰ্শ অনুসৰি সপ্তাহৰ মাজত হোৱা সভা পৰিচালনা কৰা উচিত। বিদ্যাৰ্থীসকলৰ বাবে দিয়া ভাগবোৰ প্ৰস্তুত কৰিবলৈ সকলো প্ৰচাৰকক উৎসাহিত কৰক। যিসকল লোক প্ৰচাৰক নহয়, কিন্তু মণ্ডলীৰ সভাবোৰত নিয়মীয়াকৈ উপস্থিত থাকে, বাইবেলৰ শিক্ষাৰ লগত একমত হয় আৰু খ্ৰীষ্টানসকলৰ বাবে দিয়া মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰে, তেওঁলোকেও এই স্কুলত অংশগ্ৰহণ কৰিব পাৰে।—be-HI পৃ. ২৮২.

আৰম্ভণিৰ মন্তব্য

  . এক মিনিট। প্ৰতি সপ্তাহে, আৰম্ভণিৰ গীত আৰু প্ৰাৰ্থনাৰ পাছত জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনে কাৰ্য্যক্ৰমৰ বাবে সকলোৰে উৎসাহ আৰু আগ্ৰহ জগাবলৈ আৰম্ভণিৰ মন্তব্য দিব। মণ্ডলীয়ে বেছিকৈ লাভৱান হʼব পৰা বিষয়বোৰৰ ওপৰত সভাপতিয়ে গুৰুত্ব দিয়া উচিত।

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  . ভাষণ: দহ মিনিট। জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত এটা বিষয় দিয়া হয় আৰু তাৰ লগত জড়িত দুটা বা তিনিটা মূল কথা থাকে। এই ভাষণ এজন প্ৰাচীন বা যোগ্য পৰিচাৰকে দিয়া উচিত। যেতিয়া সাপ্তাহিক বাইবেল পাঠৰ বাবে বাইবেলৰ নতুন এখন কিতাপ তুলি ধৰা হয়, তেতিয়া এই ভাগৰ আৰম্ভণিত বাইবেলৰ সেই কিতাপখনৰ পৰিচয় দিয়াৰ বাবে এখন ভিডিঅ’ দেখুৱা হʼব। বক্তাই যদি বিচাৰে, তেনেহʼলে ভাষণৰ বিষয় আৰু ভিডিঅʼৰ লগত মিল থকা কিছুমান কথা বৰ্ণনা কৰিব পাৰে। কিন্তু অধ্যয়ন পুস্তিকাত দিয়া বিষয়বোৰ তেওঁ নিজৰ ভাষণত জড়িত কৰা উচিত। ইয়াৰ লগতে যদি সময় হয়, তেনেহʼলে ছবি আৰু শাস্ত্ৰপদৰ লগত জড়িত থকা বিষয়বোৰ তুলি ধৰিব পাৰে। কিন্তু সেই তথ্যবোৰ এই ভাগত দিয়া বিষয়বোৰৰ অনুসৰি হোৱা উচিত।

 . আধ্যাত্মিক ৰত্ন বিচাৰক: দহ মিনিট। এই ভাগৰ আৰম্ভণি আৰু শেষত একো পৰিচয় নিদিয়াকৈ প্ৰশ্ন উত্তৰৰ দ্বাৰা আলোচনা কৰক। এই ভাগ এজন প্ৰাচীন বা যোগ্য পৰিচাৰকে পৰিচালনা কৰা উচিত। তেওঁ দুয়োটা প্ৰশ্ন সোধা উচিত। প্ৰশ্নৰ লগত জড়িত শাস্ত্ৰপদবোৰ পঢ়িব লাগিব নে নালাগে, তাৰ বিষয়ে তেওঁ নিজে নিৰ্ণয় লʼব পাৰে। ভাই-ভনীসকলে নিজৰ উত্তৰ ৩০ ছেকেণ্ড বা কম সময়ৰ ভিতৰত দিয়া উচিত।

 . বাইবেল পাঠ: চাৰি মিনিট। এই ভাগ এজন ভায়ে প্ৰস্তুত কৰা উচিত। তেওঁ পঢ়াৰ আগত বা শেষত কোনোধৰণৰ টিপ্পনী কৰা উচিত নহয়, কেৱল পঢ়িবলৈ দিয়া পদবোৰহে পঢ়া উচিত। সভাৰ চেয়াৰমেনে সঠিকভাৱে পঢ়া, সঠিকভাৱে বুজি পঢ়া, স্পষ্টকৈ পঢ়া, সঠিক অৰ্থত জোৰ দিয়া, কণ্ঠস্বৰ উঠা-নমা, সঠিক ঠাইত ৰখা আৰু স্বাভাৱিকভাৱে পঢ়া আদি গুণবোৰ বঢ়াবলৈ বিদ্যাৰ্থীসকলক সহায় কৰিব। কিছুমান বাইবেল পাঠ চুটী আৰু কিছুমান দীঘল থাকে। সেইবাবে জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষই যেতিয়া সেই ভাগৰ বাবে তালিকা প্ৰস্তুত কৰে, তেতিয়া তেওঁ এজন বিদ্যাৰ্থীৰ দক্ষতাৰ ওপৰত ধ্যান দি এই ভাগ দিয়া উচিত।

