Skip to content

ঈশ্বৰে কিছুমান প্ৰাৰ্থনা নুশুনাৰ দুটা কাৰণ কি?

ঈশ্বৰে কিছুমান প্ৰাৰ্থনা নুশুনাৰ দুটা কাৰণ কি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 ঈশ্বৰে কিয় সকলো প্ৰাৰ্থনাৰ উত্তৰ নিদিয়ে? এজন ব্যক্তিৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনাৰ দুটা কাৰণ বিবেচনা কৰক।

১. ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কৰা প্ৰাৰ্থনা

 বাইবেলত উল্লেখ কৰা অনুসৰি, ঈশ্বৰৰ প্ৰয়োজনীয়তাবোৰৰ বিৰুদ্ধে বা তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে যদি কোনোবাই প্ৰাৰ্থনা কৰে, তেনেহʼলে তেনে প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে নিদিয়ে। (১ যোহন ৫:১৪) উদাহৰণস্বৰূপে, আমি আনৰ বস্তুৰ প্ৰতি লোভ কৰাৰপৰা আঁতৰি থাকিবলৈ বাইবেলে আজ্ঞা দিছে। জুৱা খেলে এজন ব্যক্তিক লুভীয়া কৰি তোলে। (১ কৰিন্থীয়া ৬:​৯, ১০) গতিকে, যদি কোনোবাই লটাৰী জিকাৰ বাবে প্ৰাৰ্থনা কৰে, তেনেহʼলে ঈশ্বৰে তেনে প্ৰাৰ্থনা কেতিয়াও নুশুনে। ঈশ্বৰ কোনো জিন বা দেৱতা নহয়, যাক আমি আমাৰ ইচ্ছা পূৰ কৰাৰ বাবে মাতিব পাৰোঁ। আচলতে, ইয়াৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। নহʼলে আন লোকসকলে ঈশ্বৰক কি কৰিবলৈ অনুৰোধ কৰিব, তাৰ বাবে আমি হয়তো ভয়ত থাকিবলগীয়া হʼলহেঁতেন।—যাকোব ৪:৩.

২. বিদ্ৰোহী লোকসকলৰ প্ৰাৰ্থনা

 যিসকলে বিদ্ৰোহ আচৰণৰ যোগেদি ঈশ্বৰক অসন্তুষ্ট কৰে, তেওঁলোকৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনে। উদাহৰণস্বৰূপে, যিসকলে ঈশ্বৰক উপাসনা কৰোঁ বুলি দাবী কৰে, কিন্তু প্ৰকৃততে বিদ্ৰোহ আচৰণ কৰে, তেওঁলোকৰ বিষয়ে ঈশ্বৰে এইদৰে কৈছে: “তোমালোকে হাত মেলিলে, মই তোমালোকৰ পৰা নিজ চকু ঢাকিম; এনে কি, তোমালোকে বিস্তৰ প্ৰাৰ্থনা কৰিলেও মই নুশুনিম; তোমালোকৰ হাত তেজেৰে পূৰ হৈছে।” (যিচয়া ১:১৫) কিন্তু যদি তেওঁলোকে নিজৰ পথ সলনি কৰে আৰু “তৰ্কবিতৰ্ক” কৰি ঈশ্বৰৰ কাষ চাপে, তেনেহʼলে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব।—যিচয়া ১:১৮.