Skip to content

Skip to table of contents

মহিলাসকলৰ সুৰক্ষা—শাস্ত্ৰত কি কোৱা হৈছে?

মহিলাসকলৰ সুৰক্ষা—শাস্ত্ৰত কি কোৱা হৈছে?

 গোটেই পৃথিৱীজুৰি বহুতো মহিলা আৰু ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰা হয়। আপোনাৰ লগতো এইদৰে হৈছে নে? মহিলাসকলৰ সুৰক্ষা ঈশ্বৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ লগত যি বেয়া ব্যৱহাৰ হৈ আছে ইয়াৰ বিষয়ে ঈশ্বৰে কি কৰিব, আহক চাওঁ।

 “যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ দাদায়ে সদায় মোৰ ওপৰত চিঞৰিছিল আৰু মোক মাৰিছিল। বিয়াৰ পাছত, মোৰ শাহুৱেও মোৰ লগত এইদৰে বেয়া ব্যৱহাৰ কৰিছিল। তেওঁ আৰু তেওঁৰ স্বামীয়ে মোৰ লগত চাকৰৰ দৰে ব্যৱহাৰ কৰিছিল। যাৰ বাবে মোৰ আত্মহত্যা কৰিবলৈ মন গৈছিল।”— মধু, a ভাৰত.

 বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) অনুসৰি “পৃথিৱীৰ সকলো ঠাইতে মহিলাসকলৰ লগত অত্যাচাৰ হৈ আছে।” অনুমান কৰা হৈছে যে তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকীয়ে কেতিয়াবা নহয় কেতিয়াবা অত্যাচাৰ বা যৌন-শোষণৰ সন্মুখীন হয়।

 যদি আপোনাৰ লগতো এইদৰে হৈছে, তেনেহʼলে আপোনাৰ হ’য়তো ভয় লাগিব পাৰে। আপুনি যʼতে নাযাওক কিয় আপোনাৰ চিন্তা লাগিব পাৰে যে, কোনোবাই আপোনাক বেয়াকৈ কʼব বা আপোনাক মাৰিব বা আপোনাৰ লগত বেয়া কাম কৰিব। এনেধৰণৰ দুব্যৱহাৰ দেখি হয়তো আপুনি ভাবিব পাৰে যে মহিলাসকলৰ একো মূল্য নাই। কিন্তু মহিলাসকলৰ বিষয়ে ঈশ্বৰে এইদৰে ভাবে নে?

বাইবেলৰ পৰা জানিব পাৰি যে মহিলাসকলৰ সুৰক্ষা ঈশ্বৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ।

ঈশ্বৰে মহিলাসকলৰ বিষয়ে কি ভাবে?

 শাস্ত্ৰত কি লিখা আছে? “ঈশ্বৰে পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে।”—আদিপুস্তক ১:২৭.

 ইয়াৰ অৰ্থ: ঈশ্বৰে পুৰুষ আৰু স্ত্ৰী দুয়োজনকে সৃষ্টি কৰিলে আৰু দুয়োজনে সন্মান পুৱাটো তেওঁ বিচাৰে। এজন পুৰুষে নিজৰ পত্নীৰ ওপৰত অধিকাৰ চলোৱাটো আৰু মাৰ-পিট কৰাটো ঈশ্বৰে নিবিচাৰে। ইয়াৰ পৰিৰ্বতে এজন স্বামীয়ে ‘নিজৰ পত্নীক নিজৰ নিচিনাকৈ প্ৰেম কৰাটো তেওঁ বিচাৰে।ʼ (ইফিচীয়া ৫:৩৩; কলচীয়া ৩:১৯) ইয়াৰ পৰা জানিব পাৰি যে মহিলাসকলৰ সুৰক্ষা ঈশ্বৰৰ বাবে বহুত গুৰুত্বপূৰ্ণ।

 “যেতিয়া মই সৰু আছিলোঁ, তেতিয়া মোৰ সমন্ধীয়াসকলে মোৰ লগত বেয়া কাম কৰিছিল। ১৭ বছৰৰ বয়সত মোৰ বʼচে মোক ধমকি দিলে যে, যদি মই তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক নাৰাখোঁ, তেনেহʼলে তেওঁ মোক চাকৰিৰ পৰা উলিয়াই দিব। বিয়াৰ পাছত মোৰ স্বামী, মা-দেউতা আৰু চুবুৰীয়াসকলেও মোক সন্মান কৰা নাছিল। কিন্তু মই শিকিলোঁ যে আমাৰ সৃষ্টিকৰ্তা যিহোৱাই  b মহিলাসকলক বহুত সন্মান কৰে। এয়া জানি মোৰ বিশ্বাস হʼল যে ঈশ্বৰে মোক প্ৰেম কৰে আৰু মোক মূল্যৱান বুলি ভাবে।”— মাৰিয়া, আৰ্জেণ্টিনা.