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

 . পোন্ধৰ মিনিট। এই ভাগৰ উদ্দেশ্য হৈছে, সকলো ভাই-ভনীয়ে যাতে প্ৰচাৰ কৰিবলৈ প্ৰস্তুতি কৰে আৰু শিকোৱা আৰু প্ৰচাৰ কৰাৰ দক্ষতা উন্নতি কৰে। প্ৰচাৰকসকলে আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰা উচিত। যদি নিৰ্দিষ্ট নিৰ্দেশনা দিয়া নহয় তেনেহʼলে তেওঁলোকে নিজে কোনো এটা প্ৰশ্ন, পদ আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্ন বাছনি কৰিব পাৰে। যদি অধ্যয়ন পুস্তিকাত কোনো ভিডিঅʼ বা প্ৰকাশনৰ বিষয়ে জনাবলৈ কোৱা নাই, তেনেহʼলে বিদ্যাৰ্থীসকলে নিৰ্ণয় কৰিব যে শিক্ষাদানৰ সঁজুলিৰ বাকচৰ পৰা তেওঁলোকে কোনো প্ৰকাশন বা ভিডিঅ’ৰ বিষয়ে জনাব নে নজনাব। আলোচনাৰ বাবে আৰ্হিত বহুবাৰ আৰু এটা ভাগ দিয়া থাকে: “শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক।” বিদ্যাৰ্থীয়ে যদি বিচাৰে, তেনেহʼলে নিজৰ কথা-বতৰাত এই ভাগটো ব্যৱহাৰ কৰিব পাৰে। প্ৰতিজন বিদ্যাৰ্থীৰ ভাগৰ সময় অধ্যয়ন পুস্তিকাত দিয়া হয় আৰু কেতিয়াবা তেওঁলোকৰ ভাগৰ লগত জড়িত আৰু কিছুমান পৰামৰ্শ আগবঢ়োৱা হয়। বিদ্যাৰ্থীয়ে এয়া ভবা উচিত নহয় যে তেওঁলোকক যি সময় দিয়া হৈছে, সেয়া পূৰ কৰিবই লাগিব আৰু নিৰ্ধাৰিত সময় পূৰ কৰিবলৈ বিভিন্ন বিষয় জড়িত কৰা উচিত নহয়। ভালদৰে প্ৰস্তুত কৰা প্ৰদৰ্শন নিৰ্ধাৰিত কৰা সময়ৰ এক মিনিট বা তাতকৈ কম সময়ৰ আগতে শেষ হʼব পাৰে। প্ৰয়োজন হʼলে প্ৰাচীনসকলকো বিদ্যাৰ্থীসকলৰ ভাগ দিব পাৰি। কেতিয়াবা কেতিয়াবা এনে ভাগ থাকিব পাৰে, যʼত আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅʼৰ পৰিৱৰ্তে আন ভিডিঅʼ আলোচনা কৰিবলৈ কোৱা হʼব। এই ভাগ এজন প্ৰাচীন বা যোগ্য পৰিচাৰকে আগবঢ়োৱা উচিত।

 . আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅ’: কেতিয়াবা কেতিয়াবা আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅʼবোৰ দেখুৱা হʼব আৰু তাৰ ওপৰত আলোচনা কৰা হʼব। এই ভিডিঅʼবোৰত দেখুৱা হʼব যে প্ৰথম সাক্ষাৎ আৰু পুনৰ সাক্ষাৎ কেনেকৈ কৰিব পাৰি। এই ভাগ জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনে আগবঢ়াব।

 . প্ৰথম সাক্ষাৎ: এই ভাগ কোনো ভাই বা ভনীয়ে প্ৰস্তুত কৰিব পাৰে। ভাইজনৰ সহায়ক ভাই আৰু ভনীজনীৰ সহায়ক ভনী হোৱা উচিত অথবা তেওঁৰ পৰিয়ালৰ সদস্য হোৱা উচিত। বিদ্যাৰ্থী আৰু তেওঁক সহায় কৰোঁতাজনে থিয় হৈ বা বহি এই ভাগ প্ৰস্তুত কৰিব পাৰে। বিদ্যাৰ্থীজনে নিজৰ এলেকাত ব্যৱহাৰ হোৱা সম্ভাষণ জনোৱা উচিত। তেওঁ আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰা উচিত। কিন্তু তেওঁ নিজৰ এলেকাৰ অনুসৰি প্ৰশ্ন, পদ আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্ন সলনি কৰিব পাৰে।

