Skip to content

Skip to table of contents

পৰিয়ালৰ সুখ-শান্তিৰ বাবে ভাল পৰামৰ্শ

পৰিয়ালৰ সুখ-শান্তিৰ বাবে ভাল পৰামৰ্শ

আমাৰ জীৱন-সংগী আৰু আমাৰ লʼৰা-ছোৱালী যিহোৱাই দিয়া এক মূল্যৱান উপহাৰ। পৰিয়ালত সকলোৱে আনন্দেৰে জীয়াই থকাটো ঈশ্বৰে বিচাৰে। সেইবাবে, তেওঁ পবিত্ৰ শাস্ত্ৰত আমাক কিছুমান ভাল পৰামৰ্শ দিছে। যদি আমি তেওঁৰ পৰামৰ্শ পালন কৰোঁ, তেনেহʼলে পৰিয়ালত সকলোৰে মাজত প্ৰেম, শান্তি আৰু একতা থাকিব। আহক চাওঁ, তেওঁ কি পৰামৰ্শ দিছে।

স্বামীসকল, নিজৰ পত্নীক প্ৰেম কৰক

“স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্য্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে। কিয়নো কোনেও নিজ মাংসক কেতিয়াও ঘিণোৱা নাই; কিন্তু তাক পোহন-পালনহে কৰিছে।”—ইফিচীয়া ৫:২৮, ২৯.

স্বামী পৰিয়ালৰ মুৰব্বী হয়। (ইফিচীয়া ৫:২৩) কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে স্বামীয়ে নিজৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰা আৰু তাইক নিজৰ অধীনত ৰখা। এজন স্বামীয়ে নিজৰ পত্নীক সন্মান কৰা উচিত আৰু তাইৰ যত্ন লোৱা উচিত। পত্নীৰ সকলো প্ৰয়োজনীয়তা স্বামীয়ে পূৰ কৰা উচিত আৰু তাইক প্ৰেম কৰা উচিত। যদি পত্নীয়ে কিবা কাৰণত নিৰাশ হৈ পৰে, তেনেহʼলে স্বামীয়ে নিজৰ পত্নীক শান্ত্বনা দিয়া উচিত। স্বামীয়ে নিজৰ পত্নীক আনন্দত ৰাখিবলৈ চেষ্টা কৰা উচিত। পত্নীয়ে তেওঁৰ মতে সকলো কাম কৰাটো তেওঁ কেতিয়াও ভবা উচিত নহয়। (ফিলিপীয়া ২:৪) তেওঁ নিজৰ পত্নীক সকলো কথা খুলি কোৱা উচিত আৰু পত্নীৰ কথা ধ্যান দি শুনা উচিত। এজন ভাল স্বামীয়ে কেতিয়াও নিজৰ পত্নীৰ লগত “তিতা ব্যৱহাৰ” নকৰিব, তাইক মাৰ-পিট নকৰিব আৰু গালি-শপনিও নিদিব।—কলচীয়া ৩:১৯.

পত্নীসকল, নিজৰ স্বামীক সন্মান কৰক

“ভাৰ্য্যাই স্বামীলৈ ভয় [গভীৰ সন্মান, NW] ৰাখক।”—ইফিচীয়া ৫:৩৩.

এগৰাকী পত্নীয়ে নিজৰ স্বামীক সন্মান কৰা উচিত আৰু তেওঁ কিবা নিৰ্ণয় লʼলে তেওঁক সমৰ্থন কৰা উচিত। এইদৰে কৰিলে পৰিয়ালত শান্তি হʼব। যদি স্বামীৰ কিবা ভুল হয়, তেনেহʼলে পত্নীয়ে ঠাট্টা কৰা উচিত নহয়। (১ পিতৰ ৩:৪) যেতিয়া পত্নীয়ে কিবা কথালৈ চিন্তিত হৈ থাকে, তেতিয়া স্বামীৰ লগত কথা পাতিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰা উচিত আৰু সন্মানেৰে তেওঁৰ লগত কথা পতা উচিত।—উপদেশক ৩:৭.

নিজৰ জীৱন-সংগীৰ বিশ্বাসী হৈ থাকক

‘মানুহ নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।’—আদিপুস্তক ২:২৪.

যেতিয়া এজন ডেকা লʼৰা আৰু ছোৱালীয়ে বিয়া কৰে, তেতিয়া তেওঁলোকৰ মাজত এটা নতুন সম্পৰ্কৰ আৰম্ভণি হয়। যদি তেওঁলোকে এজনে-আনজনৰ লগত খুলা-খুলিকৈ কথা পাতে, এজনে-আনজনৰ বাবে সৰু-সুৰা কাম কৰে, তেনেহʼলে তেওঁলোকে আনন্দত থাকিব আৰু তেওঁলোকৰ সম্পৰ্ক দৃঢ় হʼব। তেওঁলোকে নিজৰ পত্নী বা স্বামীৰ বাহিৰে আনৰ লগত ৰোমাণ্টিক সম্পৰ্ক ৰখা উচিত নহয়। যদি তেওঁলোকৰ মাজৰ কোনোবাই বিশ্বাসঘাত কৰে, তেনেহʼলে স্বামী বা পত্নীয়ে বহুত দুখ পাব। তেওঁলোকৰ মাজত বিশ্বাস নাইকিয়া হৈ যাব আৰু পৰিয়াল ভাঙি যাব।—ইব্ৰী ১৩:৪.

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক শিকাওক

“লৰাক তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা দিয়া; তাতে সি বুঢ়া হলেও তাক নেৰিব।”—হিতোপদেশ ২২:৬.

সন্তানসকলক শিকোৱাৰ দায়িত্ব ঈশ্বৰে পিতৃ-মাতৃক দিছে। পিতৃ-মাতৃয়ে তেওঁলোকক শিকোৱা উচিত আৰু তেওঁলোকৰ বাবে এটা ভাল উদাহৰণ ৰখা উচিত। (দ্বিতীয় বিবৰণ ৬:৬, ৭) যদি লʼৰা-ছোৱালীয়ে কিবা ভুল কৰে, তেনেহʼলে পিতৃ-মাতৃয়ে খং কৰা উচিত নহয়। কিবা কোৱাৰ আগতে তেওঁলোকৰ কথা ভালদৰে শুনক। (যাকোব ১:১৯) যদি লʼৰা-ছোৱালীক কিবা বিষয়ত বুজাবলগীয়া হয়, তেনেহʼলে মৰমেৰে বুজাওক।

লʼৰা-ছোৱালীসকল, নিজৰ পিতৃ-মাতৃৰ কথা শুনা

‘সন্তানবিলাক, তোমালোকে পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; আৰু নিজ পিতৃ-মাতৃক সন্মান কৰা।’—ইফিচীয়া ৬:১, ২.

লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ কথা শুনা উচিত আৰু তেওঁলোকক সন্মান কৰা উচিত। যেতিয়া তেওঁলোকে এইদৰে কৰিব, তেতিয়া ঘৰত শান্তি হʼব আৰু তেওঁলোকক সকলোৱে ভাল পাব। লʼৰা-ছোৱালীয়ে ডাঙৰ হোৱাৰ পাছত নিজৰ বয়সস্থ পিতৃ-মাতৃক আদৰ কৰা উচিত আৰু তেওঁলোকৰ চোৱা-চিতা কৰা উচিত। যদি তেওঁলোকে একেলগে নাথাকে, তেনেহʼলে তেওঁলোকৰ ঘৰৰ সৰু-সুৰা কামত সহায় কৰা উচিত আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰা উচিত।—১ তীমথিয় ৫:৩, ৪.