মনত পোৱা আঘাতবোৰ সহিবলৈ কিহে আপোনাক সহায় কৰিব?

 শাস্ত্ৰত কি লিখা আছে? ‘এনে বন্ধুও থাকে যি ভায়েকতকৈ আপোন হয়।’—হিতোপদেশ ১৮:২৪.

 ইয়াৰ অৰ্থ: এজন ভাল বন্ধুৱে আপোনাক সহায় কৰিব পাৰে। যদি আপুনি বিচাৰে তেনেহʼলে আপোনাৰ মনৰ কথা এনে এজন ব্যক্তিক খুলি কওঁক যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে।

 “২০ বছৰলৈকে মই কাকো কোৱা নাছিলোঁ যে মই যৌন-শোষণৰ সন্মুখীন হৈছিলোঁ। সেইবাবে মই সদায় দুখী অনুভৱ কৰিছিলোঁ, ভয় খাইছিলোঁ আৰু নিৰাশ হৈ পৰিছিলোঁ। কিন্তু যেতিয়া মই আনক নিজৰ মনৰ কথা খুলি কলো, তেতিয়া তেওঁ মোৰ কথা মন দি শুনিলে। মই কʼব নোৱাৰোঁ যে সেই সময়ত মই কিমান শান্ত্বনা পালোঁ।”— এলিফ, তুৰ্কী.

 শাস্ত্ৰত কি লিখা আছে? “তোমালোকৰ সকলো চিন্তাৰ ভাৰ [ঈশ্বৰৰ] ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.

 ইয়াৰ অৰ্থ: যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, তেতিয়া ঈশ্বৰে আপোনাৰ কথা শুনে। (গীতমালা ৫৫:২২; ৬৫:২) তেওঁ আপোনাৰ যত্ন লয় আৰু আপোনাক বিশ্বাস দিয়ে যে তেওঁৰ বাবে আপুনি বহুত মুল্যৱান।

 “যিহোৱাৰ বিষয়ে শিকি মই মনৰ শান্তি পালোঁ। এতিয়া মই মোৰ মনৰ সকলো কথা তেওঁক খুলি কওঁ। তেওঁ মোৰ এনে এজন বন্ধু হয় যি মোক ভাল দৰে বুজি পায়।”—এনা, বেলিজ.

মহিলাসকলৰ লগত হোৱা বেয়া ব্যৱহাৰ ঈশ্বৰে শেষ কৰিব নে?

 শাস্ত্ৰত কি লিখা আছে? ‘হে যিহোৱা, এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব, তাৰবাবে তুমিয়েই অনাথ আৰু পীড়িত লোকসকলৰ পক্ষত থিয় হʼব পাৰা।’—গীতমালা ১০:১৭, ১৮.

 ইয়াৰ অৰ্থ: আজি মহিলাসকলৰ লগত যি অন্যায় আৰু অত্যাচাৰ হৈ আছে, সেইবোৰ ঈশ্বৰে সোনকালে শেষ কৰিব।

 “যেতিয়া মই গম পালোঁ যে মহিলা আৰু ছোৱালীসকলৰ লগত যি বেয়া ব্যৱহাৰ হৈ আছে সেয়া যিহোৱাই সোনকালে শেষ কৰিব, তেতিয়া মোৰ এনে লাগিছিল যেন কোনোবাই মই আঘাত পোৱা ঠাইত মলম লগাই আছে। ইয়াৰ পৰা মই বহুত শান্ত্বনা পালোঁ।”—ৰবাৰ্টা, মেক্সিকো.

 আপুনি জানিব বিচাৰে নে বাইবেলত আৰু কি আশা দিয়া হৈছে, ইয়াত দিয়া প্ৰতিজ্ঞাৰ ওপৰত আপুনি কেনেকৈ বিশ্বাস কৰিব পাৰিব আৰু যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ পৰা কেনেকৈ শান্ত্বনা দিয়ে? যদি আপুনি বিচাৰে, তেনেহʼলে তেওঁৰ লগত যোগাযোগ কৰক। তেওঁ বিনামূল্যাকৈ আপোনাক লʼগ কৰিব।

 এই লেখৰ এনে কপি ডাউনল’ড কৰক যাক প্ৰিন্ট কৰিব পাৰি

a কিছুমান নাম সলনি কৰা হৈছে।

b যিহোৱা, ঈশ্বৰৰ নাম হয়। (গীতমালা ৮৩:১৮) “যিহোৱা কোন হয়?” লেখখন চাওক।