 . পুনৰ সাক্ষাৎ: এই ভাগ কোনো ভাই বা ভনীয়ে প্ৰস্তুত কৰিব পাৰে। ভাইজনৰ সহায়ক ভাই আৰু ভনীজনীৰ সহায়ক ভনী হোৱা উচিত। (km-HI ৫/৯৭ পৃ. ২) বিদ্যাৰ্থী আৰু সহায় কৰোঁতাজনে থিয় হৈ বা বহি এই ভাগ প্ৰস্তুত কৰিব পাৰে। এই ভাগত বিদ্যাৰ্থীজনে দেখুৱাব যে আগ্ৰহী ব্যক্তিজনৰ লগত কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি। তেওঁ আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰা উচিত। কিন্তু তেওঁ নিজৰ এলেকাৰ অনুসৰি প্ৰশ্ন, পদ আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্ন সলনি কৰিব পাৰে।

 ১০. বাইবেল অধ্যয়ন: এই ভাগ কোনো ভাই বা ভনীয়ে প্ৰস্তুত কৰিব পাৰে। ভাইজনৰ সহায়ক ভাই আৰু ভনীজনীৰ সহায়ক ভনী হোৱা উচিত। (km-HI ৫/৯৭ পৃ. ২) বিদ্যাৰ্থীজন আৰু সহায়কজনে বহি বা থিয় হৈ নিজৰ ভাগ প্ৰস্তুত কৰিব পাৰে। এই ভাগটো আগৰেপৰা চলি থকা এটা বাইবেল অধ্যয়নৰ নিচিনা প্ৰদৰ্শন কৰা উচিত। বিদ্যাৰ্থীজনে বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়, সেয়া দেখুৱাব লাগিব। তেওঁ আৰম্ভণি কৰাৰ সময়ত পৰিচয় বা সমাপ্তি কৰাৰ সময়ত একো কথা কোৱাৰ প্ৰয়োজন নাই। কিন্তু তেওঁক যদি কাৰ্য্যকাৰী পৰিচয় বা প্ৰভাৱশালী সামৰণিৰ গুণত কাম কৰিবলৈ কোৱা হয়, তেন্তে তেওঁ এইদৰে কৰিব পাৰে। অনুচ্ছেদত দিয়া সকলো বিষয় পঢ়াৰ প্ৰয়োজন নাই, যদিও এনেকৈ কৰিব পাৰি। বিদ্যাৰ্থীজনক যি বিষয়ত আলোচনা কৰিবলৈ কোৱা হয়, সেই ভাগত যদি ভিডিঅʼ থাকে, তেনেহʼলে সেই ভিডিঅʼখন চলোৱা উচিত নহয়, কিন্তু সেই ভিডিঅʼৰ বিষয়ে আলোচনা কৰা উচিত। বিদ্যাৰ্থীজনে এনেদৰে নিজৰ ভাগ প্ৰদৰ্শন কৰা উচিত, যাতে সকলোৱে শিকিব পাৰিব যে আমি কেনেদৰে শিকোৱা উচিত।

 ১১. ভাষণ: এই ভাগ কোনো এজন ভাইক দিয়া হʼব আৰু তেওঁ মণ্ডলীত দিয়া ভাষণৰ দৰে আগবঢ়াব।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

 ১২. গীতৰ পাছত, পৰৱৰ্তী ১৫ মিনিটৰ সময়ছোৱাত এটা বা দুটা ভাগ প্ৰস্তুত কৰা হʼব। এই ভাগবোৰত ঈশ্বৰৰ বাক্য নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰি, তাৰ বিষয়ে শিকোৱা হʼব। এই ভাগটো কোনো এজন প্ৰাচীন বা যোগ্য পৰিচাৰকে আগবঢ়োৱা উচিত। মণ্ডলীৰ প্ৰয়োজনীয়তা ভাগটো কোনো এজন প্ৰাচীনৰ দ্বাৰাহে আগবঢ়োৱা উচিত।যদি জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত আলোচনাৰ বাবে কোনো লেখ দিয়া থাকে, তেনেহʼলে ভাইজনে মূখ্য বিষয় বুজাবলৈ অতিৰিক্ত প্ৰশ্নৰ ব্যৱহাৰ কৰিব পাৰে।

