Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

ইয়াত কাক উঠি পোহৰ দিবলৈ কোৱা হৈছিল আৰু তাই এয়া কেনেকৈ কৰিলে?

যিচয়া ৬০:১ পদত লিখা আছে, “তুমি উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।” ইয়াৰ আশে-পাশে থকা পদবোৰৰ পৰা জানিব পাৰি যে ইয়াত চিয়োন বা যিৰূচালেম নগৰৰ বিষয়ে কোৱা হৈছে, যি প্ৰাচীন সময়ত যিহূদাৰ ৰাজধানী আছিল। a (যিচ. ৬০:১৪; ৬২:১, ২) এই নগৰ গোটাই ইস্ৰায়েল ৰাষ্ট্ৰক চিত্ৰিত কৰিছিল। কিন্তু যিচয়া ৬০:১ পদটো পঢ়িলে আমাৰ মনলৈ দুটা প্ৰশ্ন আহে, (১) যিৰূচালেম নগৰ কেতিয়া আৰু কেনেকৈ ‘উঠি, দীপ্তি দিছিল?’ আৰু (২) যিচয়াৰ ভৱিষ্যবাণী আজি বৃহতভাৱে পূৰ হৈ আছে নে?

যিৰূচালেম নগৰ কেতিয়া আৰু কেনেকৈ ‘উঠি দীপ্তি দিছিল?’ যেতিয়া যিহূদীসকল ৭০ বছৰ ধৰি বাবিলত বন্দী হৈ আছিল, তেতিয়া যিৰূচালেম আৰু ইয়াৰ মন্দিৰ ধ্বংস হৈ গৈছিল। কিন্তু পাছত মাদিয়া পাৰস্যয়ে বাবিলৰ ওপৰত জয় লাভ কৰিলে। ইয়াৰ ফলত বাবিলৰ সাম্ৰাজ্যত থকা সকলো ইস্ৰায়েলীয়ে আকৌ শুদ্ধ উপাসনা আৰম্ভ কৰিবলৈ নিজৰ দেশলৈ উভতি যোৱাৰ সুযোগ পালে। (ইজ্ৰা ১:১-৪) খ্ৰীষ্টপূৰ্ব ৫৩৭-ৰ আৰম্ভণিত ১২ ফৈদৰ বাকী থকা বিশ্বাসী লোকসকলে যিৰূচালেমলৈ উভতি আহিল। (যিচ. ৬০:৪) তেওঁলোকে তাত যিহোৱাৰ বাবে বলিদান উৎসৰ্গ কৰিবলৈ, উৎসৱ পালন কৰিবলৈ আৰু মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। (ইজ্ৰা ৩:১-৪, ৭-১১; ৬:১৬-২২) যিহোৱাৰ মহিমা আকৌ এবাৰ যিৰূচালেম অৰ্থাৎ তেওঁৰ লোকসকলৰ ওপৰত দেখিবলৈ পোৱা গʼল। তেওঁৰ লোকসকল সেই ৰাষ্ট্ৰবোৰৰ বাবে দীপ্তিৰ নিচিনা আছিল, যিসকলে অন্ধকাৰত আছিল, অৰ্থাৎ যিসকলে যিহোৱাৰ বিষয়ে নাজানিছিল।

যিচয়াই শুদ্ধ উপাসনা পুনৰ আৰম্ভ কৰাৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া যিৰূচালেম নগৰৰ ওপৰত কিছু পৰিমাণে পূৰ হৈছিল। আগলৈ বেছিভাগ ইস্ৰায়েলীয়ে যিহোৱাৰ আজ্ঞা মানিবলৈ এৰি দিলে। (নহি. ১৩:২৭; মলা. ১:৬-৮; ২:১৩, ১৪; মথি ১৫:৭-৯) তেওঁলোকে মচীহক অৰ্থাৎ যীচু খ্ৰীষ্টকো অস্বীকাৰ কৰিলে। (মথি ২৭:১, ২) সেইবাবে, ৭০ খ্ৰীষ্টাব্দত আকৌ যিৰূচালেম আৰু তাৰ মন্দিৰ ধ্বংস কৰি দিয়া হʼল।

যিহোৱাই এইদৰে হʼব বুলি আগতে কৈছিল। (দানি. ৯:২৪-২৭) ইয়াৰ পৰা জানিব পৰি যে যিচয়াই শুদ্ধ উপাসনা পুনৰ আৰম্ভ কৰাৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, তাৰ সকলো কথা যিৰূচালেম নগৰৰ ওপৰত পূৰ হোৱাটো যিহোৱাৰ উদ্দেশ্য নাছিল।

