Skip to content

‘জীৱন-পুস্তকত’ কাৰ নাম লিখা আছে?

‘জীৱন-পুস্তকত’ কাৰ নাম লিখা আছে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 ‘জীৱন-পুস্তকক’ “স্মৰণাৰ্থক পুথি” বুলিও কোৱা হয়। ভৱিষ্যতে অনন্ত জীৱন লাভ কৰাৰ আশা থকা লোকসকলৰ নাম এই পুস্তকত লিখা আছে। (প্ৰকাশিত বাক্য ৩:৫; ২০:১২; মলাখী ৩:১৬) যিসকল লোকে ঈশ্বৰৰ বিশ্বাসী হৈ তেওঁৰ আজ্ঞা পালন কৰে, ঈশ্বৰে তেওঁলোকৰ নাম জীৱন পুস্তকত লিখাৰ বাবে সিদ্ধান্ত লয়।​—যোহন ৩:১৬; ১ যোহন ৫:৩.

 এখন কিতাপত লিখাৰ দৰে, ঈশ্বৰে “জগত স্থাপনৰে পৰা” তেওঁৰ প্ৰতিজন বিশ্বাসী সেৱকৰ নাম মনত ৰাখিছে। (প্ৰকাশিত বাক্য ১৭:৮) সম্ভৱত, জীৱন-পুস্তকত সৰ্ব্বপ্ৰথমে বিশ্বাসী পুৰুষ হেবলৰ নাম লিখা হৈছে। (ইব্ৰী ১১:৪) এই পুস্তকখন কেৱল এক নামৰ তালিকা নহয়, কিন্তু ইয়াৰ দ্বাৰা আমি ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰোঁ যে ঈশ্বৰ প্ৰেম হয় আৰু তেওঁ নিজৰ “লোকক জানে।”​—২ তীমথিয় ২:১৯; ১ যোহন ৪:৮.

‘জীৱন-পুস্তকত’ উল্লেখ কৰা কোনো এজন ব্যক্তিৰ নাম কটা সম্ভৱনে?

 হয়, সম্ভৱ। আজ্ঞা পালন নকৰা প্ৰাচীন ইস্ৰায়েলী লোকসকলক ঈশ্বৰে এইদৰে কৈছিল: “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, তাৰহে নাম মই মোৰ পুস্তকৰ পৰা কাটি পেলাম।” (যাত্ৰাপুস্তক ৩২:৩৩) কিন্তু যদি আমি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমাৰ নাম ‘জীৱন-পুস্তকত’ সদায় কালৰ কাৰণে থাকিব।​—প্ৰকাশিত বাক্য ২০:১২.