  ১৩. মণ্ডলীৰ বাইবেল অধ্যয়ন: ত্ৰিশ মিনিট। এই ভাগ কোনো এজন যোগ্য প্ৰাচীনে আগবঢ়োৱা উচিত। (যʼত প্ৰাচীনৰ সংখ্যা কম, তাত প্ৰয়োজন হʼলে যোগ্য পৰিচাৰকে এই ভাগ আগবঢ়াব পাৰে।) প্ৰাচীন গোষ্ঠীয়ে থিৰাং কৰা উচিত যে কোনে মণ্ডলীৰ বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ বাবে যোগ্য। যিসকল ভাইক মণ্ডলীৰ বাইবেল অধ্যয়নৰ বাবে অনুমোদন দিয়া হৈছে, তেওঁলোকে পৰিচালনা কৰোঁতে অৰ্থপূৰ্ণভাৱে পৰিচালনা কৰা উচিত, যাতে অধ্যয়ন সময়ত শেষ হয়, মূল শাস্ত্ৰপদবোৰৰ ওপৰত জোৰ দিয়া হয় আৰু শিকা কথাবোৰ পালন কৰিবলৈ সকলোৱে উৎসাহিত হয়। তেওঁ যাতে এই ভাগ ভালদৰে পৰিচালনা কৰিব পাৰে, তাৰ বাবে সংগঠনে প্ৰহৰীদুৰ্গ পৰিচালনা কৰিবলৈ কি কি নিৰ্দেশনা দিছে, সেইবোৰ চাব পাৰে। আলোচনা কৰিবলৈ নিৰ্ধাৰিত কৰা বিষয়বোৰ স্পষ্ট হোৱাৰ পাছত অধ্যয়ন দীঘলীয়া কৰাৰ প্ৰয়োজন নাই। যʼত সম্ভৱ হয়, প্ৰতি সপ্তাহে বেলেগ বেলেগ পৰিচালক আৰু পঢ়াৰ বাবে বেলেগ বেলেগ পঢ়ুৱৈ ব্যৱহাৰ কৰা উচিত। যদি জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনে এই ভাগৰ বাবে কম সময় লʼবলৈ অনুৰোধ কৰে, তেনেহʼলে পৰিচালকে নিৰ্ণয় লʼব যে তেওঁ কেনেকৈ কম সময়ৰ ভিতৰত অধ্যয়ন সমাপ্তি কৰিব। পৰিচালকে হয়তো কিছুমান অনুচ্ছেদ নপঢ়াৰ বাবে নিৰ্ণয় লʼব পাৰে।

সমাপ্তিৰ মন্তব্য

  ১৪. তিনি মিনিট। জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনে সভাত শিকা গুৰুত্বপূৰ্ণ বিষয়বোৰ পুনৰ আলোচনা কৰিব। পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ তুলি ধৰা উচিত। যদি সময় থাকে, তেনেহʼলে তেওঁ পৰৱৰ্তী সপ্তাহত ভাগ থকা বিদ্যাৰ্থীসকলৰ নাম উল্লেখ কৰিব পাৰে। চেয়াৰমেনে প্ৰয়োজনীয় ঘোষণা কৰা উচিত আৰু এনে চিঠিবোৰ পঢ়া উচিত, যিবোৰ মণ্ডলীত পঢ়িবলৈ নিৰ্দেশনা দিয়া হয়। সাধাৰণ বিষয়বোৰ, যেনে প্ৰচাৰৰ ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ তালিকা আদি বিষয়বোৰ ঘোষণা কৰা উচিত নহয়। কিন্তু সেই বিষয়বোৰ জাননীৰ বৰ্ডত দিয়া উচিত। কোনো ঘোষণা বা চিঠি পঢ়াৰ বাবে সমাপ্তিৰ মন্তব্যৰ সময়ছোৱাত সময় কম থাকে, তেনেহʼলে চেয়াৰমেনে খ্ৰীষ্টান হিচাপে জীৱন-যাপন ভাগ প্ৰস্তুত কৰা ভাইসকলক, তেওঁলোকৰ বাবে নিৰ্ধাৰিত সময়তকৈ কম সময়ত নিজৰ ভাগ আগবঢ়াবলৈ অনুৰোধ কৰিব পাৰে। ( অনুচ্ছেদ ১৩ আৰু  ১৭ চাওক।) গীত আৰু প্ৰাৰ্থনাৰ দ্বাৰা সভাৰ সমাপ্তি হʼব।

পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক

 ১৫. প্ৰতিজন বিদ্যাৰ্থীয়ে শিক্ষা ব্ৰচাৰখন প্ৰিণ্ট বা ইলেকট্ৰʼনিক কপি জীৱন আৰু পৰিচৰ্য্যা সভালৈ লৈ অনা উচিত। জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনে প্ৰতিজন বিদ্যাৰ্থীৰ ভাগ শেষ হোৱাৰ পাছত এই ব্ৰচাৰখন প্ৰশংসা কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ ব্যৱহাৰ কৰা উচিত। জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত প্ৰতিটো বিদ্যাৰ্থীৰ ভাগৰ লগত শিক্ষা ব্ৰচাৰৰ পৰা এটা গুণৰ নম্বৰ দিয়া হʼব। বিদ্যাৰ্থীয়ে সেই গুণটো মনত ৰাখি নিজৰ ভাগ আগবঢ়োৱা উচিত। ব্ৰচাৰখনত উল্লেখ থকা “আপোনাৰ প্ৰগতিৰ বিষয়ে লিখক” ভাগটো বিদ্যাৰ্থীৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু চেয়াৰমেনে ইয়াত লিখা উচিত নহয়।