যিচয়াৰ এই ভৱিষ্যবাণী আজি বৃহতভাৱে পূৰ হৈ আছে নে? হয়, যিহোৱাই আজি ‘উৰ্দ্ধলোকত থকা যিৰূচালেমৰ’ যোগেদি দীপ্তি দি আছে। পাঁচনি পৌলে ইয়াক “আমাৰ মাতৃ” বুলি কৈছে। (গালা. ৪:২৬) উৰ্দ্ধলোকত থকা যিৰূচালেম যিহোৱাৰ সংগঠনৰ স্বৰ্গত থকা ভাগ হয়, যি তেওঁৰ বিশ্বাসী স্বৰ্গদূতসকলেৰে মিলি গঠিত হৈছে। ইয়াৰ সন্তানো আছে। যীচু তাৰে মাজৰ এজন হয়। ইয়াৰ উপৰিও ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানো ইয়াৰ সন্তান হয়, যিসকলৰ পৌলৰ দৰে স্বৰ্গত জীয়াই থকাৰ আশা আছে। সকলো অভিষিক্ত খ্ৰীষ্টানে মিলি এক “পবিত্ৰ জাতি” গঠন কৰিছে, যাক ‘ঈশ্বৰৰ ইস্ৰায়েল’ বুলি কোৱা হৈছে।—১ পিত. ২:৯; গালা. ৬:১৬.

উৰ্দ্ধলোকৰ যিৰূচালেমে কেতিয়া আৰু কেনেকৈ ‘উঠি দীপ্তি দিবলৈ’ আৰম্ভ কৰিলে? তাই পৃথিৱীত থকা নিজৰ অভিষিক্ত সন্তানসকলৰ জৰিয়তে এইদৰে কৰিলে। এতিয়া আহক চাওঁ যে অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত যি হʼল, সেয়া যিচয়া ৬০ অধ্যায়ত লিখা কথাৰ লগত কেনেকৈ মিল খায়?

অভিষিক্ত খ্ৰীষ্টানসকলক উঠাৰ কিয় প্ৰয়োজন হʼল? দ্বিতীয় শতিকাত ধৰ্মত্যাগী লোকৰ সংখ্যা বাঢ়ি গʼল আৰু সত্যৰ পোহৰ কমিবলৈ ধৰিলে। সেইবাবে, অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে যেন চাৰিওফালে অন্ধকাৰ হৈ পৰিল। (মথি ১৩:৩৭-৪৩) তেওঁলোকে মহা বাবিলত বন্দী হৈ পৰিল, যি মিছা ধৰ্মৰ সাম্ৰাজ্য হয়। অভিষিক্ত খ্ৰীষ্টানসকলে ‘জগতৰ ব্যৱস্থাৰ শেষ সময়লৈকে’ তাত বন্দী হৈ আছিল। সেই সময় ১৯১৪ চনত আৰম্ভ হৈছিল। (মথি ১৩:৩৯, ৪০) ইয়াৰ কিছু সময়ৰ পাছত ১৯১৯ চনত তেওঁলোকে মহা বাবিলৰ পৰা মুকলি হʼল আৰু দীপ্তি দিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে উৎসাহেৰে ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। b ইয়াৰ পৰিণাম কি হʼল? সময় পাৰ হোৱাৰ লগে লগে সকলো ৰাষ্ট্ৰৰ লোকসকলে সেই দীপ্তিৰ ফালে আহিবলৈ ধৰিলে। ঈশ্বৰৰ ইস্ৰায়লৰ বাকী থকা লোকসকলেও ইয়াৰ ফালে আহিবলৈ আৰম্ভ কৰিলে, যাক যিচয়া ৬০:৩ পদত ‘ৰজা’ বুলি কোৱা হৈছে।—প্ৰকা. ৫:৯, ১০.

অভিষিক্ত খ্ৰীষ্টানসকলে ভৱিষ্যতে বৃহতভাৱে ঈশ্বৰৰ দীপ্তি প্ৰকাশ কৰিব। তেওঁলোকে এয়া কেনেকৈ কৰিব? নিজৰ মৃত্যুৰ পাছত যেতিয়া তেওঁলোকে স্বৰ্গলৈ যাব, তেতিয়া তেওঁলোকে নতুন যিৰূচালেমৰ ভাগ হৈ পৰিব অৰ্থাৎ খ্ৰীষ্টৰ কইনা হʼব। তাৰ পাছত ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানে যীচু খ্ৰীষ্টৰ লগত মিলি ৰজা আৰু পুৰোহিত হিচাপে সেৱা কৰিব।—প্ৰকা. ১৪:১; ২১:১, ২, ২৪; ২২:৩-৫.

