Skip to content

নৰকলৈ কোন যায়?

নৰকলৈ কোন যায়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 নৰক (বাইবেলৰ মূল ভাষাত “চিয়োল” আৰু “হেডীজ্‌”) হৈছে এক সাধাৰণ কবৰ। ই দুষ্ট লোকসকলক শাস্তি দিয়া জ্বলি থকা কোনো ঠাই নহয়। এতিয়া প্ৰশ্ন হʼব পাৰে যে নৰকলৈ কোন যায়? প্ৰকৃততে ভাল আৰু বেয়া দুই ধৰণৰ লোকেই নৰকলৈ যায়। (ইয়োব ১৪:১৩; গীতমালা ৯:​১৭) বাইবেলে বৰ্ণনা কৰিছে যে মানৱজাতিৰ এই সাধাৰণ কবৰেই হৈছে ‘সকলো জীয়া লোকৰ নিৰূপিত ঘৰ।’​—ইয়োব ৩০:২৩.

 আনকি যীচু খ্ৰীষ্টয়ো মৃত্যুৰ পাছত নৰকলৈ গৈছিল। কিন্তু তেওঁক “পৰলোকত ত্যাগ কৰা নহল।” ঈশ্বৰে তেওঁক পুনৰুত্থান কৰিছিল।​—পাঁচনিৰ কৰ্ম্ম ২:​৩১, ৩২.

অনন্ত কালৰ বাবে নৰক থাকিবনে?

 নৰকত থকা সকলো লোকক ঈশ্বৰৰ শক্তিৰ দ্বাৰা যীচুৱে পুনৰ জীৱন দি তাৰপৰা বাহিৰ কৰিব। (যোহন ৫:​২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫) ভৱিষ্যতে হʼবলগীয়া পুনৰুত্থানৰ বিষয়ে প্ৰকাশিত বাক্য ২০:১৩ পদে এইদৰে বৰ্ণনা কৰিছে: ‘মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক শোধাই দিব।’ যেতিয়া নৰক সম্পূৰ্ণৰূপে খালী হৈ যাব, তেতিয়া ইয়াৰ আৰু অস্তিত্ব নাথাকিব। ইয়াৰ পাছত “মৃত্যু আৰু নহব” আৰু তালৈ কোনেও নাযাব।​—প্ৰকাশিত বাক্য ২১:​৩, ৪; ২০:১৪.

 কিন্তু মন কৰিবলগীয়া কথা যে মৃত্যুৰ পাছত কিছুমান লোক নৰকলৈ নাযায়। বাইবেলে বৰ্ণনা কৰিছে যে কিছুমান লোকে অনুতাপ নকৰে আৰু গভীৰ বেয়া কাৰ্য্যবোৰত লিপ্ত হৈ থাকে। (ইব্ৰী ১০:২৬, ২৭) এনে লোকসকল মৃত্যুৰ পাছত নৰকলৈ নাযায়, কিন্তু তেওঁলোক গেহেনালৈ যায়। গেহেনা শব্দৰ তুলনা সদায় বিনাশৰ লগত কৰা হৈছে। (মথি ৫:২৯, ৩০) উদাহৰণস্বৰূপে, কিছুমান কপটীয়া ধৰ্ম্মগুৰুৱে গেহেনালৈ যাব বুলি যীচুৱে কৈছিল।​—মথি ২৩:২৭-৩৩, NW.