Skip to content

দুষ্ট আত্মা বাস্তৱত আছেনে?

দুষ্ট আত্মা বাস্তৱত আছেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 নিশ্চয় আছে! দুষ্ট আত্মাবিলাক হৈছে ‘পাপ কৰা দূতবিলাক।’ (২ পিতৰ ২:৪) এই আত্মিক প্ৰাণীবিলাকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। নিজকে দুষ্ট প্ৰাণী হিচাপে গঢ়ি তোলা প্ৰথম স্বৰ্গদূতজন হৈছে চয়তান। বাইবেলে চয়তানক “ভূতবোৰৰ ৰজা” বুলি বৰ্ণনা কৰিছে।—মথি ১২:২৪, ২৬.

নোহৰ সময়ৰ বিদ্ৰোহ

 নোহৰ জলপ্লাৱন হোৱাৰ আগতে কিছুমান স্বৰ্গদূতে কৰা বিদ্ৰোহৰ বিষয়ে বাইবেলত এইদৰে উল্লেখ আছে: “ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰক ৰূপৱতী দেখি, সিহঁত আটাইৰে পৰা যেয়ে যাক ইচ্ছা কৰিলে, সিয়ে তাইক বিয়া কৰি ললে।” (আদিপুস্তক ৬:২) সেই দুষ্ট বা নীচ স্বৰ্গদূতবিলাকে “নিজ বাসস্থান ত্যাগ” কৰি, তিৰোতাসকলৰ লগত যৌন সম্পৰ্কত লিপ্ত হʼবলৈ মানুহৰ শৰীৰ ধাৰণ কৰিছিল।—যিহূদা ৬.

 জলপ্লাৱন হোৱাৰ সময়ত দুষ্ট স্বৰ্গদূতবিলাকে মানৱ শৰীৰ ত্যাগ কৰি পুনৰ স্বৰ্গলৈ উভতি গৈছিল। কিন্তু ঈশ্বৰে তেওঁবিলাকক নিজৰ পৰিয়ালৰ অংশ হʼবলৈ নিদি বহিষ্কাৰ কৰিছিল। শাস্তিৰ এক অংশ হিচাপে এই দুষ্ট স্বৰ্গদূতবিলাকে পুনৰ মানৱ শৰীৰ ধাৰণ কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছিল।—ইফিচীয়া ৬:১১, ১২.