Skip to content

যিহোৱাৰ সাক্ষীৰ নাৰীসকলেও ঘোষণা কাৰ্য্য কৰে নেকি?

যিহোৱাৰ সাক্ষীৰ নাৰীসকলেও ঘোষণা কাৰ্য্য কৰে নেকি?

 হয় কৰে। সকলো যিহোৱাৰ সাক্ষী প্ৰচাৰক অথবা সেৱক হয়, যʼত লাখ লাখ নাৰীও জড়িত আছে। “শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা তিৰোতাবিলাক মহাবাহিনী” বুলি পবিত্ৰ শাস্ত্ৰ বাইবেলে বৰ্ণনা কৰিছে।​—গীতমালা ৬৮:১১.

 বাইবেলত উল্লেখ থকা নাৰীসকলৰ উদাহৰণ যিহোৱাৰ সাক্ষীসকলৰ নাৰীসকলে অনুকৰণ কৰে। (হিতোপদেশ ৩১:​১০-​৩১) যদিও তেওঁলোকে মণ্ডলীৰ নেতৃত্ব লোৱাৰ দায়িত্ব বহন নকৰে, কিন্তু তেওঁলোকে ঘৰে ঘৰে গৈ লোকসকলক বাইবেলৰপৰা শিক্ষা দিয়াত ভাগ লয়। ইয়াৰ উপৰিও, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক বাইবেলৰ সিদ্ধান্তৰ বিষয়ে শিক্ষা দিয়ে। (হিতোপদেশ ১:৮) এগৰাকী খ্ৰীষ্টান নাৰীয়ে নিজৰ কথা আৰু কামৰ যোগেদি আনৰ বাবে এক ভাল উদাহৰণ বুলি প্ৰমাণিত হয়।​—তীত ২:​৩-৫.