Skip to content

অশ্লীল ছবি চোৱাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে? চাইবাৰ চেক্স ভুল নেকি?

অশ্লীল ছবি চোৱাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে? চাইবাৰ চেক্স ভুল নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 অশ্লীল ছবি, চাইবাৰ চেক্স আৰু এনেধৰণৰ আন আন কাৰ্য্যবোৰৰ বিষয়ে বাইবেলত পোনপটিয়াকৈ উল্লেখ কৰা নাই। কিন্তু বিবাহৰ বাহিৰত যৌন-সম্পৰ্ক অথবা যৌন-সম্পৰ্কৰ প্ৰতি ভুল ধাৰণা পোষণ কৰাৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি তাৰ বিষয়ে বাইবেলত স্পষ্টৰূপে বৰ্ণনা আছে। নিম্নলিখিত বাইবেল পদবোৰলৈ ধ্যান দিয়ক:

  •   “এতেকে তোমালোকে, পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা।” (কলচীয়া ৩:৫) অশ্লীল ছবিবোৰ উপভোগ কৰিলে, এজন ব্যক্তিৰ বাসনাবোৰ মাৰি নেপেলাই, কিন্তু অসৎ বাসনাবোৰৰ বাবে উত্তেজিত কৰে। ইয়ে ঈশ্বৰৰ দৃষ্টিত এজন ব্যক্তিক অপৰিষ্কাৰ বা মলিয়ন কৰি তোলে।

  •   “যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।” (মথি ৫:​২৮) অনৈতিক যৌন-কাৰ্য্যবোৰৰ দৃশ্যই মনত বেয়া ভাৱৰ সূচনা কৰে আৰু ইয়ে বেয়া কাৰ্য্য কৰিবলৈ পৰিচালিত কৰে।

  •   “ব্যভিচাৰ আদি কৰি সকলো অশুচি কৰ্ম্মৰ বা লোভৰ নামো তোমালোকৰ মাজত উচ্চাৰিত নহওক।” (ইফিচীয়া ৫:৩) আমি আনন্দ আৰু ফূৰ্তিৰ বাবে অনৈতিক যৌন-কাৰ্য্যবোৰৰ দৃশ্য চোৱা অথবা এইবোৰৰ ওপৰত থকা কিতাপ-পত্ৰ পঢ়া উচিত নহয়।

  •   “কিন্তু মাংসৰ কাৰ্য্যবোৰ জনাজাত; সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য্য, . . . আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য্য; এই সকলোৰ বিষয়ে যেনেকৈ মই পূৰ্ব্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে, তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।” (গালাতীয়া ৫:​১৯-​২১) যিসকল লোকে অশ্লীল ছবি চায় অথবা চাইবাৰ চেক্স, ফোন চেক্সৰ লগত জড়িত থাকে, তেওঁলোক ঈশ্বৰৰ দৃষ্টিত নৈতিকভাৱে দুষিত আৰু অপৰিষ্কাৰ। যদি আমি এনেধৰণৰ কাৰ্য্যবোৰত জড়িত হৈ থাকোঁ, তেনেহʼলে আমি সম্পূৰ্ণৰূপে ঈশ্বৰৰ অনুগ্ৰহৰপৰা বঞ্চিত হʼম।