Skip to content

বাইবেলত যীচুৰ বিষয়ে সঠিক বৃত্তান্ত লিপিবদ্ধ আছেনে?

বাইবেলত যীচুৰ বিষয়ে সঠিক বৃত্তান্ত লিপিবদ্ধ আছেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলৰ লেখক লূকে যীচুৰ জীৱনৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “ময়ো আৰম্ভণৰে পৰা সকলো বিষয়ে নিশ্চয়কৈ অনুসন্ধান কৰি, আপোনালৈ ক্ৰমেৰে লিখিবলৈ উচিত দেখিলোঁ।”—লূক ১:৪.

 কিছুমান লোকে দাবী কৰে যে যীচুৰ সমকালিনত বাস কৰা মথি, মাৰ্ক, লূক আৰু যোহনে শুভবাৰ্ত্তাৰ কিতাপত যীচুৰ জীৱনৰ বিষয়ে যি বৰ্ণনা কৰিছে, সেয়া চতুৰ্থ শতিকাৰ কোনো এক সময়ত সাল-সলনি কৰা হৈছে।

 কিন্তু কুৰি শতিকাৰ সময়ছোৱাত যোহনৰ শুভবাৰ্ত্তা কিতাপৰ এটা গুৰুত্বপূৰ্ণ অংশ মিচৰত বিচাৰি পোৱা গʼল। বৰ্তমান সময়ত ই পেপিৰাচ ৰিলেণ্ড ৪৫৭ (P52) নামেৰে জনাজাত। এই অংশ টুকুৰা ইংলেণ্ডৰ মানচেষ্টাৰৰ, ৰিলেণ্ড লাইব্ৰেৰীত সংৰক্ষিত কৰি ৰখা হৈছে। আধুনিক বাইবেলৰ যোহন ১৮:৩১-৩৩, ৩৭, ৩৮ পদবোৰত লিখা কথাখিনি ইয়াত লিপিবদ্ধ আছে।

 এয়া হৈছে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ আটাইতকৈ পুৰণি হস্তলিপি। বহুতো বিদ্ধানে বিশ্বাস কৰে যে এই হস্তলিপি প্ৰায় ১২৫ খ্ৰীষ্টাব্দত লিখা হৈছিল। মূল লিখনিৰ প্ৰায় পঁচিশ শতিকাৰ পাছত ইয়াক লিখা হৈছিল। এই অংশত লিখা বিষয়বোৰ, পাছত আৱিষ্কাৰ হোৱা হস্তলিপিবোৰত মিল থকা দেখিবলৈ পোৱা যায়।