প্ৰশংসা আৰু পৰামৰ্শ

  ১৬. প্ৰতিজন বিদ্যাৰ্থীয়ে নিজৰ ভাগ প্ৰস্তুত কৰাৰ পাছত জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনে এক মিনিটৰ ভিতৰত শিক্ষা ব্ৰচাৰখনৰ আধাৰত প্ৰশংসা আৰু পৰামৰ্শ আগবঢ়াব। চেয়াৰমেনে বিদ্যাৰ্থীজনৰ ভাগৰ পৰিচয় দিয়াৰ সময়ত কোনটো গুণ উন্নতি কৰিব লাগিব, তাৰ বিষয়ে উল্লেখ নকৰিব। কিন্তু বিদ্যাৰ্থীজনে নিজৰ ভাগ আগবঢ়োৱাৰ পাছত, চেয়াৰমেনে কিছুমান উচিত শব্দেৰে প্ৰশংসা কৰিব আৰু তেওঁ হয়তো অধ্যয়নৰ গুণৰ বিষয়ে উল্লেখ কৰিব। বিদ্যাৰ্থীজনে সেই গুণৰ ওপৰত কেনেকৈ সুন্দৰভাৱে কাম কৰিলে, তাৰ বিষয়ে চেয়াৰমেনে বৰ্ণনা কৰিব অথবা তেওঁ বিদ্যাৰ্থীজনক মৰমেৰে বুজাব যে তেওঁ সেই বিশেষ গুণ বঢ়াবলৈ কিয় পৰিশ্ৰম কৰা উচিত। বিদ্যাৰ্থীজনৰ বা শ্ৰোতাসকলৰ লাভৰ বিষয়ে চিন্তা কৰি চেয়াৰমেনে হয়তো প্ৰদৰ্শনৰ আন আন বিষয়বোৰ তুলি ধৰিব পাৰে। ইয়াৰ উপৰিও চেয়াৰমেনে শিক্ষা ব্ৰচাৰ বা পৰিচৰ্য্যা স্কুল কিতাপখনৰ আধাৰত সভাৰ পাছত বা আন এক সময়ত, বিদ্যাৰ্থীজনক যি গুণত উন্নতি কৰিবলৈ কোৱা হৈছিল, তাৰ বিষয়ে বা আন গুণৰ বিষয়ে পৰামৰ্শ দিব পাৰে।—জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেন আৰু সহকনৰ ভূমিকাৰ বিষয়ে বেছিকৈ জানিবলৈ অনুগ্ৰহ কৰি  অনুচ্ছেদ ১৭,  ২২ আৰু  ২৩ চাওক।

সময়

     ১৭. নিৰ্ধাৰিত সময় অনুসৰি ভাগবোৰ সমাপ্তি কৰা উচিত আৰু জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেনেও নিজৰ নিৰ্ধাৰিত সময়ত সমাপ্তি কৰা উচিত। প্ৰতিটো ভাগৰ পিছফালে যʼত সময় দিয়া আছে, তাত “বা কম” বুলি লিখা নাই। তথাপি যদি কোনোবাই নিজৰ ভাগত নিৰ্ধাৰিত কৰা সময়ৰ আগতে সকলো বিষয় তুলি ধৰিব পাৰে, তেনেহʼলে তেওঁ এইদৰে কৰা উচিত। যদি বিদ্যাৰ্থীৰ নিৰ্ধাৰিত সময় পাৰ হৈ গৈছে, তেনেহʼলে চেয়াৰমেনে ইংগিত দিয়া উচিত। কোনো বক্তাই যদি সভাৰ আন ভাগবোৰ প্ৰস্তুত কৰোতে সময় বেছিকৈ লয়, তেনেহʼলে তেওঁক সহকাৰী পৰামৰ্শ দিয়া ভাইজনে অকলশৰীয়াকৈ পৰামৰ্শ দিব। ( অনুচ্ছেদ ২৩ চাওক।) গীত, প্ৰাৰ্থনা আদি কৰি গোটেই সভাখন ১ ঘণ্টা ৪৫ মিনিটত সমাপ্ত হোৱা উচিত।