যিচয়া ৬০:১ পদত লিখা ভৱিষ্যবাণী পূৰ কৰাত নতুন যিৰূচালেমৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। (যিচয়া ৬০:১, ৩, ৫, ১১, ১৯, ২০ পদক প্ৰকাশিত বাক্য ২১:২, ৯-১১, ২২-২৬ পদৰ লগত তুলনা কৰক।) প্ৰাচীন সময়ত যিদৰে ইস্ৰায়েল দেশৰ সকলো চৰকাৰী কাম যিৰূচালেমত হৈছিল, ঠিক সেইদৰে যেতিয়া নতুন ব্যৱস্থা আহিব, তেতিয়া নতুন যিৰূচালেম আৰু যীচুৱে একেলগে মিলি তাৰ সকলো কাম চম্ভালিব। কিন্তু নতুন যিৰূচালেম ‘ঈশ্বৰৰ ওচৰৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা’ নামিব, ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ইয়ে পৃথিৱীৰ লোকসকলৰ ওপৰত ধ্যান দিব আৰু তেওঁলোকৰ ওপৰত দীপ্তি প্ৰকাশ কৰিব। যিহোৱালৈ ভয় ৰাখোঁতা সকলো ৰাষ্ট্ৰৰ লোকসকলে ‘তেওঁৰ দীপ্তিত চলিব।’ ইয়াৰ উপৰিও তেওঁলোকক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিব। (প্ৰকা. ২১:৩, ৪, ২৪) অৱশেষত সকলোবোৰ আগৰ দৰে কৰি দিয়া হʼব, যিদৰে যিচয়া আৰু আন ভৱিষ্যবক্তাসকলে কৈছিল। (পাঁচ. ৩:২১) যেতিয়া মচীহ ৰজা হʼল, তেতিয়া সকলোবোৰ আগৰ দৰে বনোৱাৰ কাম অৰ্থাৎ পুনৰ আৰম্ভণিৰ কাম আৰম্ভ হʼল আৰু এক হাজাৰ বছৰৰ শাসনৰ পাছত এই কাম শেষ হʼব।

a হিব্ৰু ভাষাত যিচয়া ৬০:১ পদত “তিৰোতা” শব্দটো নাই। কিন্তু এই পদত যি ক্ৰিয়া ব্যৱহাৰ কৰা হৈছে, যাৰ অনুবাদ “উঠা” আৰু “দীপ্তি দিয়া” বুলি কৰা হৈছে, সেয়া স্ত্ৰীলিংগ হয়। যি হিব্ৰু শব্দৰ অনুবাদ “তোমাৰ” বুলি কৰা হৈছে, সেয়াও স্ত্ৰীলিংগ হয়। সেইবাবে, নতুন জগত অনুবাদত যিচয়া ৬০:১ পদত “চিয়োন” বা ‘যিৰূচালেমক’ “তিৰোতা” বুলি কোৱা হৈছে। এই পদ পঢ়ি স্পষ্টকৈ জানিব পাৰি যে ইয়াত সঁচাকৈ কোনো তিৰোতাৰ বিষয়ে কোৱা নাই।

b শুদ্ধ উপাসনা ১৯১৯ চনত পুনৰ আৰম্ভ কৰা হʼল। ইয়াৰ বিষয়ে যিহিষ্কেল ৩৭:১-১৪ আৰু প্ৰকাশিত বাক্য ১১:৭-১২ পদত কোৱা হৈছিল। যিহিষ্কেলে কৈছিল যে এক দীঘলীয়া সময়লৈকে বন্দী হৈ থকাৰ পাছত অভিষিক্তি খ্ৰীষ্টানসকলে আকৌ যিহোৱাৰ শুদ্ধ উপাসনা কৰিব। প্ৰকাশিত বাক্যত কোৱা হৈছিল অভিষিক্ত খ্ৰীষ্টানসকলৰ এটা সৰু সমূহ, যিসকলে নেতৃত্ব লৈছিল, তেওঁলোকক আকৌ জীয়াই তোলা হʼব। আচলতে এই ভাইসকললে কোনো ভুল নকৰাৰ সত্ত্বেও জেলত বন্দী কৰা হৈছিল, যাৰ বাৰে কিছু সময়লৈকে তেওঁলোকৰ কাম ৰখি গৈছিল। এইদৰে তেওঁলোকক যেন মাৰি পেলোৱা হৈছিল। কিন্তু পাছত তেওঁলোকক আকৌ জীয়াই তোলা হʼল আৰু ১৯১৯ চনত “বিশ্বাসী আৰু বুদ্ধিমান দাস” নিযুক্ত কৰা হʼল।—মথি ২৪:৪৫; গোটেই পৃথিৱীত যিহোৱাৰ শুদ্ধ উপাসনাৰ পুনৰ আৰম্ভণি! (হিন্দী) কিতাপৰ পৃষ্ঠা ১১৮ পঢ়ক।