চাৰ্কিট ওভাৰচিয়াৰে সাক্ষাৎ কৰাৰ সময়ত

 ১৮. মণ্ডলীত যেতিয়া চাৰ্কিট ওভাৰচিয়াৰে সাক্ষাৎ কৰে, তেতিয়া জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাত কেৱল এটা সাল-সলনি হʼব। সেই সপ্তাহত মণ্ডলীৰ বাইবেল অধ্যয়ন নহʼব, ইয়াৰ পৰিৱৰ্তে চাৰ্কিট ওভাৰচিয়াৰে ৩০ মিনিটৰ সেৱা ভাষণ আগবঢ়াব। সেৱা ভাষণ আৰম্ভ হোৱাৰ আগত জীৱন আৰু পৰিচৰ্য্যা সভাৰ সভাপতিয়ে শিকা বিষয়বোৰ আলোচনা কৰিব আৰু পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ তুলি ধৰিব। প্ৰয়োজনীয় ঘোষণা কৰিব আৰু সংগঠনৰ পৰা কিবা চিঠি আহিছে যদি পঢ়িব। ইয়াৰ পাছত তেওঁ চাৰ্কিট ওভাৰচিয়াৰক সেৱা ভাষণৰ বাবে ষ্টেজলৈ মাতিব। সেৱা ভাষণৰ পাছত চাৰ্কিট ওভাৰচিয়াৰে নিজে নিৰ্বাচিত গীতৰ দ্বাৰা সভাৰ সমাপ্তি কৰিব। সমাপ্তি প্ৰাৰ্থনাৰ বাবে তেওঁ আন এজন ভাইক অনুৰোধ কৰিব পাৰে। যদি কোনো মণ্ডলীত আন কিবা ক্লাচ পৰিচালনা কৰা হয়, তেনেহʼলে চাৰ্কিট ওভাৰচিয়াৰৰ সাক্ষাতৰ সময়ছোৱাত সেই ক্লাচ পৰিচালনা কৰা নহʼব। যদি তাত আন ভাষাৰ সমূহৰ সভা হয়, তেনেহʼলে চাৰ্কিট ওভাৰচিয়াৰৰ সাক্ষাতৰ সময়ছোৱাত সেই সমূহে যদি বিচাৰে, তেনেহʼলে বেলেগকৈ সভা পৰিচালনা কৰিব পাৰে। কিন্তু সেই সমূহে চাৰ্কিট ওভাৰচিয়াৰে আগবঢ়োৱা সেৱা ভাষণ শুনাৰ বাবে মণ্ডলীৰ লগত যোগ দিব।

সন্মিলন বা অধিৱেশন হোৱাৰ সপ্তাহ

 ১৯. সন্মিলন বা অধিৱেশন হোৱাৰ সপ্তাহত মণ্ডলীৰ কোনো সভা পৰিচালনা কৰা নহʼব। সেই সপ্তাহত হʼবলগীয়া সভাৰ বিষয়বোৰ ব্যক্তিগতভাৱে বা পৰিয়ালত আলোচনা কৰা উচিত।

স্মৰণীয় দিনৰ সপ্তাহ

 ২০. স্মৰণীয় দিন যদি সোমবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত হয়, তেনেহʼলে জীৱন আৰু পৰিচৰ্য্যা সভা পৰিচালনা কৰা নহʼব। কিন্তু স্মৰণীয় দিনৰ দিনাখন ঘোষণা কাৰ্য্যৰ বাবে সেৱা সভা পৰিচালনা কৰিব পাৰি।

জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষ

 ২১. প্ৰাচীন গোষ্ঠীয়ে কোনো এজন প্ৰাচীনক জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিব। তেওঁ ধ্যান দিয়া উচিত যে সভাখন যাতে এই লেখত দিয়া নিৰ্দেশনাৰ অনুসৰি পৰিচালনা কৰা হয় আৰু সকলো শৃংখলাবদ্ধভাৱে হয়। তেওঁ সহকাৰী পৰামৰ্শ দিয়া ভাইজনৰ লগত ভাল যোগাযোগ ৰখা উচিত। জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকা উপলব্ধ হোৱাৰ লগে লগে জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষজনে দুমাহৰ বাবে সপ্তাহৰ মাজত হোৱা সভাৰ ভাগৰ তালিকা বনোৱা উচিত। ( অনুচ্ছেদ ২-১৪ চাওক।) ইয়াত প্ৰাচীন গোষ্ঠীয়ে অনুমতি দিয়া চেয়াৰমেন, বিদ্যাৰ্থী ভাগ আৰু আন সকলো ভাগ জড়িত আছে তেওঁলোকক কমেও তিনি সপ্তাহৰ আগতেই আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ ভাগ (S-89) ফৰ্মখন দিয়া উচিত, যাতে তেওঁলোকে নিজৰ ভাগৰ বিষয়ে আগতীয়াকৈ গম পায়।জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষই নিশ্চিত কৰা উচিত যে সভাৰ ভাগৰ তালিকা জাননী বৰ্ডত লগোৱা হৈছে। প্ৰাচীন গোষ্ঠীয়ে তেওঁক সহায় কৰিবলৈ আন প্ৰাচীন বা পৰিচাৰকক নিযুক্ত কৰিব পাৰে বিদ্যাৰ্থী ভাগৰ বাহিৰে আন ভাগবোৰ কেৱল প্ৰাচীনসকলেহে নিযুক্ত কৰা উচিত।

জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেন

  ২২. প্ৰতি সপ্তাহে এজন প্ৰাচীনে জীৱন আৰু পৰিচৰ্য্যা সভাৰ চেয়াৰমেন হʼব। (যʼত প্ৰাচীনৰ সংখ্যা কম, তাত প্ৰয়োজন হʼলে যোগ্য পৰিচাৰকেও এই ভাগ আগবঢ়াব পাৰে।) তেওঁ আৰম্ভণি আৰু সমাপ্তিৰ মন্তব্য প্ৰস্তুতি কৰিব। ইয়াৰ উপৰিও যদি সভাৰ তালিকাত আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅʼৰ বিষয়ে উল্লেখ কৰা হৈছে, তেনেহʼলে তেওঁ ভিডিঅʼখন দেখুৱাব আৰু আলোচনা কৰিব। তেওঁ সভাৰ প্ৰতিটো ভাগৰ পৰিচয় দিব। যʼত প্ৰাচীনৰ সংখ্যা কম, তাত চেয়াৰমেনক সেই ভাগবোৰ দিব পাৰি, যʼত কেৱল ভিডিঅʼ দেখুৱা হয় আৰু কোনো আলোচনা কৰা নহয়। চেয়াৰমেনে প্ৰতিটো ভাগৰ চমুকৈ পৰিচয় দিয়া উচিত আৰু ভাগৰ শেষতো চমুকৈ কোৱা উচিত। প্ৰাচীন গোষ্ঠীয়ে থিৰাং কৰিব যে কোন কোন প্ৰাচীনে এই দায়িত্বৰ বাবে যোগ্য। যোগ্য প্ৰাচীনসকলক সময়ে সময়ে চেয়াৰমেন হিচাপে নিযুক্ত কৰা হʼব। প্ৰয়োজনীয়তাৰ অনুসৰি জীৱন আৰু পৰিচৰ্য্যা সভাৰ অধ্যক্ষজনক চেয়াৰমেনৰ দায়িত্ব আন যোগ্য প্ৰাচীনসকলতকৈ বেছি বাৰ দিব পাৰি। যদি এজন প্ৰাচীনে মণ্ডলীৰ বাইবেল অধ্যয়ন পৰিচালনা কৰাৰ বাবে যোগ্য হয়, তেনেহʼলে তেওঁ সভাৰ চেয়াৰমেন হিচাপে কাম কৰাৰ বাবেও যোগ্য। কিন্তু মনত ৰখা উচিত যে চেয়াৰমেন হিচাপে কাম কৰা প্ৰাচীনজনে বিদ্যাৰ্থীসকলক প্ৰশংসা কৰা আৰু মৰমেৰে পৰামৰ্শ দিয়া উচিত। ইয়াৰ উপৰিও সভাৰ চেয়াৰমেনে ধ্যান দিয়া উচিত যে নিৰ্ধাৰিত সময় অনুসৰি যাতে সভাৰ সমাপ্তি হয়। ( অনুচ্ছেদ ১৪ আৰু  ১৭ চাওক।) যদি চেয়াৰমেনে বিচাৰে আৰু ষ্টেজত যথেষ্ট ঠাই আছে, তেনেহʼলে ষ্টেজত ষ্টেণ্ডিং মাইক ৰখাৰ ব্যৱস্থা কৰিব পাৰে। যেতিয়া ভাগ আগবঢ়োৱা প্ৰতিজন ভাইৰ বাবে মাইক ঠিক কৰা হয়, তেতিয়া চেয়াৰমেনে ষ্টেণ্ডিং মাইকৰ পৰা তেওঁৰ পৰিচয় দিব পাৰে। ঠিক সেইদৰে, যদি চেয়াৰমেনে বিচাৰে, তেনেহʼলে বাইবেল পাঠ আৰু ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক ভাগটো আগবঢ়োৱাৰ সময়ছোৱাত তেওঁ ষ্টেজত বহাৰ বাবে চকী-টেবুলৰ ব্যৱহাৰ কৰিব পাৰে। এইদৰে কৰিলে সময় বচাব পাৰি।

সহকাৰী পৰামৰ্শ দিয়া ভাই

   ২৩. যদি সম্ভৱ হয়, তেনেহʼলে এই দায়িত্বৰ বাবে এজন অভিজ্ঞ প্ৰাচীনক ব্যৱহাৰ কৰা উচিত, যিজনে ভালদৰে ভাষণ দিব পাৰে। সহকাৰী পৰামৰ্শ দিয়া ভাইজনৰ দায়িত্ব হৈছে যদি প্ৰয়োজন হয়, তেনেহʼলে প্ৰাচীন আৰু পৰিচাৰকসকলক তেওঁলোকৰ ভাগৰ বাবে অকলশৰীয়াকৈ পৰামৰ্শ আগবঢ়োৱা। যেনে, জীৱন আৰু পৰিচৰ্য্যা সভাৰ বেলেগ বেলেগ ভাগ, জন ভাষণ আৰু প্ৰহৰীদুৰ্গ অধ্যয়ন আৰু মণ্ডলীৰ বাইবেল অধ্যয়ন পৰিচালনা কৰা অথবা অনুচ্ছেদ পঢ়াৰ ক্ষেত্ৰত। ( অনুচ্ছেদ ১৭ চাওক।) যদি মণ্ডলীত বহুতো যোগ্য আৰু ভালকৈ শিক্ষা দিওঁতা প্ৰাচীন আছে, তেনেহʼলে প্ৰতি বছৰে বেলেগ বেলেগ যোগ্য প্ৰাচীনক সহকাৰী পৰামৰ্শ দিয়া ভাইজনে পৰামৰ্শ আগবঢ়োৱাৰ প্ৰয়োজন নাই।

আন ক্লাচবোৰ

 ২৪. যদি কোনো মণ্ডলীত বিদ্যাৰ্থীৰ সংখ্যা বেছি আছে, তেনেহʼলে বিদ্যাৰ্থীৰ ভাগৰ বাবে আন ক্লাচৰো ব্যৱস্থা কৰিব পাৰি। প্ৰতিটো আন ক্লাচত এজন যোগ্য পৰামৰ্শ দিয়া ভাই থকা উচিত আৰু তেওঁ প্ৰাচীন হʼলে ভাল হʼব। যʼত প্ৰয়োজন হয়, তাত এজন যোগ্য পৰিচাৰকক এই দায়িত্ব দিব পাৰে। প্ৰাচীন গোষ্ঠীয়ে নিৰ্ণয় লʼব যে এই দায়িত্বৰ বাবে কোন যোগ্য আৰু তেওঁলোকে এয়াও নিৰ্ণয় লʼব লাগিব যে এই দায়িত্ব বেলেগ বেলেগ ভাইক দিয়া উচিত নে প্ৰতি সপ্তাহে বেলেগ বেলেগ ভায়ে এই দায়িত্ব লʼব। আন ক্লাচত পৰামৰ্শ দিয়া ভাইজনে  অনুচ্ছেদ ১৬-ত দিয়া নিৰ্দেশনা পালন কৰা উচিত। যদি আন ক্লাচৰ ব্যৱস্থা কৰা হৈছে, তেনেহʼলে আধ্যাত্মিক ৰত্ন বিচাৰক ভাগ শেষ হোৱাৰ লগে লগে ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক ভাগৰ বাবে বিদ্যাৰ্থীসকলক আন ক্লাচ ৰূমত যাবলৈ কোৱা উচিত। যেতিয়া কোনো এখন ভিডিঅʼৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়া আন ক্লাচৰ ভাই-ভনীসকলে সেই ক্লাচৰ পৰাই ভিডিঅʼ চাব বা শুনিব পাৰে। ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক ভাগ শেষ হোৱাৰ পাছত বিদ্যাৰ্থীসকলে আন ক্লাচ ৰূমৰপৰা পুনৰ মণ্ডলীৰ সভাত আহিব পাৰে। যদি এইদৰে কৰিবলৈ সম্ভৱ নহয়, তেনেহʼলে পৰামৰ্শ দিয়া ভাইজনে মোবাইল, টেব্‌লেট আদিৰ সহায়ত ভিডিঅʼখন দেখুৱা উচিত আৰু আলোচনা কৰা উচিত।

ভিডিঅ’

 ২৫. জীৱন আৰু পৰিচৰ্য্যা সভাত কিছুমান ভিডিঅʼ দেখুৱা হয়। এই ভিডিঅʼবোৰ JW লাইব্ৰেৰী এপত উপলব্ধ থাকে আৰু এইবোৰ বেলেগ বেলেগ উপকৰণত ডাউনলʼড কৰিব পাৰি। কেতিয়াবা কেতিয়াবা আলোচনাৰ বাবে আৰ্হিৰ ভিডিঅʼবোৰ সেৱা সভাতো দেখুৱাব পাৰি।